728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

ৰাইদঙীয়াত “বিকাশ”ৰ উদ্যোগত আয়োজিত যোগাসন প্ৰশিক্ষণ শিবিৰৰ সামৰণি

ৰাইদঙীয়াত “বিকাশ”ৰ উদ্যোগত আয়োজিত যোগাসন প্ৰশিক্ষণ শিবিৰৰ সামৰণি

নগা পৰা জয়ন্ত মুদৈ, ৮ জুলাইঃ শিশুৰ বাবে উৎসৰ্গিত অগ্ৰণী অনুষ্ঠান “বিকাশ”ৰ উদ্যোগত নগাঁও জিলাৰ ৰাইদঙীয়াত চলিত জুলাই মাহৰ গৰমৰ বন্ধৰ সময়ছোৱাৰ সৎ ব্যৱহাৰ কৰি যোৱা পহিলা জুলাইৰ পৰা সাতদিনীয়া এক বিশেষ যোগাসন প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয়। প্ৰতিদিনে পুৱা ৬ বজাৰ পৰা ৮ বজালৈ অনুষ্ঠিত এই প্ৰশিক্ষণত বিশিষ্ট যোগ প্ৰশিক্ষক শংকৰ দেৱনাথ আৰু ৠতুৰাজ

নগা পৰা জয়ন্ত মুদৈ, ৮ জুলাইঃ শিশুৰ বাবে উৎসৰ্গিত অগ্ৰণী অনুষ্ঠান “বিকাশ”ৰ উদ্যোগত নগাঁও জিলাৰ ৰাইদঙীয়াত চলিত জুলাই মাহৰ গৰমৰ বন্ধৰ সময়ছোৱাৰ সৎ ব্যৱহাৰ কৰি যোৱা পহিলা জুলাইৰ পৰা সাতদিনীয়া এক বিশেষ যোগাসন প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয়। প্ৰতিদিনে পুৱা ৬ বজাৰ পৰা ৮ বজালৈ অনুষ্ঠিত এই প্ৰশিক্ষণত বিশিষ্ট যোগ প্ৰশিক্ষক শংকৰ দেৱনাথ আৰু ৠতুৰাজ শৰ্মাই প্ৰশিক্ষণ প্ৰদান কৰে। ৰাইদঙীয়াৰ পাঁচআলিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠানত ঔম মন্ত্ৰ উচ্চাৰণৰ পিছত চক্ৰাসন, ধনুৰাসন, নৌকাসন, আকৰ্ন ধনুৰাসন আৰু প্ৰাণায়াম কৰা হয় । পিছত শিৱ প্ৰসাদ বৰাই আঁত ধৰা সামৰণি অনুষ্ঠানত বিকাশৰ তৰফৰ পৰা প্ৰশিক্ষকদ্বয়ক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানটিত নিমন্ত্ৰিত অতিথি ৰূপে অংশ গ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক দিব্যজ্যোতি বৰুৱাই “যোগাসনে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক দিশক কেনেদৰে উৎকৰ্ষ সাধন কৰে” সেই বিষয়ে আলোকপাত কৰে । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বিকাশৰ উপদেষ্টা গোবিন হাজৰিকা, খগেন বৰুৱা, প্ৰধান সম্পাদক শংকৰজ্যোতি শৰ্মা, বিচিত্র নাৰায়ণ শ‌ইকীয়াৰ লগতে অঞ্চলটোৰ শতাধিক ৰাইজ উপস্থিত থাকে৷

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!