চাপৰঃ ধুবুৰী জিলাৰ চাপৰৰ বাসিন্দা তথা বিশিষ্ট গণিতজ্ঞ, শিক্ষাবিদ, কৃতি শিক্ষক, অসম গণিত শিক্ষায়তন চাপৰ শাখাৰ সভাপতি তথা চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অৰুণ কুমাৰ কংসবনিক (৮১) আৰু নাই। শুকুৰবাৰে সন্ধিয়া ৭ মান বজাত গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে শিক্ষকগৰাকীয়ে। কৃতী শিক্ষকগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰে সমগ্ৰ চাপৰ অঞ্চলত। আজি
চাপৰঃ ধুবুৰী জিলাৰ চাপৰৰ বাসিন্দা তথা বিশিষ্ট গণিতজ্ঞ, শিক্ষাবিদ, কৃতি শিক্ষক, অসম গণিত শিক্ষায়তন চাপৰ শাখাৰ সভাপতি তথা চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অৰুণ কুমাৰ কংসবনিক (৮১) আৰু নাই। শুকুৰবাৰে সন্ধিয়া ৭ মান বজাত গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে শিক্ষকগৰাকীয়ে। কৃতী শিক্ষকগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰে সমগ্ৰ চাপৰ অঞ্চলত। আজি শিক্ষকগৰাকীৰ নশ্বৰদেহ চাপৰৰ কলনীস্থিত নিজ বাসভৱনত আহি পোৱাৰ লগে লগে সহস্ৰাধিক গুণমুগ্ধ আহি শিক্ষকগৰাকী লৈ অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে। উল্লেখযোগ্য যে ১৯৪৩ চনৰ ১৯ জুনত জন্মগ্ৰহণ কৰিছিল অৰুণ কুমাৰ কংসবনিক। পিতৃ আছিল প্ৰয়াত ইন্দ্ৰ ভূষণ কংসবনিক আৰু মাতৃ আছিল জশদা কংসবনিক। ১৯৫৯ চনত মেট্ৰিক পাছ কৰাৰ পিছত ১৯৬৩ চনত B.S.C আৰু ১৯৬৫ চনত M.Sc পাছ কৰে। ১৯৬৩ চনত চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখাত গণিতৰ শিক্ষক হিচাপে চাকৰীত যোগদান কৰিছিল। বিশিষ্ট গণিতজ্ঞ হিচাপে পৰিচিত শিক্ষকগৰাকী ১৯৯৭ চনত কৃতি শিক্ষকৰূপে ৰাজ্যিক বটা লাভ কৰিছিল। ২০০১ চনত চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ভাৰপ্ৰাপ্ত অধ্যক্ষৰূপে অৱসৰ গ্ৰহণ কৰিছিল। তেখেত অসম গণিত শিক্ষায়তন’ৰ ৰাজ্যিক সমিতিৰ এজন অন্যতম বিষয়ববীয়া হোৱাৰ উপৰি উচ্চতৰ মাধ্যমিকৰ গণিত বিষয়ৰ পাঠ্যপুথিও প্ৰণয়ন কৰিছিল। কৃতী শিক্ষকগৰাকীৰ নশ্বৰদেহ চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে চাপৰ সাহিত্য সভা ভৱন আৰু ৰত্নপীঠ মহাবিদ্যালয়ত লৈ আহি অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেখেতৰ আত্মাৰ চিৰশান্তি কামনাৰ্থে এক মিনিট মৌন প্ৰাৰ্থনা কৰে চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে। চাপৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে চাপৰ মাল্টিমিডিয়া প্ৰেছ ক্লাবে শিক্ষকগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনফালে, দুপৰীয়া বাৰ বজালৈ চাপৰ বজাৰ বন্ধ ৰাখি শিক্ষকগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত ইহ সংসাৰত একমাত্ৰ পুত্ৰ সন্তান এৰি থৈ যায় বিশিষ্ট শিক্ষকগৰাকীয়ে।


















Leave a Comment
Your email address will not be published. Required fields are marked with *