728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

নগাঁৱৰ দক্ষিণ-পশ্চিমাঞ্চলত বছৰৰ তৃতীয়টো বান, কপিলীৰ ঢলে বোৱাইছে ন ন অঞ্চল

নগাঁৱৰ দক্ষিণ-পশ্চিমাঞ্চলত বছৰৰ তৃতীয়টো বান, কপিলীৰ ঢলে বোৱাইছে ন ন অঞ্চল

ভগা মথাউৰিৰে হুৰাহুৰে সোমাইছে পানী নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩ জুলাইঃ সমগ্ৰ ৰাজ্যতে বলীয়া বানে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে নগাঁও জিলাৰ দক্ষিণ-পশ্চিমাঞ্চল বছৰৰ তৃতীয়টো বানৰ কৱলত পৰাৰ বাতৰি পোৱা গৈছে ৷ বিগত দিনকেইটাত হোৱা ধৰাষাৰ বৰষুণৰ হেতু পুনৰ কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত এতিয়া কপিলীৰ বাঢ়নী পানীয়ে কামপুৰ ৰাজহ চক্ৰৰ বহু অঞ্চল প্লাৱিত কৰিছে

ভগা মথাউৰিৰে হুৰাহুৰে সোমাইছে পানী

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩ জুলাইঃ সমগ্ৰ ৰাজ্যতে বলীয়া বানে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে নগাঁও জিলাৰ দক্ষিণ-পশ্চিমাঞ্চল বছৰৰ তৃতীয়টো বানৰ কৱলত পৰাৰ বাতৰি পোৱা গৈছে ৷ বিগত দিনকেইটাত হোৱা ধৰাষাৰ বৰষুণৰ হেতু পুনৰ কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত এতিয়া কপিলীৰ বাঢ়নী পানীয়ে কামপুৰ ৰাজহ চক্ৰৰ বহু অঞ্চল প্লাৱিত কৰিছে । আচলতে, ধাৰাষাৰ বৰষুণৰ লগতে ভুতৰ ওপৰত দানহ পৰাদি উমৰাংচুৰ খানদং বান্ধ খুলি দিয়াৰ ফলত ফেনে ফুটুকাৰে কপিলীৰ জলপৃষ্ঠ বৃদ্ধি পাই বুৰাই পেলাইছে কামপুৰৰ ন ন অঞ্চল । ফলত অধিক পৰিমাণে আতংকিত হৈ পৰিছে অঞ্চলবাসী জনতা ৷ সম্প্ৰতি কামপুৰত বিপদসীমাৰ ওপৰেৰে কপিলী নৈৰ জলপৃষ্ঠ বৈ থকা বুলি জানিব পৰা গৈছে । ইফালে, বছৰৰ দ্বিতীয়টো বানে সৃষ্টি কৰা তাণ্ডৱৰ কথা মনৰ পৰা আঁতৰ নৌহওঁতেই পুনৰ পটিয়াপামৰ ভগ্ন মথাউৰিৰে হুৰাহুৰে পানী সোমোৱাৰ ফলত কামপুৰ আৰু কঠীয়াতলী মৌজাৰ প্ৰতি স্বাভাবিকতেই শংকা নামি আহিছে ৷ তদুপৰি চাংজুৰাই, পটিয়াপাম, তিনি নং ৰে’ল গেটত কামপুৰ-যমুনামুখ সংযোগী ব্যস্ততাপূৰ্ণ পথটোৰে হুৰা হুৰে পানী বাগৰিছে বুলি খবৰ পোৱা গৈছে । এনে পৰিস্থিতিত নৈপৰীয়া ৰাইজক সজাগ আৰু সচেতন হৈ থাকিবলৈ মাইকযোগে প্ৰশাসনে আহ্বান জনোৱাত ৰাইজ অধিক শংকিত হৈ পৰিছে । ইফালে, কামপুৰ পৌৰসভাৰ এলেকাধীন বুঢ়াপতিয়া গাঁৱৰ সাতটা পৰিয়ালে কামপুৰৰ বুঢ়া মায়ঙৰ প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় লোৱা বুলি জানিব পৰা গৈছে ।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!