নলবাৰীত PFMSৰ জৰিয়তে পুঁজিৰ আনুষ্ঠানিক বিতৰণ অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা এখন ৰাজ্যৰ যেতিয়া উৎপাদন বৃদ্ধি হয়, তেতিয়াহে ৰাজ্যখন প্ৰকৃতাৰ্থত আগবাঢ়ি যোৱা বুলি কয়। উৎপাদন আমি কেনেকৈ বঢ়াব পাৰো, সেয়াই আমাৰ লক্ষ্য হোৱা উচিত।- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। নলবাৰীত ভূমি সংৰক্ষণ বিভাগৰ দ্বাৰা আজি আয়োজিত PFMSৰ জৰিয়তে পুঁজিৰ আনুষ্ঠানিক বিতৰণ অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে এই
নলবাৰীত PFMSৰ জৰিয়তে পুঁজিৰ আনুষ্ঠানিক বিতৰণ অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
এখন ৰাজ্যৰ যেতিয়া উৎপাদন বৃদ্ধি হয়, তেতিয়াহে ৰাজ্যখন প্ৰকৃতাৰ্থত আগবাঢ়ি যোৱা বুলি কয়। উৎপাদন আমি কেনেকৈ বঢ়াব পাৰো, সেয়াই আমাৰ লক্ষ্য হোৱা উচিত।- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। নলবাৰীত ভূমি সংৰক্ষণ বিভাগৰ দ্বাৰা আজি আয়োজিত PFMSৰ জৰিয়তে পুঁজিৰ আনুষ্ঠানিক বিতৰণ অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসমখনক এটা বেলেগ দিশেৰে গতি কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাম কৰি আছে। সেই দিশটো হ’ল যে আমি প্ৰতিযোগিতা কৰিব লাগিব নিজৰ মাজত। আমাৰ এই প্ৰতিযোগিতা হ’ল উৎপাদনৰ প্ৰতিযোগিতা। মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে এটা সময় আছিল এই অঞ্চলৰ মানুহে প্ৰতিযোগিতাতো বাদেই, আন্দোলন, ধৰ্ণা এইবিলাকতে ব্যস্ত হৈ থাকিব লগা হৈছিল। এতিয়া আত্মসহায়ক গোটৰ বাইদেউসকলৰ সময়েই নাই, এটাৰ পিছত এটা কামত ব্যস্ত থাকিব লগা হৈছে। তেওঁ পুনৰ কয় যে এই কাম বিলাকৰ মূল লক্ষ্য হ’ল আমি কেনেকৈ উৎপাদন বঢ়াব পাৰো। এখন ৰাজ্যৰ যদি উৎপাদন বৃদ্ধি হয়, তেতিয়াহে ৰাজ্যখন প্ৰকৃতাৰ্থত আগবাঢ়ি যোৱা বুলি কয়। আমাৰ ৰাজ্যখন এনেকুৱা এখন ৰাজ্য আছিল, যে চাউলো বাহিৰৰ পৰা আহে, দালিও বাহিৰৰ পৰা আহে, মাছো বাহিৰৰ পৰা আহে, মাংসও বাহিৰৰ পৰা আহে, কণীও বাহিৰৰ পৰা আহে, সকলো বাহিৰৰ পৰা আহে। আৰু আমি উপভোক্তা ৰাজ্য হিচাপে সেইবিলাক গ্ৰহণ কৰি থাকো। কিন্তু এতিয়া আমাৰ চৰকাৰ অহাৰ পিছত বাহিৰৰ পৰা বস্তু অহা লাহে লাহে কমি গ’ল। এতিয়া আমি বাহিৰৰ পৰা মাছ অহা বন্ধ কৰি দিলো, চাউল আমি বাহিৰৰ পৰা নানো। আমি গাঁৱে গাঁৱে চাউল কিনা আৰম্ভ কৰি দিলো। অসম চৰকাৰে ধান কিনে, আমি কিনা ধানেৰে আমাৰ মানুহক চাউল দিব পৰা হৈছো। ভাষণত মন্ত্ৰীগৰাকীয়ে পাঞ্জাৱৰ প্ৰসংগ উত্থাপন কৰি কয় যে আগতে চাউল পাঞ্জাৱৰ পৰা অসমলৈ আহিছিল, এতিয়া নাহে। এতিয়া চাউল আমাৰ ইয়াতে উৎপাদন হয়। আগতে কণ্ট্ৰলৰ চাউল মানে গোন্ধোৱা চাউল, কাৰণ সেই চাউল আহিছিল পাঞ্জাৱৰ পৰা। আজিকালি কণ্ট্ৰলৰ চাউল নোগোন্ধায়, কিয়নো এই চাউল আমি উৎপাদন কৰা চাউল। তেওঁ পুনৰ কয় যে আমি দালি আৰু মিঠাতেল উৎপাদন কৰিব পৰা নাই। সেই কাৰণে আমি অসম চৰকাৰে এইবাৰ সঁৰিয়হ কিনাৰ সিদ্ধান্ত লৈছো, যাতে উপযুক্ত দাম পাই খেতিয়কসকলে মিঠাতেল বনাব পাৰে। মাকৈ কিনাৰ কথাও চৰাকৰে চিন্তা কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰি কয় যে কাৰণ ১ বিঘা মাটিত মাকৈৰ খেতি কৰিলে ১৫-২০ হাজাৰ টকা উপাৰ্জন কৰিব পাৰি। যিবিলাক খেলি কৰিলে বেছিকৈ ইনকাম কৰিব পাৰি, আমি তেনেকুৱা খেতি বিলাক কৰাব বিচাৰিছো তেওঁ মন্তব্য কৰে। এই উৎপাদিত ফচল চৰকাৰে কিনি ল’ব বুলি তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে কয় যে এটা সময় আছিল আমি ৩০০ টকা, ৪০০ টকা মোনত ধান বিক্ৰী কৰিব লগা হৈছিল। এতিয়া চৰকাৰে ধান মোনে প্ৰতি ২২০০ টকাত কিনি লয়। আমি এনেধৰণৰ এটা প্ৰতিযোগিতা কৰিব বিচাৰিছো মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মন্তব্য কৰে।
উল্লেখ্য যে নলবাৰীত চাৰিখন জলচ্ছেদ কমিটীৰ দ্বাৰা ২৩ খন গাঁৱৰ কাম কৰাৰ লক্ষৰে ২০২২ বৰ্ষত আপাৰ পালগাদিয়া জলচ্ছেদ প্ৰকল্প আৰম্ভ কৰা হৈছিল। এই জলচ্ছেদ প্ৰকল্প বিলাকৰ ভিতৰত ঢেলামাৰী, মহিলা, চটাইবাৰী, মাজুহিৰা, বালিতাৰা ১, ২, ৩, ৪, ৰঙাপলী, কেহেৰুৱা, সাগৰকুছি ১, ২, ৩, ৪, বৰবিষ্ণুপুৰ, বৰঘোপা, হাবলাখা, নীলপুৰ, ধানবিষ্ণুপুৰ, ক্ষুদ্ৰ বিষ্ণুপুৰ, সৰকুছি, কাতিকুছি, বীৰঝাৰি আৰু যুগুৰকুছি শ্ৰীপুৰ এই গোটেইকেইখন গাঁৱক মিলাই চাৰিটা জলচ্ছেদ প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছিল। এই প্ৰকল্পৰ জৰিয়তে ইতিমধ্যে বহু কাম সম্পন্ন কৰা হৈছে। এই প্ৰকল্পৰ অধীনত আজি প্ৰডাকচন ছিষ্টেমৰ ৮০ গৰাকী হিতাধিকাৰীক ২৬-২৭ হাজাৰ টকাৰ পৰা ৪৪ হাজাৰলৈকে প্ৰদান কৰা হয়। নেমু গছ বা কলগছ লগাবৰ কাৰণে, মীন পালনৰ বাবে এই ধন প্ৰদান কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। ইয়াৰ পিছত জীৱিকাৰ বিভিন্ন ধৰণৰ কাম-কাজৰ বাবে ১৭৫ টা আত্মসহায়ক গোটক ১৮ হাজাৰৰ পৰা ২৫ হাজাৰ টকালৈকে প্ৰদান কৰা হয়। যেনে গাহৰি পালন, গৰু পালন, বিউটা পাৰ্লাৰ, জাম-জেলী প্ৰস্তুতকৰণ আদিৰ কাৰণে এই ধন প্ৰদান কৰা হয়। এই ধন বিতৰণ যাতে স্বচ্ছভাৱে হয় তাৰ কাৰণে এনেদৰে ৰাজহুৱাভাৱে বিতৰণ কৰা হয় বুলি মন্ত্ৰীগাৰাকীয়ে জানিবলৈ দিয়ে। ইয়াৰ পিছত ২৩৪ টা প্ৰডাকচন ছিষ্টেমৰ হিতাধিকাৰীক প্ৰায় ৪৬ লাখ টকা প্ৰদান কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত প্ৰকাশ কৰে। আজি ৮০ গৰাকী হিতাধিকাৰীক ২৯ লাখ ৮০ হাজাৰ টকা প্ৰদান কৰাৰ বিপৰীতে ১৭৫ টা আত্মসহায়ক গোটক ৩৯ লাখ ৯৯ হাজাৰ টকা প্ৰদান কৰা হয়। আজি প্ৰায় ৭০ লাখ টকা বিতৰণ কৰা হয়। ভূমি সংৰক্ষণ বিভাগৰ অধীনত ২৩ খন গাঁৱৰ উপভোক্তাসকলক এইদৰে ধন বিতৰণ কৰিবলৈ পাই মন্ত্ৰীগৰাকীয়ে সন্তোষ প্ৰকাশ কৰে আৰু ভৱিষত্যলৈ এনেধৰণৰ কাম চলি থাকিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে।


















Leave a Comment
Your email address will not be published. Required fields are marked with *