728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

নগাঁৱৰ উত্তৰ-পশ্চিমাঞ্চলত বাঘৰ সন্ত্ৰাস, পুনৰ বাঘৰ আক্ৰমণৰ বলি এজন, আতংকিত গঞাৰাইজ

নগাঁৱৰ উত্তৰ-পশ্চিমাঞ্চলত বাঘৰ সন্ত্ৰাস, পুনৰ বাঘৰ আক্ৰমণৰ বলি এজন, আতংকিত গঞাৰাইজ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৪ জুলাইঃ নগাঁও জিলাৰ উত্তৰ-পশ্চিমাঞ্চলত বিগত প্ৰায় এপষেক ধৰি ৰাইজৰ মাজত অব্যাহত আছে বাঘৰ আতংক ৷ আচলতে বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিত্বত বনাঞ্চলৰ পৰা আহি জনাঞ্চলত প্ৰবেশ কৰা এটা বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ বাঘটোয়ে উত্তৰ-পশ্চিম নগাঁৱৰ বিভিন্ন অঞ্চলৰ পথাৰত অৱস্থান কৰি আহিছে বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে বিগত সময়ছোৱাত বাঘটোয়ে

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৪ জুলাইঃ নগাঁও জিলাৰ উত্তৰ-পশ্চিমাঞ্চলত বিগত প্ৰায় এপষেক ধৰি ৰাইজৰ মাজত অব্যাহত আছে বাঘৰ আতংক ৷ আচলতে বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিত্বত বনাঞ্চলৰ পৰা আহি জনাঞ্চলত প্ৰবেশ কৰা এটা বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ বাঘটোয়ে উত্তৰ-পশ্চিম নগাঁৱৰ বিভিন্ন অঞ্চলৰ পথাৰত অৱস্থান কৰি আহিছে বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে বিগত সময়ছোৱাত বাঘটোয়ে তিনিজনকৈ গঞা লোকক আক্ৰমণ কৰি গুৰুত্বৰভাবে আহত কৰাৰ পিছত পুনৰ বাঘটোৰ আক্ৰমণৰ বলি হৈছে এজন বয়োজ্যেষ্ঠ ব্যক্তি ৷ এইবাৰো বাঘৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হৈছে লোকজন ৷ এই ঘটনাটো সংঘটিত হৈছে জুৰীয়াৰ পুঠিমাৰিত ৷ বাঘৰ আক্ৰমণৰ বলি হোৱা লোকজনৰ নাম হৈছে আব্দুল ৰেজ্জাক ৷5 আচলতে, বয়োজ্যেষ্ঠ লোকজনে ঘৰৰ সমীপতে থকা পথাৰত কাম কৰি থকা অৱস্থাত বাঘটোৱে আক্ৰমন কৰে । শৰীৰৰ বিভিন্ন অংশত আঘাত পোৱা লোকজনক পৰিয়ালৰ লোকে স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰি ইতিমধ্যে নগাঁৱৰ চিকিৎসালয়ত ভৰ্তি কৰিছে বুলি খবৰ পোৱা গৈছে ৷ যাৰ ফলত ৰাইজৰ মাজত এতিয়া ব্যাপক আতংকৰ ছাপ বিয়পি পৰিছে ৷ আনকি ৰাইজে ঘৰৰ বাহিৰ ওলাবলৈকে ভয় কৰা হৈছে ৷ উল্লেখ্য, বাঘটোক পিঞ্জৰাবদ্ধ কৰাৰ লক্ষ্যৰে বন বিভাগে এসপ্তাহৰ পূৰ্বেই জেঙনীত পিঞ্জৰা স্থাপন কৰিছিল যদিও বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হোৱা নাই ৷ য়াৰ ফলত বাঘটোক বন বিভাগে নিয়ন্ত্ৰণ কৰাত সফল হ’ব নোৱাৰাৰ বাবেই বাঘটোৱে এনেদৰে জনাঞ্চলত সন্ত্ৰাস অব্যাহত ৰাখিছে ৷ সেয়ে অতি শীঘ্ৰে বাঘটোক জনাঞ্চলৰ পৰা খেদি পঠাই গঞাৰাইজক সুৰক্ষা প্ৰদান কৰিবলৈ বন বিভাগৰ প্ৰতি দাবী জনাইছে ৰাইজে ৷

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!