728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সোনাইপৰীয়া শিল্পী মঞ্চৰ প্ৰতিষ্ঠা দিৱস অনুষ্টুপীয়াকৈ পালন

বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সোনাইপৰীয়া শিল্পী মঞ্চৰ প্ৰতিষ্ঠা দিৱস অনুষ্টুপীয়াকৈ পালন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৮ জুলাই: নগাঁ‌ও জিলাৰ বৃহত্তৰ সোণাইপৰীয়া অঞ্চলৰ শিল্পীসকলক একত্ৰিত কৰি শৈল্পিক ধাৰাক সোণাই নৈৰ সোঁ‌তে সোঁ‌তে চিৰকাল বোৱাই ৰখাৰ মানসেৰে গঠিত ”সোণাইপৰীয়া শিল্পী মঞ্চ”ৰ প্ৰতিষ্ঠা দিৱসটি সোমবাৰে সাম্প্ৰতিক বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ পালন কৰা হয় ৷ সেই উদ্দেশ্যে হাতীচোং মৌজাৰ মাজগাঁ‌ৱৰ জগজ্জ্যোতি নাট্য মন্দিৰ প্ৰাংগণত বন্তি প্ৰজ্জ্বলন আৰু গছপুলি ৰোপন কাৰ্যসূচী

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৮ জুলাই: নগাঁ‌ও জিলাৰ বৃহত্তৰ সোণাইপৰীয়া অঞ্চলৰ শিল্পীসকলক একত্ৰিত কৰি শৈল্পিক ধাৰাক সোণাই নৈৰ সোঁ‌তে সোঁ‌তে চিৰকাল বোৱাই ৰখাৰ মানসেৰে গঠিত ”সোণাইপৰীয়া শিল্পী মঞ্চ”ৰ প্ৰতিষ্ঠা দিৱসটি সোমবাৰে সাম্প্ৰতিক বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ পালন কৰা হয় ৷ সেই উদ্দেশ্যে হাতীচোং মৌজাৰ মাজগাঁ‌ৱৰ জগজ্জ্যোতি নাট্য মন্দিৰ প্ৰাংগণত বন্তি প্ৰজ্জ্বলন আৰু গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী পৰমানন্দ গোস্বামীয়ে আৰু গছপুলি ৰোপন কৰে দয়ানন্দ গোস্বামীয়ে । উক্ত কাৰ্যসূচীত সোণাইপৰীয়া শিল্পী মঞ্চৰ সভাপতি জিতু শ্ৰাৱন, সম্পাদক কাঞ্চন কুমাৰ বৰদলৈ, উদযাপন সমিতিৰ সভাপতি দয়ানন্দ গোস্বামী, সম্পাদক কিশোৰ শইকীয়া, সোনাইপৰীয়া কবি সন্মিলনৰ সভাপতি সঞ্জীৱ সাগৰ চৌধুৰীকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তি, সংগীত শিল্পীৰ লগতে সোনাইপৰীয়া শিল্পী মঞ্চ আৰু উদযাপন সমিতিৰ সদস্য-সদস্যাসকল উপস্থিত থাকে ৷ উল্লেখ্য, পৰৱৰ্তী সময়ত অসমৰ বান পৰিস্থিতি উন্নত হ’লে প্ৰতিষ্ঠা দিৱস উপলক্ষে বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান উলহ-মালহেৰে অনুষ্ঠিত কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে ৷

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!