728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

চকলাঘাটত সৰবৰহী ধৰ্মপ্ৰাণা মহিলা জুনুবালা বৰাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন

চকলাঘাটত সৰবৰহী ধৰ্মপ্ৰাণা মহিলা জুনুবালা বৰাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ জুলাইঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটৰ নতুন খাটোৱাল গাঁও নিবাসী প্ৰয়াত কৃৰ্তী শিক্ষক, কবি ধৰণীকান্ত বৰাৰ সহধৰ্মিনী তথা সুদক্ষ নামতি, সৰবৰহী ধৰ্মপ্ৰাণা মহিলা জুনুবালা বৰাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি শনিবাৰে মহিলাগৰাকীৰ নিজা বাসগৃহত অনুষ্ঠিত কৰা হয় ৷ যোৱা ৯ জুলাইৰ নিশা হঠাতে হাৰ্ট এটেক হৈ মৃত্যুক আকোঁৱালি লোৱা মহিলাগৰাকীৰ আদ্যশ্ৰাদ্ধ উপলক্ষে

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ জুলাইঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটৰ নতুন খাটোৱাল গাঁও নিবাসী প্ৰয়াত কৃৰ্তী শিক্ষক, কবি ধৰণীকান্ত বৰাৰ সহধৰ্মিনী তথা সুদক্ষ নামতি, সৰবৰহী ধৰ্মপ্ৰাণা মহিলা জুনুবালা বৰাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি শনিবাৰে মহিলাগৰাকীৰ নিজা বাসগৃহত অনুষ্ঠিত কৰা হয় ৷ যোৱা ৯ জুলাইৰ নিশা হঠাতে হাৰ্ট এটেক হৈ মৃত্যুক আকোঁৱালি লোৱা মহিলাগৰাকীৰ আদ্যশ্ৰাদ্ধ উপলক্ষে চকলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি অনুষ্ঠিত কৰা হয় ৷ সমাজকৰ্মী দেৱ কুমাৰ বৰাৰ সঞ্চালনাত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰয়াত জুনুবালা বৰাৰ প্ৰতি শ্ৰদ্ধা নিবেদি কয় যে–মাতৃ হৈছে পৃথিৱীৰ এটা বৃহৎ প্ৰকল্প ৷ সন্তানক সুনাগৰিক হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মাতৃসকলে বহুত ত্যাগ স্বীকাৰ কৰিবলগীয়া হয় ৷ পিতৃৰ তুলনাত মাতৃৰ দায়িত্ব বেছি ৷ চকলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক গোবিন চন্দ্ৰ নাথে আঁত ধৰা অনুষ্ঠানটিত ডিমৰীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক, সুবক্তা মোহিনী মোহন ডেকা, চকলাঘাট ৰাস মন্দিৰৰ সভাপতি ক্ষিতেশ্বৰ বৰা, সম্পাদক অনন্ত শইকীয়া, চকলাঘাট শাখা সাহিত্য সভাৰ সভাপতি উৎপল হাজৰিকা, জ্যেষ্ঠ সাংবাদিক বেদব্ৰত ৰাজাকে ধৰি কেইবাজনো ব্যক্তিয়ে প্ৰয়াত জুনুবালা বৰাৰ বিষয়ে আলোকপাত কৰি চমু বক্তব্য আগবঢ়াই ৷ অনুষ্ঠানত প্ৰয়াত জুনুবালা বৰাৰ পুত্ৰ কল্যান কুমাৰ বৰা, দুলাল বৰা, কন্দৰ্প বৰা, প্ৰাণকৃষ্ণ বৰাকে ধৰি পৰিয়ালবৰ্গ, আত্মীয়-স্বজন আৰু অঞ্চলৰ দুই শতাধিক লোক উপস্থিত থাকে ৷

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!