728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

নগাঁৱৰ কাছমাৰীত বিনামূলীয়া পশু স্বাস্থ্য শিবিৰ সম্পন্ন

নগাঁৱৰ কাছমাৰীত বিনামূলীয়া পশু স্বাস্থ্য শিবিৰ সম্পন্ন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২ আগষ্টঃ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ উদ্যোগত বিগত সময়ছোৱাত পশুপালকসকলৰ সুবিধাৰ্থে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । ইয়াৰ অংশহিচাপে দুখীয়া পশুপালকৰ জীৱ-জন্তৰ কল্যাণাৰ্থে কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু খাগৰিজান খণ্ড পশু চিকিৎসালয় সহযোগত বৃহস্পতিবাৰে জিলাখনৰ কাছমাৰীত এটি বিনামূলীয়া পশু স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয় । উক্ত শিবিৰত

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২ আগষ্টঃ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ উদ্যোগত বিগত সময়ছোৱাত পশুপালকসকলৰ সুবিধাৰ্থে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । ইয়াৰ অংশহিচাপে দুখীয়া পশুপালকৰ জীৱ-জন্তৰ কল্যাণাৰ্থে কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু খাগৰিজান খণ্ড পশু চিকিৎসালয় সহযোগত বৃহস্পতিবাৰে জিলাখনৰ কাছমাৰীত এটি বিনামূলীয়া পশু স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয় । উক্ত শিবিৰত প্ৰায় দুই শতাধিক গৰু, ছাগলী, হাঁহ আৰু কুকুৰাক নানা প্ৰকাৰৰ চিকিৎসা প্ৰদান কৰাৰ লগতে স্বাস্থ্যজনিত পৰামৰ্শ আগবঢ়োৱা হয় । শিবিৰটোত উপস্থিত থাকি কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ মুৰব্বী ড° নিৰঞ্জন ডেকাই পশুপালক সকলক নিয়মীয়াকৈ বিভিন্ন ৰোগৰ প্ৰতিষেধকবোৰ সঠিক সময়ত দিয়াবলৈ অনুৰোধ জনোৱাৰ বিপৰীতে কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ পশু বিজ্ঞান বিশেষজ্ঞ ড° অনিমেষ ডেকাই বৈজ্ঞানিক পদ্ধতিৰে ব্যৱসায়ীক ভিত্তিত পশু-পক্ষী পালনৰ ওপৰত গুৰুত্ব আৰোপ কৰে । শিবিৰটোত খণ্ড পশু চিকিৎসা বিষয়া ডাঃ মুস্তাফা আহমেদ উপস্থিত থাকি যথাযোগ্য সহায় আগবঢ়ায় ৷ শিবিৰত কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ সামুহিক বিজ্ঞান বিশেষজ্ঞা ড° আছফিকা ইছলাম, কাৰ্যসূচী সহায়ক(মীন)ৰূপ কুমাৰ টায়ে, ষ্টেনোগ্ৰাফাৰ জুৰি খাউন্ড, কৰ্মচাৰী ৰবীন বৰা, ৰাজনীশ সেন, ৰাজ্যিক পশুচিকিৎসালয়ৰ কৰ্মচাৰীবৃন্দ, পশুসখী, জীৱিকাসখী আৰু কৃষিসখীৰ লগতে অঞ্চলৰ শতাধিক ৰাইজ উপস্থিত থাকে ৷

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!