নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৬ জুলাইঃ অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট আৰু ৰাজ্যিক কৃষি বিভাগৰ যুটীয়া উদ্যোগত নগাঁৱৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা আয়োজিত কৃষি সামগ্ৰী ব্যৱসায়ীৰ পোন্ধৰ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ শুকুৰবাৰে সামৰণি পৰে । নগাঁৱৰ শিমলুগুৰিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানৰ শুভাৰম্ভ কৰি কেন্দ্ৰটিৰ মূৰব্বী ড° নিৰঞ্জন ডেকাই চমু ভাষণ প্ৰদান কৰি
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৬ জুলাইঃ অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট আৰু ৰাজ্যিক কৃষি বিভাগৰ যুটীয়া উদ্যোগত নগাঁৱৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা আয়োজিত কৃষি সামগ্ৰী ব্যৱসায়ীৰ পোন্ধৰ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ শুকুৰবাৰে সামৰণি পৰে । নগাঁৱৰ শিমলুগুৰিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানৰ শুভাৰম্ভ কৰি কেন্দ্ৰটিৰ মূৰব্বী ড° নিৰঞ্জন ডেকাই চমু ভাষণ প্ৰদান কৰি কৃষি ব্যৱস্থাপনা, বিভিন্ন কৃষি প্ৰযুক্তিৰ পৰামৰ্শ প্ৰদানৰ জৰিয়তে কৃষক সকলক উত্তম কৃষি কাৰ্যত সহায়ক হবলৈ আহ্বান জনাই ৷ কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ ভূমি বিজ্ঞান বিশেষজ্ঞ দিপেন চন্দ্ৰ নাথে আঁত ধৰা অনুষ্ঠানত অতিথি ৰূপে উপস্থিত থাকি নগাঁও জিলাৰ সহকাৰী আয়ুক্ত বিদ্যাশ্ৰী লাংথাচা, নাবাৰ্ডৰ নগাঁও আৰু হোজাই জিলা উন্নয়ন প্ৰৱন্ধক ৰাজেন্দাৰ ৰাজমাউলি পাৰ্না আৰু নগাঁও জিলা কৃষি বিষয়া ৰঞ্জন প্ৰসাদ ডেকাই প্ৰশিক্ষণ গ্ৰহণ কৰা কৃষি সামগ্ৰী ব্যৱসায়ী সকলে পৰবৰ্তী সময়ত নিজৰ অঞ্চলৰ কৃষক সকলক প্ৰয়োজনীয় পৰামৰ্শ প্ৰদান কৰি উপকৃত কৰাৰ বিভিন্ন কাৰ্যপন্থা হাতত লৈ সামাজিক দ্বায়িত্ব পালন কৰিবলৈ আহ্বান জনায় । নগাঁও আৰু হোজাই জিলাৰ ৪২ গৰাকী কৃষি সামগ্ৰী ব্যৱসায়ীয়ে অংশ গ্ৰহণ কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত কৃষি অৰ্থনীতি বিভাগৰ বিষয়বস্তু বিশেষজ্ঞা ড° চিংকি বৰ্মন, উদ্যান শস্য বিশেষজ্ঞা জুলি শৰ্মা, কাৰ্যসূচী সহায়ক(মীন)ৰূপক কুমাৰ টায়েকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে । পশু বিজ্ঞান বিশেষজ্ঞ ড° অনিমেশ ডেকাই শলাগৰ শৰাই আগবঢ়োৱাৰ পূৰ্বে প্ৰশিক্ষণ গ্ৰহণ কৰা কৃষি সামগ্ৰী ব্যবসায়ী সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।



















Leave a Comment
Your email address will not be published. Required fields are marked with *