নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩১ জুলাইঃ বৰ্তমান সময়ত আধুনিকতাৰ ধামখুমীয়াত পৰি সমাজৰ একাংশ যুৱক পথভ্ৰষ্ট হৈ পৰা গৈছে ৷ অৱশ্যে ইয়াৰ মাজতো সমাজত এনে এচাম যুৱক আছে, যিসকলে সমাজৰ হকে সেৱা আগবঢ়াই বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ তেনে এজন যুৱক হৈছে মধ্য অসমৰ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটৰ ভাস্কৰ জ্যোতি বৰা ৷
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩১ জুলাইঃ বৰ্তমান সময়ত আধুনিকতাৰ ধামখুমীয়াত পৰি সমাজৰ একাংশ যুৱক পথভ্ৰষ্ট হৈ পৰা গৈছে ৷ অৱশ্যে ইয়াৰ মাজতো সমাজত এনে এচাম যুৱক আছে, যিসকলে সমাজৰ হকে সেৱা আগবঢ়াই বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ তেনে এজন যুৱক হৈছে মধ্য অসমৰ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটৰ ভাস্কৰ জ্যোতি বৰা ৷ চকলাঘাটৰ গজপুৰীয়া নিবাসী পদুম বৰা আৰু লিলি বৰাৰ সুযোগ্য সন্তান ভাস্কৰ জ্যোতিয়ে দীৰ্ঘদিনৰে পৰা প্ৰকৃতিৰ ৰক্ষাৰ উদ্দেশ্যে পৰিৱেশ সংৰক্ষণমূলক কৰ্মৰ অংশহিচাপে সৰ্প উদ্ধাৰ অভিযানৰ দ্বাৰা প্ৰকৃতি সংৰক্ষণৰ বাবে নিঃস্বাৰ্থভাবে সেৱা আগবঢ়াই আহিছে ৷ কলা শাখাৰ স্নাতক ডিগ্ৰীধাৰী এইগৰাকী প্ৰকৃতিপ্ৰেমী যুৱকে ২০১৯ চনৰ পৰা মানুহৰ ঘৰ বা ঘৰৰ চৌহদৰ পৰা বিপদত পৰা বিভিন্ন প্ৰজাতিৰ বিষধৰ সৰ্পৰ লগতে নানা বিধৰ বনৰীয়া পশু-পক্ষী উদ্ধাৰ কৰি পুনৰ সংস্থাপনৰ বাবে বনাঞ্চলত এৰি দিয়াৰ দৰে প্ৰশংসনীয় কাম সম্পাদন কৰি আহিছে ৷ ইয়াৰ ভিতৰত এশটাৰো অধিক বিষাক্ত চকৰি ফেঁটীকে ধৰি আন বহু প্ৰজাতিৰ সাত শতাধিক সৰ্পৰ লগতে বহুকেইটা বিৰল প্ৰজাতিৰ জন্তু আৰু পক্ষী উদ্ধাৰ কৰি প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰি আহিছে ৷ সেয়ে এনে কৰ্মৰ স্বীকৃতি হিচাপে শেহতীয়াভাবে প্ৰকৃতিপ্ৰেমী উদ্যমী যুৱক ভাস্কৰ জ্যোতিক বিশ্ব সৰ্প দিৱসৰ লগত সংগতি ৰাখি তেজপুৰৰ বালীৰাম লহকৰ সভাগৃহত সৰ্পবান্ধৱ সৌৰভ বৰকটকী টিমৰ ফালৰ পৰা সৰ্প বন্ধু-২০২৪ উপাধি প্ৰদান কৰা হয় । উল্লেখ্য, ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসাধু চক্ৰই আৰক্ষী আৰু বন বিভাগৰ চকুত ধূলি দি বনৰীয়া পশু-পক্ষী নিধন কৰি ইয়াৰ ছাল, নখ, দাঁত, হাড় আদিৰ চোৰাং বেহা চলাই অহাৰ সময়তে প্ৰকৃতিপ্ৰেমী যুৱক ভাস্কৰ জ্যোতি বৰাৰ এনে পদক্ষেপৰ সচেতন মহলে শলাগ লৈছে৷


















Leave a Comment
Your email address will not be published. Required fields are marked with *