জলসম্পদ বিভাগৰ অধীনত ৰাজ্যৰ বান-খহনীয়া ৰোধৰ বাবে চৰকাৰে বিভিন্ন অত্যাধুনিক পদক্ষেপ গ্ৰহণ কৰি আছে। মন্ত্ৰী পীযুষ হাজৰীকাই এই সন্দৰ্ভত সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। শেহতীয়াকৈ ছিগা মথাউৰিসমূহ জৰুৰীকালীনভাৱে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি কম সময়ৰ ভিতৰতে জোৰা লগাবলৈ সক্ষম হোৱাৰ কথাও তেওঁ উল্লেখ কৰে। তদুপৰি, মাজুলীত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ছিগি নিয়া যুগুনিধাৰী (আলিমুৰ) মথাউৰিটোৰ দ অংশ জলসম্পদ
জলসম্পদ বিভাগৰ অধীনত ৰাজ্যৰ বান-খহনীয়া ৰোধৰ বাবে চৰকাৰে বিভিন্ন অত্যাধুনিক পদক্ষেপ গ্ৰহণ কৰি আছে। মন্ত্ৰী পীযুষ হাজৰীকাই এই সন্দৰ্ভত সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। শেহতীয়াকৈ ছিগা মথাউৰিসমূহ জৰুৰীকালীনভাৱে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি কম সময়ৰ ভিতৰতে জোৰা লগাবলৈ সক্ষম হোৱাৰ কথাও তেওঁ উল্লেখ কৰে। তদুপৰি, মাজুলীত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ছিগি নিয়া যুগুনিধাৰী (আলিমুৰ) মথাউৰিটোৰ দ অংশ জলসম্পদ বিভাগে দিনে-নিশাই কৰা নেৰানেপেৰা প্ৰচেষ্টাত অত্যাধুনিক প্ৰযুক্তিৰে জিঅ’ বেগত মাটি ভৰাই সম্পূৰ্ণ কৰাৰ পাছত মথাউৰিটোৰ ছিগা অংশৰ দুয়োটা মূৰ ১৫ দিনৰ ভিতৰতে সংযোগ কৰা হৈছিল বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
আনহাতে, ডিব্ৰুগড়ৰ জলসম্পদ বিভাগেও দিনে-নিশাই ক্ষিপ্ৰতাৰে কাম কৰি বুঢ়ীদিহিং নৈৰ বাঢ়নী পানীৰ ফলত ছিগা টেঙাখাটৰ হাতীবন্ধা মথাউৰিটো অত্যাধুনিক প্ৰযুক্তিৰে জিঅ’ মেগা বেগ আৰু কফাৰডেমৰ সহায়ত ছিগা অংশৰ দুয়ো অংশৰ মাজত সংযোগ স্থাপন কৰিবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰে।
ৰাইজৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মাত্ৰ ১৫ দিনৰ ভিতৰতে মথাউৰিৰ ছিগা অংশ সংযোগ কৰিবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰি এই দুটা স্থানত কাইলৈৰ পৰা জিঅ’ টিউব স্থাপনৰ কাম আৰম্ভ হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মাৰ্গদর্শনত ৰাজ্যৰ বান-খহনীয়া প্ৰতিৰোধৰ বাবে মন্ত্ৰীগৰাকীয়ে অতি আন্তৰিকতাৰে কাম কৰি থকাৰ কথা উল্লেখ কৰি ৰাইজৰ সুৰক্ষাৰ প্ৰতি তেওঁলোকৰ চৰকাৰ সদায় দায়বদ্ধ বুলি প্ৰকাশ কৰে।


















Leave a Comment
Your email address will not be published. Required fields are marked with *