728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

সোনাইপৰীয়া শিল্পী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উদযাপন,গীত-মাত-নৃত্যৰে উজলিল জগজ্জ্যোতি সাংস্কৃতিক মঞ্চ

সোনাইপৰীয়া শিল্পী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উদযাপন,গীত-মাত-নৃত্যৰে উজলিল জগজ্জ্যোতি সাংস্কৃতিক মঞ্চ

বগীৰাম বৰবায়নক ‘সোনাইপৰীয়া শিল্পী বঁটা’ প্ৰদান নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৭ জুলাইঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ সোণাই নদীৰ পাৰৰ এক বৃহত্তৰ অঞ্চলৰ শিল্পীসকলৰ ঐকান্তিক আৰু আশাশুধীয়া প্ৰচেষ্টাত সামাজিক তথা সাংস্কৃতিক ক্ষেত্ৰখনৰ উৎকৰ্ষ সাবগীৰাম বৰবায়নক ‘সোনাইপৰীয়া শিল্পী বঁটা’ প্ৰদানধনৰ সংকল্পৰে গঠিত ‘সোণাইপৰীয়া শিল্পী মঞ্চ’ৰ প্রতিষ্ঠা দিৱসটি জগজ্জ্যোতি সাংস্কৃতিক সংঘৰ সহযোগত যোৱা ২৬ জুলাইত দিনজোৰা বিস্তৃত কাৰ্যক্ৰমণিকাৰে

বগীৰাম বৰবায়নক ‘সোনাইপৰীয়া শিল্পী বঁটা’ প্ৰদান

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৭ জুলাইঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ সোণাই নদীৰ পাৰৰ এক বৃহত্তৰ অঞ্চলৰ শিল্পীসকলৰ ঐকান্তিক আৰু আশাশুধীয়া প্ৰচেষ্টাত সামাজিক তথা সাংস্কৃতিক ক্ষেত্ৰখনৰ উৎকৰ্ষ সাবগীৰাম বৰবায়নক ‘সোনাইপৰীয়া শিল্পী বঁটা’ প্ৰদানধনৰ সংকল্পৰে গঠিত ‘সোণাইপৰীয়া শিল্পী মঞ্চ’ৰ প্রতিষ্ঠা দিৱসটি জগজ্জ্যোতি সাংস্কৃতিক সংঘৰ সহযোগত যোৱা ২৬ জুলাইত দিনজোৰা বিস্তৃত কাৰ্যক্ৰমণিকাৰে উদযাপন কৰা হয় । হাতীচোং মৌজাৰ মাজগাঁওস্থিত জগজ্জ্যোতি সাংস্কৃতিক মঞ্চত বেছ ওলহ-মালহেৰে আয়োজিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ পুৱাৰ ভাগত সোণাইপৰীয়া সাংস্কৃতিক মঞ্চৰ সভাপতি জিতু শ্ৰাৱনৰ দ্বাৰা পতাকা উত্তোলনেৰে পাতনি মেলা হয় ৷ ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰী মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় । মানস বৰা বিচাৰক হিচাপে থকা প্ৰতিযোগিতাত ‘ক’ শাখাত লিখিলেশ শইকীয়াই প্ৰথম, ৰাগৱী কাশ্যপে দ্বিতীয় আৰু আৰোহী শ্ৰাৱণে তৃতীয় তথা ‘খ’ শাখাত অৰুণাভ কৌশিকে প্ৰথম, মনীষা বৰাই দ্বিতীয় আৰু সম্প্ৰীতি বৰাই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ বিয়লি কণ কণ শিশু আৰু চেমনীয়া সকলৰ প্ৰতিভা বিকাশৰ লক্ষ্যৰে নৃত্য, গীত আৰু কবিতাৰ মনোমোহা অনুষ্ঠান অনুষ্ঠিত হয় ৷ ডেৰ কুৰিৰো অধিক শিশু আৰু চেমনিয়াই অংশ লোৱা অনুষ্ঠানটি সামগ্ৰীকভাৱে আঁ‌ত ধৰে সোণাইপৰীয়া কবি সন্মিলনৰ সভাপতি সঞ্জীৱ সাগৰ চৌধুৰীয়ে । সন্ধিয়া বন্তি প্ৰজ্বলনৰ অন্তত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত সত্ৰীয়া কৃষ্টি-সংস্কৃতিৰ সাধক বগীৰাম বৰবায়নক ‘সোণাইপৰীয়া শিল্পী বঁ‌টা” প্ৰদান কৰা হয় ৷ উদ্যমী যুৱক দৰ্শন মহন্তই আঁত ধৰা অনুষ্ঠানটিত উদযাপন সমিতিৰ সভাপতি দয়ানন্দ গোস্বামী, লোকশিল্পী দেৱ কুমাৰ শইকীয়া, প্ৰৱীণ নাট্যকৰ্মী দেৱ কুমাৰ বৰা, সাংবাদিক জ্যোতি প্ৰসাদ বৰা, অভিনেতা পংকজ বৰুৱাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷ ইয়াৰ পিছতে আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ বৰ বিহুৱতী জাগৃতি কলিতাই আঁত ধৰা উক্ত অনুষ্ঠানত কাঁ‌চিয়লি নাট্যগোষ্ঠীৰ শিশু শিল্পীসকলে ভৱজিত শইকীয়াৰ নাট্যৰূপ আৰু পৰিচালনাত ‘সৰৱজান’ শীৰ্ষক নাটখনি মঞ্চস্থ কৰাৰ পিছতে কণ্ঠশিল্পী ৰিতু বিকাশ, দুলুমনি শইকীয়া আৰু দীপাংকগিৰি দেৱগোস্বামীৰ লগতে সোণাইপৰীয়া শিল্পীসকলে সংগীতানুষ্ঠান পৰিবেশন কৰে ৷

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!