নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৬ জুলাইঃ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ অসাধু চক্ৰই বিভিন্ন অপৰাধজনিত কাৰ্যকলাপ সংঘটিত কৰি অহাৰ সময়তে আৰক্ষীৰ জালত পৰে মাৰাণাস্ত্ৰসহ তিনিটা অপৰাধী ৷ আচলতে, এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে মঙলবাৰে অতৰ্কিতে অভিযান চলাই তিনিজন অবৈধ মাৰাণাস্ত্ৰ সৰবৰাহৰ লগত জড়িত লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ প্ৰাপ্ত
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৬ জুলাইঃ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ অসাধু চক্ৰই বিভিন্ন অপৰাধজনিত কাৰ্যকলাপ সংঘটিত কৰি অহাৰ সময়তে আৰক্ষীৰ জালত পৰে মাৰাণাস্ত্ৰসহ তিনিটা অপৰাধী ৷ আচলতে, এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে মঙলবাৰে অতৰ্কিতে অভিযান চলাই তিনিজন অবৈধ মাৰাণাস্ত্ৰ সৰবৰাহৰ লগত জড়িত লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ প্ৰাপ্ত খবৰ মতে, হয়বৰগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আনন্দ মেধিৰ নেতৃত্বত আৰক্ষীৰ দলে নগাঁও চহৰৰ কিছু নিলগৰ ভকতগাঁৱত অভিযান চলায় ৷ এই অভিযানত আৰক্ষীৰ দলে আবু চাহিদ, মুকুট আৰু চিদ্দিক আলি নামৰ অবৈধ মাৰাণাস্ত্ৰ সৰবৰাহকাৰী তিনিটাক আটক কৰে ৷ অৱশ্যে আৰক্ষীৰ অভিযানৰ মাজতে জনৈক ‘হীৰা’ নামৰ আন এটা সৰবৰাহকাৰী পলাই যাবলৈ সক্ষম হয় । আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী কেইটাৰ পৰা এটা ৭.৬৫ এম এম পিষ্টল আৰু চাৰিজাই সজীৱ গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ধৃত সৰবৰাহকাৰী কেইটা দীৰ্ঘদিন ধৰি অবৈধ মাৰাণাস্ত্ৰ সৰবৰাহ কৰা কামত নিয়োজিত হৈ আহিছে বুলি জানিব পৰা গৈছে । ইফালে, আৰক্ষীয়ে পলাতক সৰবৰাহকাৰীটোৰ সন্ধানত অভিযানত নামি পৰাৰ বিপৰীতে অধিক তথ্য লাভৰ বাবে ধৃত অপৰাধীকেইটাক মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷


















Leave a Comment
Your email address will not be published. Required fields are marked with *