নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৯ জুলাইঃ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত একাংশ ট্ৰাক, ডাম্পাৰৰ চালকৰ মইমতালিয়ে ৰাইজক অতিষ্ঠ কৰি অহাৰ সময়তে শুকুৰবাৰে নগাঁও-ধিং সংযোগী গড়কাপ্তানি পথৰ কাৱৈমাৰীৰ পুৰণা চেকগেটৰ ওচৰত এখন ডাম্পাৰৰ খুন্দাত এজন পথচাৰী নিহত হোৱাৰ বাতৰি পোৱা গৈছে ৷ নিহত পথচাৰীজন কাৱৈমাৰীৰ ৰফিকুল ইছলাম বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে ৷ আচলতে, লোকজনে পুৱা ঘৰৰ
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৯ জুলাইঃ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত একাংশ ট্ৰাক, ডাম্পাৰৰ চালকৰ মইমতালিয়ে ৰাইজক অতিষ্ঠ কৰি অহাৰ সময়তে শুকুৰবাৰে নগাঁও-ধিং সংযোগী গড়কাপ্তানি পথৰ কাৱৈমাৰীৰ পুৰণা চেকগেটৰ ওচৰত এখন ডাম্পাৰৰ খুন্দাত এজন পথচাৰী নিহত হোৱাৰ বাতৰি পোৱা গৈছে ৷ নিহত পথচাৰীজন কাৱৈমাৰীৰ ৰফিকুল ইছলাম বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে ৷ আচলতে, লোকজনে পুৱা ঘৰৰ পৰা প্ৰাতঃভ্ৰমণৰ বাবে অহা অৱস্থাতে তীব্ৰ বেগী এখন ডাম্পাৰে খুন্দাত মৰাত লোকজনৰ থিতাতে মৃত্যু হয় ৷ অৱশ্যে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘাতকৰূপী ডাম্পাৰখনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ পিছত ঘটনাৰ খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷


















Leave a Comment
Your email address will not be published. Required fields are marked with *