728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

নগাঁৱৰ চমুৱাগাঁৱত শিশুৰ মনঃ সংযোগৰ বিশেষ শিক্ষানুষ্ঠান ‘এবেকাচ’ৰ আত্মপ্ৰকাশ

নগাঁৱৰ চমুৱাগাঁৱত শিশুৰ মনঃ সংযোগৰ বিশেষ শিক্ষানুষ্ঠান ‘এবেকাচ’ৰ আত্মপ্ৰকাশ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১১ জুলাইঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ চমুৱাগাঁওস্থিত শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ত বুধবাৰে শুভাৰম্ভ হয় এবাকাচ(Abacus)ৰ দৰে শিক্ষা জগতৰে সম্পৃক্ত এটি গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ ৷ এই উপলক্ষে বিদ্যালয়খনৰ প্ৰধান আচাৰ্য অজিত বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখনি সভাত মূল বিষয় সন্দৰ্ভত এবেকাচৰ নগাঁৱৰ প্ৰশিক্ষক তথা সঞ্চালক নীলপৱন বৰুৱাই বক্তৃতা আগবঢ়াই কণ-কণ ছাত্ৰ-ছাত্ৰীসকলক ফুল কোমলীয়া বয়সৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১১ জুলাইঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ চমুৱাগাঁওস্থিত শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ত বুধবাৰে শুভাৰম্ভ হয় এবাকাচ(Abacus)ৰ দৰে শিক্ষা জগতৰে সম্পৃক্ত এটি গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ ৷ এই উপলক্ষে বিদ্যালয়খনৰ প্ৰধান আচাৰ্য অজিত বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখনি সভাত মূল বিষয় সন্দৰ্ভত এবেকাচৰ নগাঁৱৰ প্ৰশিক্ষক তথা সঞ্চালক নীলপৱন বৰুৱাই বক্তৃতা আগবঢ়াই কণ-কণ ছাত্ৰ-ছাত্ৰীসকলক ফুল কোমলীয়া বয়সৰ পৰাই প্ৰদান কৰিবলগীয়া শিক্ষাৰ বিষয়ে উল্লেখ কৰি গাণিতিক দক্ষতা, একাগ্ৰতা, শুনাৰ দক্ষতা, আত্মবিশ্বাস, সৃজনশীলতা আৰু স্মৃতি শক্তি বৃদ্ধিৰ সন্দৰ্ভত বিশ্লেষণ দাঙি ধৰে ৷ শিক্ষক অজিত দাসে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত বৰুৱাই লগতে মানৱ সৃষ্ট এক সু-সংহত পৰিবেশৰ দ্বাৰা নিচেই সৰুতে শিশু সকলৰ মগজুৰ শক্তিক শক্তিশালী কৰি গঢ়ি ভৱিষ্যতে এগৰাকী দক্ষ মানৱ ৰূপে প্ৰতিষ্ঠা কৰাই এবাকাচৰ লক্ষ্য বুলিও দোহাৰে ৷ বিশিষ্ট শিল্পী তৰুণ শইকীয়াৰ গীত পৰিবেশনেৰে শুভাৰম্ভ হোৱা সভাখনিত নগাঁও জিলা বাৰ্তাজীৱী সংঘৰ সম্পাদক ভাস্কৰজ্যোতি মেধি, কবি সঞ্জীৱ সাগৰ চৌধুৰী, এবাকাচৰ বেবেজীয়া কেন্দ্ৰৰ সহকাৰী প্ৰশিক্ষক নিশিতা নাথ, বিশিষ্ট সমাজ কৰ্মী ভৱেন চন্দ্ৰ মেধি, সাংবাদিক প্ৰাঞ্জল বৰদলৈকে প্ৰমুখ্য কৰি বহুকেইগৰাকী বিশিষ্ট লোকে অংশ গ্ৰহণ কৰি শ্ৰুতিমধুৰ বক্তব্য আগবঢ়াই ৷ সভাৰ আৰম্ভণিতে অজিত বৰা আৰু বৰ্ণালী মেধিয়ে বন্তি প্ৰজ্জ্বলন কৰে ৷

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!