728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

চকলাঘাটৰ সৰবৰহী ধৰ্মপ্ৰাণ মহিলা জুনুবালা বৰাৰ জীৱনাৱসান

চকলাঘাটৰ সৰবৰহী ধৰ্মপ্ৰাণ মহিলা জুনুবালা বৰাৰ জীৱনাৱসান

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১০ জুলাইঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটৰ নতুন খাটোৱাল গাঁও নিবাসী প্ৰয়াত কৃৰ্তী শিক্ষক, কবি ধৰণীকান্ত বৰাৰ সহধৰ্মিনী তথা সুদক্ষ নামতি, সৰবৰহী ধৰ্মপ্ৰাণা মহিলা জুনুবালা বৰাৰ মঙলবাৰে নিশা প্ৰায় চাৰে আঠ বজাত জীৱনাৱসান ঘটে ৷ প্ৰায় এমাহৰ পূৰ্বে গুৱাহাটীৰ জি এন আৰ চিত চিকিৎসাধীন হৈ ঘৰলৈ উভতি অহা জুনুবালা বৰাক

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১০ জুলাইঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটৰ নতুন খাটোৱাল গাঁও নিবাসী প্ৰয়াত কৃৰ্তী শিক্ষক, কবি ধৰণীকান্ত বৰাৰ সহধৰ্মিনী তথা সুদক্ষ নামতি, সৰবৰহী ধৰ্মপ্ৰাণা মহিলা জুনুবালা বৰাৰ মঙলবাৰে নিশা প্ৰায় চাৰে আঠ বজাত জীৱনাৱসান ঘটে ৷ প্ৰায় এমাহৰ পূৰ্বে গুৱাহাটীৰ জি এন আৰ চিত চিকিৎসাধীন হৈ ঘৰলৈ উভতি অহা জুনুবালা বৰাক মঙলবাৰে বিয়লি ৰক্ত প্ৰদানৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল যদিও তাতে হঠাতে হাৰ্ট এটেক হৈ তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭০ বছৰ ৷ তাহানিতে বানিজ্য শাখাত পি ইউ উৰ্ত্তীণ হৈ ডাক বিভাগত চাকৰি পাইছিল যদিও সন্তানৰ প্ৰতিপালনৰ স্বাৰ্থত চাকৰি নকৰি গৃহস্থালি ধৰ্ম সুন্দৰভাবে পালন কৰি আহিছিল ৷ এসময়ত ৰাজ্যত প্ৰবৰ্তিত প্ৰাপ্তবয়স্ক শিক্ষা আঁচনিত প্ৰশিক্ষিকা হিচাপে কৰ্ম সম্পাদন কৰা জুনুবালা বৰা গাঁৱৰ মূল নামতি আছিল ৷ সৎ, অমায়িক আৰু মৰমিয়াল স্বভাবৰ সৰবৰহী মহিলা জুনুবালা বৰাৰ মৃত্যুত বৃহত্তৰ চকলাঘাট অঞ্চলত শোকৰ ছাঁ পৰিছে ৷ তেওঁৰ মৃত্যুত বিধায়ক ৰূপক শৰ্মাৰ লগতে হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতি, চকলাঘাট শাখা সাহিত্য সভা, চকলাঘাট ক্ৰীড়া সন্থা, জাজৰি প্ৰেছ ক্লাৱ, বেবেজীয়া প্ৰেছ ক্লাৱ, চকলাঘাট চাৰিআলি ব্যৱসায়ী সন্থা, ক্ৰিয়েছন ক্লাৱ আদিকে ধৰি বহু অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে ৷ মৃত্যুৰ সময়ত তেওঁ চাৰিপুত্ৰ, বোৱাৰী, নাতি নাতিনীসহ বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায় ৷

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!