728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

পশ্চিম নগাঁও নাগৰিক সন্মিলনৰ কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন

পশ্চিম নগাঁও নাগৰিক সন্মিলনৰ কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৬ জুলাইঃ পশ্চিম নগাঁও জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত সোমবাৰে কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱা হয় । এই মৰ্মে অনুষ্ঠিত সভাখনিত সভাপতিত্ব কৰে পশ্চিম নগাঁও জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ৰাণা প্ৰকাশ বৰাই ৷ ইলোৰা বৰাৰ দ্বাৰা পৰিবেশিত এটি বৰগীতেৰে শুভাৰম্ভ কৰা সভাখনিত নগাঁৱৰ মুঠ ১৫ গৰাকী কৃতীমানক সন্মান প্ৰদান কৰা হয় ৷ পশ্চিম

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৬ জুলাইঃ পশ্চিম নগাঁও জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত সোমবাৰে কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱা হয় । এই মৰ্মে অনুষ্ঠিত সভাখনিত সভাপতিত্ব কৰে পশ্চিম নগাঁও জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ৰাণা প্ৰকাশ বৰাই ৷ ইলোৰা বৰাৰ দ্বাৰা পৰিবেশিত এটি বৰগীতেৰে শুভাৰম্ভ কৰা সভাখনিত নগাঁৱৰ মুঠ ১৫ গৰাকী কৃতীমানক সন্মান প্ৰদান কৰা হয় ৷ পশ্চিম নগাঁও জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক বিষ্ণুৰাম বৰাই আঁত ধৰা সভাখনিত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি জিলা স্বাস্থ্য বিভাগৰ প্ৰাক্তন যুটীয়া সঞ্চালক ডাঃ অতুল চন্দ্ৰ পাতৰে নিজৰ ভাষণত স্বাস্থ্যৰ দিশেৰে ছাত্ৰ-ছাত্ৰীসকলৰ কৰণীয় দিশ সম্পৰ্কে আলোকপাত কৰে। সভাত নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকি নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তই ছাত্ৰ-ছাত্ৰী সকলক মানৱ সম্পদৰূপে গঢ় দিবলৈ আহ্বান জনাই। শিল্পী জীয়া জৈনৰ সত্ৰীয়া নৃত্যই উপস্থিত সকলোকে মনোৰঞ্জনৰ খোৰাক যোগোৱা সভাখনিত ইৰোলা ডেকা, যোগশ্বৰ বৰদলৈ, সৰ্বানন্দ ডেকা, মাণিক বৰা, ভূপেন বৰা, ৰূপৰাম বৰা, ভূপেন সেনাপতি, অচ্যুতানন্দ মহন্ত, মধু বৰা, গিৰিকান্ত হাজৰিকা, শিৱৰাম বৰদলৈ, মধুচিং বৰদলৈ, প্ৰণৱ ফুকন, নিখিল ৰঞ্জন গোস্বামী, মহীন্দ্ৰ মহন্তকে প্ৰমূখ্য কৰি ভালে সংখ্যক ব্যক্তি উপস্থিত থাকে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!