728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

বানপানী প্ৰতিৰোধ আৰু মথাউৰি নিৰ্মাণঃ কংগ্ৰেছৰ দিনত আঢ়ৈশ কোটিৰ বিপৰীতে বিজেপি চৰকাৰে বছৰি খৰচ কৰি আছে ২০০০ কোটি টকা

বানপানী প্ৰতিৰোধ আৰু মথাউৰি নিৰ্মাণঃ কংগ্ৰেছৰ দিনত আঢ়ৈশ কোটিৰ বিপৰীতে বিজেপি চৰকাৰে বছৰি খৰচ কৰি আছে ২০০০ কোটি টকা

ক’ত আঢ়ৈশ কোটি আৰু ক’ত ২০০০ কোটি টকা!মথাউৰি আৰু নদীৰ মাজত থকা মানুহখিনিহে বানত প্ৰভাৱিত হৈছেঃ মন্ত্ৰী পীযুষ হাজৰীকা কংগ্ৰেছৰ শাসনকালত বান আৰু গৰাখহনীয়া ৰোধৰ বাবে বছৰি মাত্ৰ আঢ়ৈশ কোটি টকা খৰচ কৰিছিল৷ অথচ আমি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ টকা লৈ প্ৰায় ২ হাজাৰ কোটি টকাৰ প্ৰত্যেক বছৰে অসমৰ বান নিয়ন্ত্ৰণৰ কাৰণে আমি কাম

ক’ত আঢ়ৈশ কোটি আৰু ক’ত ২০০০ কোটি টকা!
মথাউৰি আৰু নদীৰ মাজত থকা মানুহখিনিহে বানত প্ৰভাৱিত হৈছেঃ মন্ত্ৰী পীযুষ হাজৰীকা

কংগ্ৰেছৰ শাসনকালত বান আৰু গৰাখহনীয়া ৰোধৰ বাবে বছৰি মাত্ৰ আঢ়ৈশ কোটি টকা খৰচ কৰিছিল৷ অথচ আমি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ টকা লৈ প্ৰায় ২ হাজাৰ কোটি টকাৰ প্ৰত্যেক বছৰে অসমৰ বান নিয়ন্ত্ৰণৰ কাৰণে আমি কাম কৰিছো। – এই মন্তব্য জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ। অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰ দায়ী বুলি ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী পীয়ুষ হাজৰীকাই আৰু কয় যে যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল, কংগ্ৰেছ চৰকাৰৰ দিনত বছৰত আঢ়ৈশ কোটিমান টকা বছৰত বান নিয়ন্ত্ৰণ বিভাগে খৰচ কৰিছিল। কংগ্ৰেছ চৰকাৰৰ দিনত ক’ত আঢ়ৈশ কোটি টকা আৰু বিজেপি চৰকাৰৰ দুই হাজাৰ কোটি টকা! ইয়াতে ওলাই পৰে, পাৰ্থক্য কিমান? মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে এতিয়া কেন্দ্ৰীয় চৰকাৰে দুটা আমাক ঋণ লৈ দিছে। তাৰে ৯০ শতাংশ কেন্দ্ৰীয় চৰকাৰে মাৰিব আৰু ১০ শতাংশ আমি অসম চৰকাৰে মাৰিম। এয়া হৈছে এটা এডিবি বুলি বেংকৰ পৰা লোৱা টকা। ইয়াত আছে প্ৰায় চাৰে তিনি হাজাৰ কোটি টকা। আৰু বিশ্ব বেংকৰ পৰা চাৰে বাৰশ কোটি টকা। মুঠ প্ৰায় ৫ হাজাৰ কোটি টকা। ইয়াৰ ৯০ শতাংশ কেন্দ্ৰীয় চৰকাৰে দিব, ইতিমধ্যে আমাক টকা দিছেই। পৰ্যায়ক্ৰমে ব্ৰহ্মপুত্ৰৰ গৰাখহীয়া প্ৰতিৰোধৰ কাম চলিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি মৰিগাঁও জিলাতে প্ৰায় ৪৫০ কোটি টকাৰ কাম আছে বুলি কয়। ঠিক তেনেকৈ ডিব্ৰুগড়, অসমৰ অন্যান্য অঞ্চল বিলাকত কাম আছে বুলি উল্লেখ কৰি এই কামসমূহ প্ৰযায়ক্ৰমে পৰ্যায়ক্ৰমে চলিব বুলি কয়। তেওঁ পুনৰ কয় যে কেন্দ্ৰীয় চৰকাৰে আমাক ৫ হাজাৰ কোটি টকা ঋণ লৈ দিছে, তাৰে ৯০ শতাংশ মানে চাৰে চাৰি হাজাৰ কোটি টকা ঘূৰাই দিব আৰু ৫০০ কোটি টকা আমি ঘূৰাই দিম। তাৰ পিছত অসম চৰকাৰে আমি বছৰি ন্যূনতম ১০০০ কোটি টকা খৰচ কৰো বানপানী নিয়ন্ত্ৰণৰ কাৰণে। মুঠৰ ওপৰত আমি কেন্দ্ৰীয় চৰকাৰে ঋণ লৈ দিয়া টকা অসম চৰকাৰৰ টকা লৈ প্ৰায় ২ হাজাৰ কোটি টকাৰ প্ৰত্যেক বছৰে অসমৰ কাৰণে আমি কাম কৰিছো। এইবাৰ যদি মথাউৰিৰ কথালৈ চায়, এইবাৰ ব্ৰহ্মপুত্ৰত ৪ টা মথাউৰি ভাঙিছে। এটাও মথাউৰি যাতে নাভাঙে তাৰ কাৰণে আমি কষ্ট কৰো, কাম কৰো। কিন্তু মাটিৰ মথাউৰি ক’ৰবাত এটা দুটা ভাঙে। কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিল ২০০৪ চনত অসমত ৩৫৪ টা মথাউৰি ভাঙিছিল। য’ত ব্ৰহ্মপুত্ৰৰ ৪ টা মথাউৰি ভাঙিছে, তাৰ মানুহখিনৰ বানপানী হৈছে। এটা হৈছে হাতীমূৰা মথাউৰি, এই মথাউৰিটো ভঙাৰ কাৰণে তাৰ মানুহখিনি ক্ষতিগ্ৰস্ত হৈছে। বোকাখাতৰ বংকোৱাল নামৰ এখন গাঁৱত মথাউৰি ভাঙিছে, তাৰ মানুহখিনিৰ ক্ষতি হৈছে। তাৰ দুটা তিনিটা পঞ্চায়ত ক্ষতিগ্ৰস্ত হৈছে। যোগীনীধাৰী বুলি এটা ঠাইত মথাউৰি ভাঙিছে মাজুলীত তাত ৩-৪ টা পঞ্চায়ত ক্ষতিগ্ৰস্ত হৈছে আৰু টেঙাখাতত বুঢ়ীদিহিং নদীত এটা মথাউৰি ভাঙিছে তাত ৩-৪ খন পঞ্চায়ত ক্ষতিগ্ৰস্ত হৈছে। বানপানী হৈছে য’ত মানুহ নদী আৰু মথাউৰিৰ মাজত থাকিবলৈ লয়। তেওঁ মৰিগাঁও জিলাৰ প্ৰসংগ উত্থাপন কৰি কয় যে মৰিগাঁও জিলাখনলৈ যদি আপোনালোকে চায়, তেন্তে তাত দেখিব যে ব্ৰহ্মপুত্ৰৰ মথাউৰি সিটো পাৰেহে পানী হৈছে, ক’তো মথাউৰিৰ ইটো পাৰে পানী হোৱা নাই। গোটেই অসমৰ মথাউৰিৰ ইটো পাৰে পানী মাত্ৰ ৪ খন ঠাইতে হৈছে। আৰু চাৰে তিনিশ কিলোমিটাৰ মথাউৰি বনাবলগীয়া আছে বুলি তেওঁ কয়। এইবাৰ ২১০ কিলোমিটাৰৰ পৰা ২২০ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰাৰ কথাও তেওঁ জানিবলৈ দিয়ে। তদুপৰি উন্মুক্ত হৈ থকা প্ৰায় ৩৫০ কিলোমিটাৰ মথাউৰি আছে যদিও ইয়াৰে ২২০ কিলোমিটাৰ মথাউৰি এইবাৰ নিৰ্মাণ কৰাৰ কথা তেওঁ জানিবলৈ দিয়ে। ইয়াৰ বাবে ইতিমধ্যে সাজু হোৱা বুলিও তেওঁ কয়। বাৰিষাৰ পিছতে তেওঁ মথাউৰি নিৰ্মাণ কৰা হ’ব বুলি কয়। অসমত এইবাৰ বেছিকৈ বানপানী হৈছে, সকলো কষ্টত আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে নদীৰ ফালে থকা ৰাইজৰো কষ্ট হৈছে বুলি কয়। তেওঁলোকৰ কষ্টত আমাৰ অন্তৰেও কান্দে, আমিও কষ্টত আছো বুলি মন্তব্য কৰে। আনহাতে, বানপানীত ক’ৰবাত এটা মানুহ ঢুকালে মন্ত্ৰীগৰাকীয়ে নিজৰ ব্যৰ্থতা বুলি ভাবে, ইয়াক তেওঁ অস্বীকাৰ নকৰে বুলি উল্লেখ কৰে। তেওঁ আৰু কয় যে সাধাৰণতে বানপানী হৈছে নদী আৰু মথাউৰিৰ মাজত। মৰিগাঁও জিলাতো প্ৰায় ১০ হাজাৰ মানুহ প্ৰভাৱিত হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে মথাউৰিৰ ইপাৰৰ মানুহ ক’তো প্ৰভাৱিত হোৱা নাই বুলি কয়। অৰ্থাৎ মথাউৰি আৰু নদীৰ মাজৰ মানুহ প্ৰভাৱিত হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। এইখিনিৰ কাৰণে ওখ ওখকৈ ঘৰ বনাই হৈ বা মানুহখিনিক অন্য প্ৰকাৰে হওক সহায় কৰিব লাগিব বুলি মন্ত্ৰী পীযুষ হাজৰীকাই মন্তব্য কৰে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!