728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

নগাঁৱত কৃষি সামগ্ৰী ব্যৱসায়ীৰ পোন্ধৰ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ

নগাঁৱত কৃষি সামগ্ৰী ব্যৱসায়ীৰ পোন্ধৰ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৯ জুলাইঃ নগাঁও জিলাৰ শিমলুগুৰিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত মঙলবাৰৰ পৰা কৃষি সামগ্ৰী ব্যৱসায়ীৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে ৷ অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট আৰু ৰাজ্যিক কৃষি বিভাগৰ যুটীয়া উদ্যোগত তথা কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ দ্বাৰা আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে কেন্দ্ৰটিৰ মুৰব্বী ড° নিৰঞ্জন ডেকাই ৷ শুভাৰম্ভণি অনুষ্ঠানত

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৯ জুলাইঃ নগাঁও জিলাৰ শিমলুগুৰিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত মঙলবাৰৰ পৰা কৃষি সামগ্ৰী ব্যৱসায়ীৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে ৷ অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট আৰু ৰাজ্যিক কৃষি বিভাগৰ যুটীয়া উদ্যোগত তথা কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ দ্বাৰা আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে কেন্দ্ৰটিৰ মুৰব্বী ড° নিৰঞ্জন ডেকাই ৷ শুভাৰম্ভণি অনুষ্ঠানত মুুখ্য অতিথিৰূপে উপস্থিত থাকি নগাঁও জিলা উন্নয়ন আয়ুক্ত গুনজিৎ কাশ্যপে মানৱ সভ্যতাৰ লগত কৃষি জড়িত । সেইবাবেই আমি প্ৰতিজন মানুহেই জনা-নজনাকৈ কৃষিৰ লগত জড়িত ৷ কৃষিৰ বিকাশৰ বাবে আমি ইজনে সিজনৰ হাতত হাত ধৰি আগুৱাব লাগিব। সততা আৰু দায়বদ্ধতা থাকিলে কৰ্মত আনন্দ থাকে। কিন্তু অসৎ উপায়েৰে অৰ্জন কৰা ধনে কাকো আনন্দ নিদিয়ে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই ৷ নগাঁও আৰু হোজাই জিলাৰ ৪২ গৰাকী কৃষি সামগ্ৰী ব্যৱসায়ীয়ে ভাগ লোৱা এই প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভণি অনুুুুষ্ঠানত অংশ লৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° হিৰণ্য কুমাৰ ভট্টাচাৰ্য আৰু হোজাই জিলা কৃষি বিষয়া ৰঞ্জিত কুমাৰ মিশ্ৰ ভাগৱতীয়েও বহুমূলীয়া বক্তব্য ৰাখে ৷ কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ ভূমি বিজ্ঞান বিশেষজ্ঞ দিপেন চন্দ্ৰ নাথে আঁত ধৰা অনুষ্ঠানটিতে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ দ্বাৰা প্ৰকাশিত “ড্ৰেগন ফলৰ বৈজ্ঞানিক কৃষি পদ্ধতি” শীৰ্ষক এখনি পুস্তিকা উন্মোচন কৰা হয় । কৃষি অৰ্থনীতি বিভাগৰ বিষয়বস্তু বিশেষজ্ঞা ড° চিংকি বৰ্মন, পথাৰ শষ্য বিশেষজ্ঞা ড° বন্তি গগৈ, উদ্যান শস্য বিশেষজ্ঞা জুলি শৰ্মা, প্ৰকল্প সহযোগী ৰূপক কুমাৰ টায়েকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থকা অনুষ্ঠানটিৰ শেষত কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ পশু বিজ্ঞান বিশেষজ্ঞ ড° অনিমেশ ডেকাই শলাগৰ শৰাই আগবঢ়াই । পোন্ধৰ দিনীয়াকৈ আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অহা ২৬ জুলাইত সামৰণি পৰিব ।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!