728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

নগাঁৱত দিন দুপৰতে অৱসৰী শিক্ষকৰ ঘৰত চুৰিকাণ্ড

নগাঁৱত দিন দুপৰতে অৱসৰী শিক্ষকৰ ঘৰত চুৰিকাণ্ড

লুটিলে নগদ ধন, গহনাসহ পাঁচ লক্ষাধিক টকাৰ সা-সম্পত্তি নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৯ জুলাইঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ জাজৰি থানাৰ এলেকাধীন খালৈগাঁৱত দিন দুপৰতে সংঘটিত হোৱা এক চুৰিকাণ্ডই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ফোপোলা স্বৰূপটো উদঙাই দি খালৈগাঁও বাছ আস্থানৰ সমীপৰ ৰূপৰাম বৰা নামৰ অৱসৰপ্ৰাপ্ত শিক্ষকজনৰ ঘৰত চোৰে লুটপাত চলাই নগদ

লুটিলে নগদ ধন, গহনাসহ পাঁচ লক্ষাধিক টকাৰ সা-সম্পত্তি

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৯ জুলাইঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ জাজৰি থানাৰ এলেকাধীন খালৈগাঁৱত দিন দুপৰতে সংঘটিত হোৱা এক চুৰিকাণ্ডই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ফোপোলা স্বৰূপটো উদঙাই দি খালৈগাঁও বাছ আস্থানৰ সমীপৰ ৰূপৰাম বৰা নামৰ অৱসৰপ্ৰাপ্ত শিক্ষকজনৰ ঘৰত চোৰে লুটপাত চলাই নগদ ধনসহ প্ৰায় পাঁচ লক্ষাধিক টকাৰ সা-সম্পত্তি লুট কৰি নিয়ে ৷ জানিব পৰা মতে, বৃহস্পতিবাৰে দিনৰ ভাগত মাত্ৰ দুঘণ্টা মানৰ বাবে ঘৰত কোনো নথকাৰ পূৰ্ণ সুযোগ গ্ৰহন কৰি চোৰে এই চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত কৰে ৷ চোৰে ঘৰৰ সন্মুখৰ গ্ৰীলৰ তলা আৰু পিছত মূল দুৱাৰ ভাগি ভিতৰত প্ৰবেশ কৰি বয়-বস্তু লণ্ড-ভণ্ড কৰাৰ লগতে ষ্টিল আলমিৰা আৰু কাঠৰ আলমিৰা ভাগি সোন-ৰূপৰ গহনা, এটা ম’বাইল হেণ্ডচেট, ঘৰুৱা মূল্যৱান আচবাব আৰু নগদ পোন্ধৰ হাজাৰ টকাকে ধৰি প্ৰায় পাঁচ লক্ষাধিক টকাৰ সা-সম্পত্তি লৈ উধাও হয় ৷ পিছত পৰিয়ালৰ লোকসকল ঘৰলৈ আহিহে চুৰিকাণ্ডৰ বিষয়ে জানিব পাৰি লগে লগে জাজৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য, নগাঁও-মৰিগাঁও সংযোগী ৰাজ্যিক ঘাইপথৰ কাষৰ জনবহুল এলেকাত এনেদৰে দিন দুপৰতে সংঘটিত হোৱা চুৰিকাণ্ডই ৰাইজক আতংকিত কৰি তুলিছে৷

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!