যোৰহাট, ৫ জুলাইঃ বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগিতাত অনুষ্ঠিত কৰা ফলমূল আৰু শাক-পাচলি সংৰক্ষণ আৰু প্ৰক্ৰিয়া কৰণৰ দুদিনীয়া প্ৰশিক্ষণৰ আজি সামৰণি পৰে। বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ পুঁজিৰে বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদৰ এলেকাৰ ২০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণত ফল-মূল আৰু শাক-পাচলি সংৰক্ষণৰ গুৰুত্ব আৰু ই কেনেকৈ বড়ো কছাৰী
যোৰহাট, ৫ জুলাইঃ বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগিতাত অনুষ্ঠিত কৰা ফলমূল আৰু শাক-পাচলি সংৰক্ষণ আৰু প্ৰক্ৰিয়া কৰণৰ দুদিনীয়া প্ৰশিক্ষণৰ আজি সামৰণি পৰে। বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ পুঁজিৰে বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদৰ এলেকাৰ ২০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণত ফল-মূল আৰু শাক-পাচলি সংৰক্ষণৰ গুৰুত্ব আৰু ই কেনেকৈ বড়ো কছাৰী গ্ৰাম্য যুৱক-যুৱতীসকলৰ বাবে এক লাভজনক উদ্যোগ হ’ব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি বক্তব্যত স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড:অনুপ কুমাৰ দাসে কয় যে এই প্ৰশিক্ষণৰ মুল্য বহু বেছি, ফলমূল সংসাধনৰ জৰিয়তে মুল্য সংযোজনৰ কৰি এই দিশত নিজকে নিয়োজিত কৰিব পাৰিলে ব্যৱসায়িক ভাৱে লাভৱান হব পাৰিব। জনজাতীয় লোকসকল এই দিশত চালিকা শক্তি হ’ব পাৰে। চিৰিয়াছকৈ ল’লে এই দিশত আগবাঢ়ি নিজকে দক্ষ কৰিব পাৰিব।পাঠ্যক্ৰম সমন্বয়ক ড০ সৌমিত্ৰ গোস্বামীয়ে প্ৰশিক্ষণৰ সবিশেষ ব্যক্ত কৰা অনুষ্ঠানটোত সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ ৰঞ্জিত কুমাৰ সাউদে অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰযুক্তিগত জ্ঞান আৰু কৌশল ৰ জৰিয়তে কৃষকসকল যথেষ্ঠ উপকৃত হৈ কৃষিজাত দ্ৰব্য সংৰক্ষণ আৰু সংসাধন উদ্যোগ গঢ়ি তোলাত সহায়ক হ’ব বুলি আশা ব্যক্ত কৰে। অনুষ্ঠানত “প্ৰছেচিং এণ্ড প্ৰিজাৰভেশ্যন অৱ ফ্ৰুইটছ এণ্ড ভিজিটেবলছ” শীৰ্ষক ট্ৰেইনিং মেনুৱেল এখনো উন্মোচন কৰা হয়। জ্যেষ্ঠ বিজ্ঞানী ড: ৰূপজ্যোতি বৰাই আঁত ধৰা সামৰণি অনুষ্ঠানত বক্তব্যত বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰীয়ে এনেধৰণৰ প্ৰশিক্ষণৰ জৰিয়তে বড়ো কছাৰী জনগোষ্ঠীৰ লোকসকল যথেষ্ট উপকৃত হ’ব বুলি আশা ব্যক্ত কৰে । স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড০ অনুপ কুমাৰ দাস আৰু সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ ৰঞ্জিত কুমাৰ সাউদে সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰশিক্ষণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। এই অনুষ্ঠানত পাঠ্যক্ৰম সঞ্চালিকা ড০ আৰিফা মমতাজ বেগম, ড° মনোজ কুমাৰ চৌহান আৰু ড° ভৃগু কুমাৰ নেওগে অংশগ্ৰহণ কৰে।



















Leave a Comment
Your email address will not be published. Required fields are marked with *