728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

ঘোঁৰামাৰাত ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ উদ্যোগত হস্তকলাৰ কৰ্মশালা

ঘোঁৰামাৰাত ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ উদ্যোগত হস্তকলাৰ কৰ্মশালা

নিউজ ডেস্কঃ ভাষা-সাহিত্য-সংস্কৃতি আৰু সামাজিক সেৱাত উৎসৰ্গিত বেচৰকাৰী পঞ্জীয়নভুক্ত অনুষ্ঠান ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ উদ্যোগত শিশুৰ উৎকৰ্ষ সাধনৰ বাবে ঘোঁৰামাৰাৰ আলোক সন্ধানী অকণিৰ মেলৰ অকণিহঁতৰ মাজত ২৭ আৰু ২৮ মাৰ্চত দুদিনীয়াকৈ হস্তকলাৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰথমদিনা পুৰণি বাতৰি কাগজেৰে সামগ্ৰী বনাবলৈ শিকোৱা হয় আৰু দ্বিতীয় দিনা এম্ব্ৰডায়েৰীৰ প্ৰাৰম্ভিক পাঠ শিকোৱা হয়। পৰ্যায়ক্ৰমে পিছৰ দেওবাৰবোৰত

নিউজ ডেস্কঃ ভাষা-সাহিত্য-সংস্কৃতি আৰু সামাজিক সেৱাত উৎসৰ্গিত বেচৰকাৰী পঞ্জীয়নভুক্ত অনুষ্ঠান ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ উদ্যোগত শিশুৰ উৎকৰ্ষ সাধনৰ বাবে ঘোঁৰামাৰাৰ আলোক সন্ধানী অকণিৰ মেলৰ অকণিহঁতৰ মাজত ২৭ আৰু ২৮ মাৰ্চত দুদিনীয়াকৈ হস্তকলাৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰথমদিনা পুৰণি বাতৰি কাগজেৰে সামগ্ৰী বনাবলৈ শিকোৱা হয় আৰু দ্বিতীয় দিনা এম্ব্ৰডায়েৰীৰ প্ৰাৰম্ভিক পাঠ শিকোৱা হয়। পৰ্যায়ক্ৰমে পিছৰ দেওবাৰবোৰত এম্ব্ৰডায়েৰীৰ শ্ৰেণী নিয়মিতভাৱে অনুষ্ঠিত কৰাৰ পৰিকল্পনা আছে। এম্ব্ৰডায়েৰী কৰ্মশালাত কেইগৰাকীমান মাতৃকো সামৰা হৈছে যাতে তেওঁলোকে ভৱিষ্যতে ইয়াৰ দ্বাৰা উপাৰ্জনৰ বাট বিচাৰি ল’ব পাৰে। উল্লেখ্য যে আলোক সন্ধানী অকণিৰ মেলৰ অধিকাংশ অকণিৰ অভিভাৱক নিম্ন আয়ৰ। এই প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে উপস্থিত থাকে নিজৰ হস্তকলাৰে ইতিমধ্যে সমাদৃত স্পন্দনৰ পুৰণি আৰু সক্ৰিয় সদস্য মণিমালা শইকীয়া। লগতে সভাপতি ময়ূৰী দত্ত, সম্পাদক দেৱব্ৰত বৰা, কাৰ্যবাহী সদস্য অৰুণা শইকীয়া প্ৰমুখ্যে সদস্যসকল উপস্থিত থাকে। কৰ্মশালাৰ দুয়োদিন প্ৰশিক্ষাৰ্থীসকলৰ মাজত লঘু আহাৰ বিতৰণ কৰা হয়।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos