নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১১ জুলাইঃ ৰাজ্যৰ সৰ্বত্ৰে এতিয়া বলিয়া বানৰ তাণ্ডৱ ৷ বানাক্ৰান্তৰ মাজত সীমাহীন দুৰ্যোগ ৷ ইয়াৰ ব্যতিক্ৰম নহয় মধ্য অসমৰ নগাঁও জিলাও ৷ জিলাখনৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে আজিও অপৰিবৰ্তিত আছে বান পৰিস্থিতি ৷ এনে পৰিস্থিতিৰ মাজতে বৃহস্পতিবাৰে জিলাখনৰ ধিং সমষ্টিৰ অন্তৰ্গত কেইবাটাও বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১১ জুলাইঃ ৰাজ্যৰ সৰ্বত্ৰে এতিয়া বলিয়া বানৰ তাণ্ডৱ ৷ বানাক্ৰান্তৰ মাজত সীমাহীন দুৰ্যোগ ৷ ইয়াৰ ব্যতিক্ৰম নহয় মধ্য অসমৰ নগাঁও জিলাও ৷ জিলাখনৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে আজিও অপৰিবৰ্তিত আছে বান পৰিস্থিতি ৷ এনে পৰিস্থিতিৰ মাজতে বৃহস্পতিবাৰে জিলাখনৰ ধিং সমষ্টিৰ অন্তৰ্গত কেইবাটাও বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷ তেওঁ বানাক্ৰান্ত লোকসকলৰ সমস্যাৰ বুজ লবলৈ প্ৰথমে ডুমডুমীয়া, শ্লুইচগেট, জাৰমাৰি, জেঙণি আৰু ধিঙৰ বিভিন্ন প্লাৱিত অঞ্চলত পৰিভ্ৰমণ কৰি বানপীড়িত ৰাইজৰ বিভিন্ন সমস্যাৰ বুজ লয় । ৰাইজৰ দলৰ মুখপাত্ৰ মেহেবুব মুক্তাৰক লগত লৈ নেতাগৰাকীয়ে বানে ধোৱা অঞ্চলবোৰত বানত ক্ষতি হোৱা মৰাপাট, মাকৈ খেতিৰ উপৰিও বিভিন্ন ফচল আদিৰ ক্ষতিপূৰণ দিবলৈ চৰকাৰক আহ্বান জনাই ৷ পিছত সাংবাদিকৰ আগত ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে কয় যে–কেইটামান দিনৰ পূৰ্বে বন বিভাগে দুজনকৈ লোকক মাছ ধৰিবলৈ যোৱাত এনকাউণ্টাৰ কৰিছে ৷ কিন্তু হাবিৰ পৰা ওলাই অহা এটা সাধাৰণ বাঘক আজি পৰ্যন্ত কৰায়ত্ত কৰি পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হোৱা নাই এই অকৰ্মণ্য বন বিভাগটোৱে । তদুপৰি নেতাগৰাকীয়ে বাঘে আক্ৰমন কৰা তিনিজনকৈ লোকক উপযুক্ত চিকিৎসা আৰু ক্ষতিপূৰণ দিবলৈও দাবী জনায় ৷


















Leave a Comment
Your email address will not be published. Required fields are marked with *