নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ জুলাইঃ নগাঁৱৰ ধিঙত ধাৰাবাহিক ভাৱে সংঘটিত হৈ অহা স্প্ৰে’ চোৰৰ সন্ত্ৰাসৰ বাবে ধিং আছুৰ উদ্যোগত ৰূপায়ণ কৰা হয় তীব্ৰ প্ৰতিবাদ ৷ শ’লগুৰি বামগাঁৱত এগৰাকী ষাঠি উৰ্ধ্বৰ অকলশৰীয়া মহিলাৰ ঘৰত স্প্ৰে’ চতিয়াই মহিলা গৰাকীক অচেতন কৰি নিৰ্যাতন চলাই ঘৰৰ সা সম্পত্তি লুটি নিয়ে ৷ এই ঘটনাৰ চৌবিশ ঘণ্টাৰ পাৰ নহৌতেই যোৱা
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ জুলাইঃ নগাঁৱৰ ধিঙত ধাৰাবাহিক ভাৱে সংঘটিত হৈ অহা স্প্ৰে’ চোৰৰ সন্ত্ৰাসৰ বাবে ধিং আছুৰ উদ্যোগত ৰূপায়ণ কৰা হয় তীব্ৰ প্ৰতিবাদ ৷ শ’লগুৰি বামগাঁৱত এগৰাকী ষাঠি উৰ্ধ্বৰ অকলশৰীয়া মহিলাৰ ঘৰত স্প্ৰে’ চতিয়াই মহিলা গৰাকীক অচেতন কৰি নিৰ্যাতন চলাই ঘৰৰ সা সম্পত্তি লুটি নিয়ে ৷ এই ঘটনাৰ চৌবিশ ঘণ্টাৰ পাৰ নহৌতেই যোৱা নিশা নাম ডুমডুমীয়াৰ গোপাল নাথ আৰু মণজিৎ মেধিৰ ঘৰত অনুৰূপ ঘটনা সংঘটিত হয় ৷ দুৰ্বৃত্তই স্প্ৰে’ ছটিওৱাৰ ফলত অচেতন হৈ পৰে পৰিয়ালৰ সদস্য সকল ৷ ততাতৈয়াকৈ আটাইকে ধিং এফ আৰ ইউত ভৰ্তি কৰা হয় যদিও গোপাল নাথ আৰু আন এগৰাকী মহিলাৰ অৱস্থা শোচনীয় হোৱাত চিকিৎসাকে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ৷ পিছে আজি লৈকে ধিঙত প্ৰায় ১০/১৫ টাকে এনে ঘটনা সংঘটিত হৈছে যদিও আৰক্ষীয়ে অঞ্চলটোৰ ৰাইজক নিৰাপত্তা দিয়াত চূড়ান্ত ব্যৰ্থ হৈছে ৷ ফলত ক্ষুব্ধ ৰাইজে আছুৰ সহযোগত বৃহস্পতিবাৰে বজাৰ বন্ধ কৰি আৰু ৰাজপথ বন্ধ ৰাখি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ফলত বহু সময়লৈকে ব্যাহত হৈ পৰে অঞ্চলটোৰ স্বাভাৱিক যাতায়ত ব্যৱস্থা ৷ আনকি ধিং আৰক্ষী আৰু অসম আৰক্ষী বিৰুদ্ধ শ্ল’গান দি ৰাজপথ কপাই তোলে শ শ জনতাই । পিছত ঘটনাস্থলীত নগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ প্ৰতিবাদী ৰাইজক আশ্বাস প্ৰদান কৰাতহে প্ৰতিবাদ স্থগিত ৰাখে ৰাইজে ।


















Leave a Comment
Your email address will not be published. Required fields are marked with *