728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

চিলঙনী মাণ্ডলিক গৱেষণা কেন্দ্ৰত তৈল নিষ্কাষণ যন্ত্ৰ স্থাপন

চিলঙনী মাণ্ডলিক গৱেষণা কেন্দ্ৰত তৈল নিষ্কাষণ যন্ত্ৰ স্থাপন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৪ জুলাইঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ নগাঁও জিলাৰ চিলঙনীস্থিত মাণ্ডলিক গৱেষণা কেন্দ্ৰত বুধবাৰে এটি তৈল নিষ্কাষণ যন্ত্ৰ স্থাপন কৰা হয় । ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত ৰাজস্থানৰ ভাৰতপুৰস্থিত সৰিয়হৰ গৱেষণা সঞ্চালকালয়ৰ পুঁজিৰে পৰিচালিত টৰিয়া সৰিয়হৰ মূল্য শৃংখল বৃদ্ধিৰ মেগা প্ৰজেক্টৰ অংশৰূপে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ ছয়টা মাণ্ডলিক গৱেষণা কেন্দ্ৰত তৈল নিষ্কাষণ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৪ জুলাইঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ নগাঁও জিলাৰ চিলঙনীস্থিত মাণ্ডলিক গৱেষণা কেন্দ্ৰত বুধবাৰে এটি তৈল নিষ্কাষণ যন্ত্ৰ স্থাপন কৰা হয় । ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত ৰাজস্থানৰ ভাৰতপুৰস্থিত সৰিয়হৰ গৱেষণা সঞ্চালকালয়ৰ পুঁজিৰে পৰিচালিত টৰিয়া সৰিয়হৰ মূল্য শৃংখল বৃদ্ধিৰ মেগা প্ৰজেক্টৰ অংশৰূপে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ ছয়টা মাণ্ডলিক গৱেষণা কেন্দ্ৰত তৈল নিষ্কাষণ যন্ত্ৰ স্থাপন কৰা হৈছে ৷ এই সমূহ হৈছে চিলঙনী, তিতাবৰ, উত্তৰ লখিমপুৰ, গোসাইগাঁও, ডিফু আৰু কৰিমগঞ্জ । ২০২৩-২৪ বৰ্ষত বিজ্ঞান ভিত্তিক খেতিৰ প্ৰসাৰৰ জৰিয়তে অসমত টৰিয়া-সৰিয়হৰ মূল্য শৃংখল বৃদ্ধিৰ মেগা প্ৰজেক্টৰ বাবে অসমৰ বিছখন জিলাৰ ৩০০ বিঘাকৈ পথাৰক সামৰি মুঠ ৬০০০ বিঘা মাটিত টৰিয়া-সৰিয়হৰ উন্নত জাতৰ প্ৰদৰ্শনীমূলক খেতি কৰা হৈছে । তদুপৰি, নগাঁও জিলাৰ আন ৬০০ বিঘা পথাৰত সৰিয়হজাতীয় শস্যৰ গাঁও হিছাপে গঢ়ি তোলাৰ সংকল্প লোৱাৰ ফলত সৰ্বমুঠ ৬৯০০ বিঘা কৃষিভুমিত টৰিয়া সৰিয়হৰ খেতিৰে হালধীয়া বিপ্লৱৰ পথ প্ৰশস্ত হৈছে । ইয়াৰ বাবে ২০ কুইন্টল পি এম ২৮ নামৰ সৰিয়হৰ উন্নত বীজ আৰু বাকী ৪৯ কুইন্টল টি এচ ৩৮ নামৰ টৰিয়াৰ উন্নত জাতৰ বীজ ব্যৱহাৰ কৰা হৈছিল ৷ প্ৰতি ঘন্টাত ১ কুইন্টল সৰিয়হ পেৰি তেল নিষ্কাষণ কৰিব পৰা এই যন্ত্ৰটোৰ জড়িয়তে ব্যৱসায়িক ভিত্তিত সৰিয়হৰ তেল উৎপাদনৰ পথ প্ৰশস্ত হ’ব ৷ চিলঙনীৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° হিৰণ্য কুমাৰ বৰাই এই যন্ত্ৰটিৰ শুভ উদ্বোধন কৰি কয় যে–আগন্তুক দিনত এই যন্ত্ৰৰ দ্বাৰা চিলঙনীৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ উপাৰ্জনৰ এক নতুন পথ প্ৰশস্ত হৈছে । ড° ৰুদ্ৰ নাৰায়ণ বৰকাকতিৰ তত্বাবধানত স্থাপিত তৈল নিষ্কাষণ যন্ত্ৰটিৰ উদ্বোধনী অনুষ্ঠানত মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী সকল ক্ৰমে, ড° হেমেন কলিতা, ড° পবিত্ৰ কুমাৰ বৰদলৈ, ড° অঞ্জুমালা ডেকা, ড° হিৰণ্য কুমাৰ দেৱনাথ, ড° ৰঞ্জনা চক্ৰৱৰ্তী, ড° গৌতমী কাকতি আৰু ড° অৰুণিমা গগৈ প্ৰমুখ্যে অন্যান্য বহুকেইজন কৰ্মচাৰীয়ে সহযোগিতা আগবঢ়াই ৷

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!