নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২০ জুলাইঃ নগাঁও জিলাৰ হুজগাঁৱৰ সমীপৰ কঁহুৱাতলীৰ শ্ৰী শ্ৰী কঁহুৱাতলী ডৌকাচাপৰি সত্ৰৰ সত্ৰাধিকাৰ তুলসী মহন্তৰ বৃহস্পতিবাৰে নিশা পৰলোকপ্ৰাপ্তি ঘটে । সত্ৰীয়া কলা-সংস্কৃতিৰ একান্ত সাধক আৰু সমাজকৰ্মী হিচাপে পৰিচয় থকা সত্ৰাধিকাৰ মহন্ত অসম সত্ৰ মহাসভাৰ উপদেষ্টা, মহাসভাৰ আজীৱন সভ্য হোৱাৰ লগতে কঁহুৱাতলী অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত থাকি সমাজৰ হকে সেৱা আগবঢ়াই
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২০ জুলাইঃ নগাঁও জিলাৰ হুজগাঁৱৰ সমীপৰ কঁহুৱাতলীৰ শ্ৰী শ্ৰী কঁহুৱাতলী ডৌকাচাপৰি সত্ৰৰ সত্ৰাধিকাৰ তুলসী মহন্তৰ বৃহস্পতিবাৰে নিশা পৰলোকপ্ৰাপ্তি ঘটে । সত্ৰীয়া কলা-সংস্কৃতিৰ একান্ত সাধক আৰু সমাজকৰ্মী হিচাপে পৰিচয় থকা সত্ৰাধিকাৰ মহন্ত অসম সত্ৰ মহাসভাৰ উপদেষ্টা, মহাসভাৰ আজীৱন সভ্য হোৱাৰ লগতে কঁহুৱাতলী অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত থাকি সমাজৰ হকে সেৱা আগবঢ়াই আহিছিল ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮২ বছৰ ৷ সত্ৰীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰসাৰত অবদান যোগাই অহা সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰাৰ বিপৰীতে সত্ৰৰ ভকত-বৈষ্ণৱ আৰু বিভিন্ন অনুষ্ঠানৰ লগতে ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, এজন পুত্ৰ, দুগৰাকী কন্যাৰ লগতে চাৰিজন ভাতৃৰ সৈতে বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায় ৷


















Leave a Comment
Your email address will not be published. Required fields are marked with *