নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ জুলাইঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা অঞ্চলৰ ঐতিহাসিক শান্তিজান অৰ্ধ-সাপ্তাহিক বজাৰৰ বৰ্তমানৰ মহলদাৰৰ অনিয়ম, বজাৰৰ ভিতৰৰ কদৰ্য তথা অপৰিস্কাৰ পৰিবেশ আৰু বজাৰৰ ভিতৰৰ হোটেলত গো মাংস বিক্ৰী আদি একাধিক বিষয়ৰ ওপৰত ৰাজহুৱা অভিযোগ পোৱা গৈছে । অভিযোগ মতে, নগাঁও জিলা পৰিষদৰ অন্তৰ্গত বটদ্ৰৱা শান্তিজান অৰ্ধ-সাপ্তাহিক বজাৰৰ মহলদাৰৰ লগত নগাঁও জিলা
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ জুলাইঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা অঞ্চলৰ ঐতিহাসিক শান্তিজান অৰ্ধ-সাপ্তাহিক বজাৰৰ বৰ্তমানৰ মহলদাৰৰ অনিয়ম, বজাৰৰ ভিতৰৰ কদৰ্য তথা অপৰিস্কাৰ পৰিবেশ আৰু বজাৰৰ ভিতৰৰ হোটেলত গো মাংস বিক্ৰী আদি একাধিক বিষয়ৰ ওপৰত ৰাজহুৱা অভিযোগ পোৱা গৈছে । অভিযোগ মতে, নগাঁও জিলা পৰিষদৰ অন্তৰ্গত বটদ্ৰৱা শান্তিজান অৰ্ধ-সাপ্তাহিক বজাৰৰ মহলদাৰৰ লগত নগাঁও জিলা পৰিষদৰ কাৰ্যালয়ৰ বন্দোৱস্তি মতে প্ৰতি মংগল আৰু শনিবাৰেহে বজাৰৰ দোকানৰ পৰা মাচুল আদায় কৰিব পাৰে ৷ কিন্ত ৰাইজৰ অভিযোগ মতে, মহলদাৰৰ জনে বহু দোকানৰ পৰা দৈনিক ভিত্তিত মাচুল আদায় কৰি আহিছে । দ্বিতীয়তে বজাৰৰ ভিতৰৰ পৰিবেশ অতি কদৰ্যময় আৰু অস্বাস্থ্যকৰ ৷ মহলদাৰৰ নিবিদাৰ স্বৰ্ত মতে বজাৰৰ পৰিবেশ পৰিস্কাৰ-পৰিচন্নতা কৰি ৰখাটো জৰুৰী । তৃতীয় ভয়ংকৰ অভিযোগ মতে, মহাপুৰুষ গুৰুজনাৰ জন্মস্থানৰ গুৰুজনাৰ স্মৃতি বিজড়িত শান্তিজানৰ পাৰত অৱস্থিত সমন্বয়ৰ স্থলী শান্তিজান বজাৰৰ একাংশ হোটেলত অবাধে গো মাংস বিক্ৰী হৈ আছে ৷ বিভাগীয় কতৃপক্ষৰ অনুমতি অবিহনে এনেধৰণৰ কাৰ্যকলাপ বন্ধ ৰখাত ব্যৰ্থ হৈছে মহলদাৰ ইক্ৰামূল হুছেইন চৌধুৰী । এইসমূহ অভিযোগ লৈ ইতিমধ্যে নগাঁও জিলা আয়ুক্ত, নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, উপ মুখ্য কাৰ্যবাহী বিষয়াক স্থানীয় ৰাইজে ৰাজহুৱা দাখিল কৰিছে । উক্ত অভিযোগৰ ভিত্তিত যোৱা ১৬ জুলাইত নগাঁও জিলা পৰিষদৰ উপ মুখ্য কাৰ্যবাহী বিষয়াৰ নেতৃত্বত স্ব-জমিন তদন্ত কৰি উপৰুক্ত অভিযোগ সমূহৰ সত্যতা প্ৰমাণ পাই মহলদাৰ ইক্ৰামূল হুছেইন চৌধুৰীক কাৰন দৰ্শোৱা জাননী প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে । নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ বটদ্ৰৱা, ভোমোৰাগুৰি, ভেটিয়নী, ৰাইডঙীয়া, আইভেটি, নসত্ৰ, বাটমাৰী, কদমনি, ভেৰভেৰী, ধনীয়াভেটি, বৰভেটি, আমলখি সোনাইবেৰা, শিমলুআটি আদি কৰি কুৰি খনৰো অধিক গাঁৱৰ লক্ষ লক্ষ জনতাৰ ক্ৰয়-বিক্ৰয়ৰ স্থলী শান্তিজান বজাৰৰ এই অনিয়মৰ বিৰুদ্ধে উচিত বিচাৰৰ দাবী তুলিছে স্থানীয় সচেতন ৰাইজে ৷


















Leave a Comment
Your email address will not be published. Required fields are marked with *