নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩ জুলাইঃ সমগ্ৰ ৰাজ্যতে অব্যাহত থকা বলীয়া বানৰ বিভীষিকাৰ মাজতে নগাওঁ জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তৰ জুৰীয়া আৰক্ষী থানাৰ এলেকাধীন জেঙনিত এতিয়া বাঘৰ সন্ত্ৰাসে ৰাইজৰ মাজত আতংকময় পৰিস্থিতিৰ উদ্ভৱ ঘটাইছে ৷ প্ৰাপ্ত খবৰ মতে, বুধবাৰে পুৱাই জেঙনিত বনাঞ্চল এৰি জনাঞ্চলত প্ৰবেশ কৰা এটা নাহৰফুটুকী বাঘৰ আক্ৰমণৰ সন্মুখীন হয় দুজন লোক । ফলত দুয়োজন
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩ জুলাইঃ সমগ্ৰ ৰাজ্যতে অব্যাহত থকা বলীয়া বানৰ বিভীষিকাৰ মাজতে নগাওঁ জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তৰ জুৰীয়া আৰক্ষী থানাৰ এলেকাধীন জেঙনিত এতিয়া বাঘৰ সন্ত্ৰাসে ৰাইজৰ মাজত আতংকময় পৰিস্থিতিৰ উদ্ভৱ ঘটাইছে ৷ প্ৰাপ্ত খবৰ মতে, বুধবাৰে পুৱাই জেঙনিত বনাঞ্চল এৰি জনাঞ্চলত প্ৰবেশ কৰা এটা নাহৰফুটুকী বাঘৰ আক্ৰমণৰ সন্মুখীন হয় দুজন লোক । ফলত দুয়োজন লোক গুৰুত্বৰভাবে আহত হয় ৷ লোক দুজন হৈছে জেঙনিৰ ৫৫ বছৰীয়া আব্দুল আজিজ আৰু কলাডুবাৰ ২৬ বছৰীয়া যুৱক আক্তাৰ আলী ৷ ইয়াৰে আক্তাৰ আলীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ৷ আচলতে, পুৱা আন দিনাৰ দৰেই পথাৰত কাম কৰিবলৈ যোৱা অৱস্থাতে আকস্মিকভাবে বাঘৰ আক্ৰমণৰ সন্মুখিন হয় লোক দুজন ৷ পিছত স্থানীয় ৰাইজৰ সহযোগত পৰিয়ালৰ লোকে আহত লোক দুজনক উদ্ধাৰ কৰি নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই । ৰাইজৰ সন্দেহ বাঢ়নী পানীয়ে লাওখোৱা অভয়াৰণ্য জলমগ্ন কৰাৰ হেতু অভয়াৰণ্যখনৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰিছে আক্ৰমণকাৰী নাহৰফুটুকীটোৱে । সেয়ে আতংকিত হৈ পৰা অঞ্চলবাসী ৰাইজে বাঘটো খেদাই পঠিওৱাৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহনৰ অনুৰোধ জনাইছে ৷


















Leave a Comment
Your email address will not be published. Required fields are marked with *