দুষ্কাৰ্যত জড়িতসকলক শীঘ্ৰে কঠোৰ শাস্তি প্ৰদানৰ দাবী আক্ৰাছুৰচুৰি কাৰ্য, ধৰ্ষণ আদি ঘটনাৰে সমাজখন থানবান কৰাৰ ষড়যন্ত্ৰত নামিছে এই বিশেষ সম্প্ৰদায়ৰ লোকআমছুৰ দৰে সংগঠনে ধৰ্ষণকাৰীক সুৰক্ষা প্ৰদান কৰেঃ আছা অসমীয়া খিলঞ্জীয়া নাবালিকা-যুৱতীৰ ওপৰত এটা বিশেষ সম্প্ৰদায়ৰ লোকে চলাই অহা ধাৰাবাহিক গণধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ ঘটনাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কেইবাটাও জনজাতীয় ছাত্ৰ সংগঠন। এই সন্দৰ্ভত আজি
দুষ্কাৰ্যত জড়িতসকলক শীঘ্ৰে কঠোৰ শাস্তি প্ৰদানৰ দাবী আক্ৰাছুৰ
চুৰি কাৰ্য, ধৰ্ষণ আদি ঘটনাৰে সমাজখন থানবান কৰাৰ ষড়যন্ত্ৰত নামিছে এই বিশেষ সম্প্ৰদায়ৰ লোক
আমছুৰ দৰে সংগঠনে ধৰ্ষণকাৰীক সুৰক্ষা প্ৰদান কৰেঃ আছা
অসমীয়া খিলঞ্জীয়া নাবালিকা-যুৱতীৰ ওপৰত এটা বিশেষ সম্প্ৰদায়ৰ লোকে চলাই অহা ধাৰাবাহিক গণধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ ঘটনাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কেইবাটাও জনজাতীয় ছাত্ৰ সংগঠন। এই সন্দৰ্ভত আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই গুৱাহাটী দিছপুৰৰ PWD Convention & Training Centreত এক যৌথ সংবাদমেল সম্বোধন কৰে। সংবাদমেলত এই বিশেষ সম্প্ৰদায়টোৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি ছাত্ৰ সংগঠনকেইটাৰ নেতৃত্বই এই দুষ্কাৰ্যসমূহৰ বিৰুদ্ধে ৰাইজক মাৰবান্ধি থিয় হ’বলৈ আহ্বান জনায়। সংবাদেমেলত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি বলোৰাম বৰ্মনে এই সন্দৰ্ভত কয় যে খিলঞ্জীয়াৰ ওপৰত চলা অত্যাচাৰ পূৰ্ব পৰিকল্পিত। ধুবুৰীৰ নালিয়াত ২৬ জুনত কোচ ৰাজবংশী পৰিয়ালৰ ঘৰৰ সন্মুখত ত্যাগ কৰিছিল মল-মূত্ৰ। কেৱল সেয়াই নহয়, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁৱত মাটি দখলৰ চেষ্টা চলাইছে মুছলমান সম্প্ৰদায়ৰ লোকে। ছাত্ৰ নেতাজনে এইসকল লোকে সমাজখন থানবান কৰাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ তুলি কয় যে তামোল চুৰিৰ ঘটনাৰ আলম লৈয়ো খিলঞ্জীয়া পৰিয়ালক অত্যাচাৰ চলায় এই বিশেষ সম্প্ৰদায়টোৱে। দুষ্কৃতিকাৰীক চিনাক্ত কৰাত মুছলমান সম্প্ৰদায়ৰ সচেতন লোকক সহায় কৰিবলৈও তেওঁ আহ্বান জনায়। আনহাতে এনে কাৰ্যত জড়িতসকলক শীঘ্ৰে কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় আক্ৰাছুৱে। অন্যথা তেওঁলোক আইন হাতত তুলি ল’বলৈ বাধ্য হ’ব বুলি হুংকাৰ দিয়ে। আনহাতে, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সুনীল ছেত্ৰীয়ে সংবাদমেলত বিগত ৪ মাহত ১৩ টা নাৰীজনিত ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰে। তেওঁ কয় যে এই ঘটনাত জড়িত আছে এটা বিশেষ ধৰ্মাৱলম্বী লোক। এই ঘটনাৰ আঁৰত অন্য পৰিকল্পনা থাকিব পাৰে বুলিও তেওঁ সন্দেহ প্ৰকাশ কৰে। তেওঁ কয় যে ঘটনাপ্ৰৱাহলৈ চাই এতিয়া এনেদৰে ভাবিলৈ বাধ্য হৈছে সকলোৱে। ভৱিষ্যতে আৰু এনে ঘটনা সহ্য কৰা নহ’ব বুলি মন্তব্য কৰি তেওঁ শীঘ্ৰে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায়। অন্যথা ৰাজ্যত গোষ্ঠী সংঘৰ্ষৰ দৰে ঘটনাও সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰে ছাত্ৰ নেতাজনে। আনহাতে, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ গোৱালাই ধৰ্ষণকাৰীক এনকাউণ্টাৰ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। তেওঁ কয় যে ৯০ শতাংশ ধৰ্ষণৰ ঘটনা সংঘটিত কৰে এই বিশেষ সম্প্ৰদায়টোৰ লোকে। তেওঁ অসমত অপৰাধ সংঘটিত কৰা ধৰ্ম আছে বুলি উল্লেখ কৰি আমছুৰ দৰে সংগঠনে ধৰ্ষণকাৰীক সুৰক্ষা প্ৰদান কৰে বুলি অভিযোগ কৰে।


















Leave a Comment
Your email address will not be published. Required fields are marked with *