নিউজ ডেস্কঃ BTR দখলৰ লক্ষ্যৰে বাজপেয়ী ভৱনত মঙলবাৰে অনুষ্ঠিত হয় বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী। BTRৰ ৫ খন জিলাৰ ৪ শতাধিক লোকে যোগদান কৰে বিজেপিত। ইয়াৰে অধিকাংশ বি পি এফ দলৰ। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ পৃষ্ঠপোষকতাত এই যোগদান কাৰ্যসূচী হয়। অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী পীযুষ হাজৰীকা, জয়ন্তমল্ল বৰুৱা, বিধায়ক মানৱ ডেকা, ৰূপক শৰ্মা
নিউজ ডেস্কঃ BTR দখলৰ লক্ষ্যৰে বাজপেয়ী ভৱনত মঙলবাৰে অনুষ্ঠিত হয় বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী। BTRৰ ৫ খন জিলাৰ ৪ শতাধিক লোকে যোগদান কৰে বিজেপিত। ইয়াৰে অধিকাংশ বি পি এফ দলৰ। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ পৃষ্ঠপোষকতাত এই যোগদান কাৰ্যসূচী হয়। অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী পীযুষ হাজৰীকা, জয়ন্তমল্ল বৰুৱা, বিধায়ক মানৱ ডেকা, ৰূপক শৰ্মা প্ৰমুখ্যে বহু বিজেপি নেতা উপস্থিত থাকে। অনুষ্ঠানত ওদালগুৰি জিলাৰ ১২৭ গৰাকী, বাক্সা জিলাৰ ১৬ গৰাকী, কোকৰাঝাৰ জিলাৰ ১৮৯ গৰাকী, চিৰাং জিলাৰ ৮৮ গৰাকী, তামুলপুৰ জিলাৰ ৩৩ গৰাকী মুঠ ৪৪৩ গৰাকীয়ে বিজেপিত যোগদান কৰে।

অনুষ্ঠানৰ পিছত সাংবাদিকক সম্বোধন কৰি ভৱেশ কলিতাই কয় যে ২০২৫ৰ ডিচেম্বৰত অনুষ্ঠিত হ’ব BTRৰ নিৰ্বাচন। আজিৰ যোগদানে BTRত বিজেপিক অধিক শক্তিশালী কৰিব। তেওঁ জনায় যে অহা ৪ আগষ্টত বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক অনুষ্ঠিত হ’ব। কলিতাই লগতে কয় যে বিজেপি এটা বিচাৰধাৰাৰ দল। এই বিচাৰধাৰাৰ প্ৰতি আকৃষ্ট হৈ অনাগত দিনত বহুত লোক বিজেপিত যোগদান কৰিবলৈ ৰৈ আছে। অসমত ২০২৬ চনত ১০০ খনৰো অধিক আসন লাভ কৰি পুনৰ বিজেপিৰে চৰকাৰ হ’ব।


















Leave a Comment
Your email address will not be published. Required fields are marked with *