728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

বটদ্ৰৱাৰ বৰভেটিত আৰক্ষীৰ অভিযান, হস্তনিৰ্মিত পিষ্টল, ৪ জাঁই সক্ৰিয় গুলীসহ এজনক আটক

বটদ্ৰৱাৰ বৰভেটিত আৰক্ষীৰ অভিযান, হস্তনিৰ্মিত পিষ্টল, ৪ জাঁই সক্ৰিয় গুলীসহ এজনক আটক

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১২ জুলাইঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তত আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ দুষ্টচক্ৰই বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ সংঘটিত কৰি অহাৰ সময়তে জিলাখনৰ বটদ্ৰৱা আৰক্ষী থানাৰ এলেকাধীন বৰভেটিত আৰক্ষীৰ অভিযানত এটা হস্তনিৰ্মিত পিষ্টল আৰু ৪ জাই সজীৱ গুলীৰ সৈতে এজন লোক আটক হোৱা ঘটনাই ৰাইজৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ধৃত লোকজন আমলখিৰ জিয়াউৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১২ জুলাইঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তত আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ দুষ্টচক্ৰই বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ সংঘটিত কৰি অহাৰ সময়তে জিলাখনৰ বটদ্ৰৱা আৰক্ষী থানাৰ এলেকাধীন বৰভেটিত আৰক্ষীৰ অভিযানত এটা হস্তনিৰ্মিত পিষ্টল আৰু ৪ জাই সজীৱ গুলীৰ সৈতে এজন লোক আটক হোৱা ঘটনাই ৰাইজৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ধৃত লোকজন আমলখিৰ জিয়াউৰ ৰহমান বুলি জানিব পৰা গৈছে ৷ আচলতে, এক নিৰ্ভৰযোগ্য সূত্ৰৰ খবৰৰ ভিত্তিত নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেৰ্তৃত্বত অহা এটা আৰক্ষীৰ দলে বটদ্ৰৱা আৰক্ষীৰ সহযোগত শুকুৰবাৰে পুৱাৰ ভাগত বৰভেটিত অতৰ্কিতে অভিযান চলাই ৷ উক্ত অভিযানত লোকজনক হস্তনিৰ্মিত পিস্তল আৰু সজীৱ গুলীৰ সৈতে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ধৃত জিয়াউৰ ৰহমানে ডিমাপুৰৰ পৰা পিষ্টলটো ক্ৰয় কৰিছিল বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি অধিক তথ্যৰ বাবে ধৃত জিয়াউৰ ৰহমানক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!