নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৪ জুলাইঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত পঞ্চাশৰ দশকতে তেৰাৰ নামত প্ৰতিষ্ঠিত অগ্ৰণী শিক্ষানুষ্ঠান বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উৎসৱ উদযাপনৰ নিমিত্তে এখনি সাধাৰণ সভা অনুষ্ঠিত কৰা হয় । বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনি প্ৰাক্তন শিক্ষাৰ্থী সন্দীপ কলিতা
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৪ জুলাইঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত পঞ্চাশৰ দশকতে তেৰাৰ নামত প্ৰতিষ্ঠিত অগ্ৰণী শিক্ষানুষ্ঠান বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উৎসৱ উদযাপনৰ নিমিত্তে এখনি সাধাৰণ সভা অনুষ্ঠিত কৰা হয় । বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনি প্ৰাক্তন শিক্ষাৰ্থী সন্দীপ কলিতা আৰু প্ৰাৰ্থনা কলিতাৰ দ্বাৰা বৰগীত পৰিবেশনেৰে শুভাৰম্ভ কৰা হয় । প্ৰথমেই বিদ্যালখনৰ অধ্যক্ষ অনিল শইকীয়াই সভাৰ উদ্দেশ্য ব্যাখ্যাত বিদ্যালয় খনিৰ গৌৰৱোজ্জ্বল ইতিহাস সোঁৱৰণ কৰি গুনোৎসৱত ‘এ’ গ্ৰেডৰ লগতে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ক্ৰমে ৮৫ আৰু ৯৯ শতাংশ উৰ্ত্তীনৰ হাৰ লাভেৰে শৈক্ষিক দিশৰ উন্নতি ঘটোৱা বিষয়ৰ ওপৰত আলোকপাত কৰে । গাম্ভীৰ্যপূৰ্ণ সভাখনিত বটদ্ৰৱা শ্ৰী শ্ৰী শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত, বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি উপেন চন্দ্ৰ কলিতা, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, সম্পাদক টিকেন গোস্বামী, প্ৰাক্তন ছাত্ৰ যতীন বৰুৱা, ধনীয়াভেটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰফিকুল ইছলাম, লংকাৰ কৃষ্ণ বৰা বি এড কলেজৰ অধ্যক্ষ মোস্তাফিজুৰ ৰহমান, সমাজকৰ্মী মুকুল শইকীয়া, প্ৰদীপ অধিকাৰী, লক্ষী বৰা, যোগেন কলিতা, হৰেণ কলিতা, হিমেশ্বৰ দাস, গোপাল কলিতা, প্ৰাক্তন অধ্যক্ষ আব্দুছ ছালাম, প্ৰাক্তন শিক্ষক বদন কলিতা, পুষ্পেন্দ্ৰ কলিতা, জয়ন্ত হাজৰিকাকে ধৰি দীপাংকৰ গিৰি দেৱ গোস্বামী, গুণমনি কলিতা, সুৰজিৎ দেৱনাথ, অনিমা খাটনিয়াৰ, নীতা বৰা, হীৰামণি বৰুৱা, দিপশিখা কলিতা, ৰাজীৱ কলিতা প্ৰমুখ্যে সকলো শিক্ষক-কৰ্মচাৰী, আছুৰ তপন কলিতা, বৃহত্তৰ অঞ্চলটোৰ বহু সংখ্যক প্ৰাক্তন শিক্ষাৰ্থী আৰু শুভাকাংক্ষী ৰাইজ উপস্থিত থাকে ৷ সভাৰ প্ৰাকক্ষণত প্ৰাক্তন ছাত্ৰ হিৰণ্য কলিতাই আঁত ধৰা এক অনুষ্ঠানত বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশৰ উত্তৰণৰ ক্ষেত্ৰত অৰিহণা যোগোৱা শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকলক বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ তৰফৰ পৰা একোটিকৈ স্মাৰকেৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । উক্ত সভাতে মহাৰজত জয়ন্তী উদযাপন উপলক্ষ্যত বিভিন্ন গঠনমূলক আলোচনাৰ অন্তত সৰ্বসন্মতি ক্ৰমে নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক সভাপতি, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি উপেন চন্দ্ৰ কলিতাক কাৰ্যকৰী সভিপতি, অধ্যক্ষ অনিল শইকীয়াক সদস্য সচিব, জ্যেষ্ঠ শিক্ষক গুণমনি কলিতা আৰু প্ৰাক্তন ছাত্ৰ, সমাজকৰ্মী ইন্দ্ৰমোহন বৰুৱাক সহকাৰী সাধাৰণ সম্পাদক তথা প্ৰাক্তন ছাত্ৰ নেতা হিৰণ্য কলিতাক কোষাধ্যক্ষ হিচাপে লৈ মহাৰজত জয়ন্তী উদযাপনৰ অভ্যৰ্থনা সমিতিখন গঠন কৰা হয় । তদুপৰি সভাত চলিত বৰ্ষৰ শেষৰ ফালে মহাৰজত জয়ন্তী বৰ্ষৰ শুভাৰম্ভনী অনুষ্ঠান তথা অহা বৰ্ষৰ শেষৰ ফালে মুল অনুষ্ঠান অতি আড়ম্বৰপূৰ্ণভাৱে আয়োজনৰ সিদ্ধান্ত গ্ৰহন কৰা হয় ৷ উল্লেখ্য যে, সত্তৰৰ দশকত তিনিজন কীৰ্তিমান ছাত্ৰই আৰু একবিংশ শতিকাত এগৰাকী ছাত্ৰীয়ে অসমৰ ভিতৰতে স্থান লাভ কৰাৰ লগতে বহু সংখ্যক কীৰ্তিমান শিক্ষাৰ্থীয়ে বটদ্ৰৱাৰ শৈক্ষিক গৰিমা বৃদ্ধি কৰা বিদ্যালয়খনে ইতিমধ্যে অসম চৰকাৰৰ পৰা প্ৰায় ৭ কোটি টকাৰ অনুদান লাভ কৰি মডেল স্কুলৰ মৰ্যদা পাইছে ।




















Leave a Comment
Your email address will not be published. Required fields are marked with *