728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

ৰাইদঙীয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠানত বিধ্বংসী অগ্নিকাণ্ড, জুইত জাহ যায় পাঁচ লক্ষাধিক টকাৰ সা-সামগ্ৰী

ৰাইদঙীয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠানত বিধ্বংসী অগ্নিকাণ্ড, জুইত জাহ যায় পাঁচ লক্ষাধিক টকাৰ সা-সামগ্ৰী

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৬ জুলাইঃ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ এলেকাধীন ৰাইদঙীয়াত সোমবাৰে নিশা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও এখন ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ বিপৰীতে পাঁচ লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত জাহ যায় ৷ প্ৰাপ্ত খবৰ মতে, ৰাইদঙীয়াৰ বৰিবজাৰত থকা বি জে ইলেক্ট্ৰনিকছ নামৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৬ জুলাইঃ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ এলেকাধীন ৰাইদঙীয়াত সোমবাৰে নিশা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও এখন ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ বিপৰীতে পাঁচ লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত জাহ যায় ৷ প্ৰাপ্ত খবৰ মতে, ৰাইদঙীয়াৰ বৰিবজাৰত থকা বি জে ইলেক্ট্ৰনিকছ নামৰ ম’বাইলৰ পাৰ্টছ বিক্ৰী, মেৰামতি আৰু এল ই ডি বাল্ব বনোৱা ব্যৱসায়িক প্ৰতিষ্ঠানখনত এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । নিশা হঠাতেই জ্বলি উঠা জুইৰ লেলিহান শিখাই নিমিষতে ব্যৱসায়িক প্ৰতিষ্ঠানখন আগুৰি ধৰি সকলো ছাই কৰি পেলাই ৷ পৰিণতিত ব্যৱসায়িক প্ৰতিষ্ঠাখনত থকা লেপটপ, ম’বাইল হেণ্ডছেট, ম’বাইলৰ বিভিন্ন সামগ্ৰী, ফেন, লাইট আদিকে ধৰি বহু আচবাব জুইত ভস্মীভূত হয় ৷ অৱশ্যে কথমপি ৰক্ষা পৰে ষ্টেট বেংকৰ এটা শাখাৰ লগতে আন চাৰিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ৷ ঘটনাৰ আকস্মিকতাত সমগ্ৰ অঞ্চলটোত হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয় আৰু বহুলোক সমবেত হৈ বটদ্ৰৱা অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ পিছত অগ্নি নিৰ্বাপক বাহিনীয়ে স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ বিদ্যুতৰ শ্ব’ৰ্ট ছাৰ্কিটৰ ফলতেই জুইৰ সূত্ৰপাত হৈ এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ ব্যক্ত কৰিছে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে, স্থানীয় বিকু শইকীয়া নামৰ দৰিদ্ৰ পৰিয়ালৰ এজন যুৱকে নতুনকৈ আৰম্ভ কৰি এই ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ জৰিয়তে অতি কষ্টৰে পৰিয়াল পোহ-পাল দি আছিল । কিন্তু নিশা সংঘটিত অগ্নিকাণ্ডৰ ঘটনাটোৰ পিছত এতিয়া দৰিদ্ৰ পৰিয়ালটোৰ মূৰত সৰগ ভাগি পৰিছে ৷

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!