728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

ৰাজ্যৰ বান-খহনীয়া নিয়ন্ত্ৰণৰ বাবে আমি আন্তৰিকতাৰে পদক্ষেপ গ্ৰহণ কৰিছোঃ মন্ত্ৰী পীযুষ হাজৰীকা

ৰাজ্যৰ বান-খহনীয়া নিয়ন্ত্ৰণৰ বাবে আমি আন্তৰিকতাৰে পদক্ষেপ গ্ৰহণ কৰিছোঃ মন্ত্ৰী পীযুষ হাজৰীকা

পূৰ্ণগতিত চলি আছে ৰাজ্যৰ ছিগা মথাউৰিৰ মেৰামতিৰ কামঅত্যাধুনিক প্ৰযুক্তিৰে মাজুলীত সম্পূৰ্ণ কৰা হৈছে যুগুনিধাৰী (আলিমুৰ) মথাউৰিৰ কামৰাজ্যৰ ছিগা মথাউৰিৰ মেৰামতিৰ কামসমূহ পূৰ্ণগতিত চলি আছে। ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে ৰাজ্যৰ ছিগা মথাউৰিসমূহ ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ কাম অব্যাহত ৰাখিছে। মাজুলীতো বিভাগটোৰ অধীনত ছিগা মথাউৰিৰ কাম দ্ৰুত গতিত সম্পূৰ্ণ কৰা হৈছে। মাজুলীত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ছিগি নিয়া যুগুনিধাৰী

পূৰ্ণগতিত চলি আছে ৰাজ্যৰ ছিগা মথাউৰিৰ মেৰামতিৰ কাম
অত্যাধুনিক প্ৰযুক্তিৰে মাজুলীত সম্পূৰ্ণ কৰা হৈছে যুগুনিধাৰী (আলিমুৰ) মথাউৰিৰ কাম

ৰাজ্যৰ ছিগা মথাউৰিৰ মেৰামতিৰ কামসমূহ পূৰ্ণগতিত চলি আছে। ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে ৰাজ্যৰ ছিগা মথাউৰিসমূহ ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ কাম অব্যাহত ৰাখিছে। মাজুলীতো বিভাগটোৰ অধীনত ছিগা মথাউৰিৰ কাম দ্ৰুত গতিত সম্পূৰ্ণ কৰা হৈছে। মাজুলীত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ছিগি নিয়া যুগুনিধাৰী (আলিমুৰ) মথাউৰিটোৰ দ অংশ অত্যাধুনিক প্ৰযুক্তিৰে জিঅ’ বেগত মাটি ভৰাই সম্পূৰ্ণ কৰা হৈছে। মথাউৰিটোৰ দুয়োটা মূৰ ছিগাৰ ১৫ দিনৰ ভিতৰত সংযোগ কৰা হৈছে। জলসম্পদ বিভাগে দিনে-নিশাই ক্ষিপ্ৰতাৰে কাম কৰি এই ছিগা অংশটোৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰিবলৈ কাম অব্যাহত ৰাখিছে। অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে এই তথ্য। জলসম্পদ বিভাগৰ অধীনত ৰাজ্যৰ ছিগা মথাউৰিৰ মেৰামতিৰ কামসমূহ পূৰ্ণগতিত চলি থকাৰ কথা মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ বান-খহনীয়া নিয়ন্ত্ৰণৰ বাবে মন্ত্ৰীগৰাকীয়ে আন্তৰিকতাৰে পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে ৰাজ্যৰ বান-খহনীয়া নিয়ন্ত্ৰণৰ বাবে আমি আন্তৰিকতাৰে পদক্ষেপ গ্ৰহণ কৰি কাম অব্যাহত ৰাখিছো।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!