নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৩ জুলাইঃ নগাঁও জিলাৰ বেবেজীয়াৰ কিছু নিলগৰ কাছমাৰীৰ পলাশতলত কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ উদ্যোগত আৰু নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সহযোগত সাতদিনীয়াকৈ আয়োজিত কোচ ৰাজবংশীয় নৃত্য-গীত-বাদ্য কৰ্মশালাৰ শনিবাৰে সফলতাৰে সামৰণি পৰে ৷ এই উদ্দেশ্যে নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰভাত বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৩ জুলাইঃ নগাঁও জিলাৰ বেবেজীয়াৰ কিছু নিলগৰ কাছমাৰীৰ পলাশতলত কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ উদ্যোগত আৰু নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সহযোগত সাতদিনীয়াকৈ আয়োজিত কোচ ৰাজবংশীয় নৃত্য-গীত-বাদ্য কৰ্মশালাৰ শনিবাৰে সফলতাৰে সামৰণি পৰে ৷ এই উদ্দেশ্যে নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰভাত বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক জয়ন্ত হাজৰিকাই ৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ উপ সভাপতি খগেন্দ্ৰ জিৎ ঠাকুৰীয়া, প্ৰাক্তন সভাপতি দিলীপ কুমাৰ বৰা, যুৱ সন্মিলনীৰ সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ ডেকা, অসম সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক পদুম ৰাজখোৱা, জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা, গৰীয়া মৰিয়া জাতীয় পৰিষদৰ সভাপতি জইন উদ্দিন আহমেদ, নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ উপ সভাপতি অৰবিন্দ ডেকা, শিক্ষক নৰেন ডেকাকে প্ৰমুখ্য কৰি কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে পাঁচ শতাধিক লোক উপস্থিত থাকে । উক্ত অনুষ্ঠানত কৰ্মশালাত প্ৰশিক্ষণ গ্ৰহন কৰা প্ৰশিক্ষাৰ্থীসকলে কাৰ্তিকা নৃত্য, কুশান নৃত্য, হুদুম নৃত্য, কোচ ৰাজবংশীয় ঢোল বাদন, বাঁহী বাদন পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, কাছমাৰী, পলাশ তল, বাৰপূজীয়া, টকৌবাৰী আদি অঞ্চলৰ কণ কণ শিশু, যুৱক-যুৱতী, বোৱাৰীসহ মুঠ ১২০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰা এই প্ৰশিক্ষণ কৰ্মশালাত প্ৰশিক্ষাৰ্থীসকলক ধুবুৰীৰ গৌৰীপুৰৰ শিল্পী জুমি সিংহৰ নেতৃত্বত প্ৰশিক্ষণ প্ৰদান কৰা হয় ।


















Leave a Comment
Your email address will not be published. Required fields are marked with *