নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৯ জুলাইঃ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মৰ্গত দুদিন ধৰি পৰি আছে এগৰাকী অচিনাকি মহিলাৰ মৃতদেহ । আচলতে, যোৱা ৭ জুলাইত জিলাখনৰ ৰাইদঙীয়াৰ ঔতলত সংঘটিত হোৱা এক ভয়াৱহ পথ দুৰ্ঘটনাত এখন অচিনাকি বাহনে এগৰাকী অচিনাকি মহিলা পথচাৰীক খুন্দিয়াই থৈ গৈছিল ৷ ফলত পথচাৰী মহিলাগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল । পিছত স্থানীয় লোকে
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৯ জুলাইঃ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মৰ্গত দুদিন ধৰি পৰি আছে এগৰাকী অচিনাকি মহিলাৰ মৃতদেহ । আচলতে, যোৱা ৭ জুলাইত জিলাখনৰ ৰাইদঙীয়াৰ ঔতলত সংঘটিত হোৱা এক ভয়াৱহ পথ দুৰ্ঘটনাত এখন অচিনাকি বাহনে এগৰাকী অচিনাকি মহিলা পথচাৰীক খুন্দিয়াই থৈ গৈছিল ৷ ফলত পথচাৰী মহিলাগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল । পিছত স্থানীয় লোকে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল যদিও আঘাত গুৰুত্বৰ হোৱাৰ বাবে পৰবৰ্তী সময়ত চিকিৎসালয়ত মহিলাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল । কিন্তু এতিয়ালৈকে চিনাক্তকৰণ হোৱা নাই চিকিৎসালয়ৰ মৰ্গতে ৰখা মহিলাগৰাকীৰ মৃতদেহ । এনেদৰে দুদিন উকলি যোৱাৰ পিছটো পৰিচয় নোলোৱাত স্বাভাবিকতেই সমস্যাত পৰিছে চিকিৎসালয় কৰ্তৃপক্ষ । সেয়ে আত্মীয়-স্বজন তথা সদাশয় ব্যক্তিয়ে মহিলাগৰাকীক চিনাক্তকৰণৰ কৰি মৃতদেহটো চমজি লবলৈ আহ্বান জনাইছে চিকিৎসালয় কৰ্তৃপক্ষই ।


















Leave a Comment
Your email address will not be published. Required fields are marked with *