নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১ জুলাইঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত শান্তিজান বজাৰৰ বিগত বৰ্ষৰ মহলদাৰৰ আৰ্থিক অনিয়ম সন্দৰ্ভত এক গুৰুত্বৰ অভিযোগ পোৱা গৈছে ৷ আচলতে, মোহম্মদ মোস্তাফা কামাল নামৰ এজন ব্যক্তিৰ আবেদন অনুসৰি নগাঁও জিলা পৰিষদৰ কাৰ্যালয়ৰ পৰা পোৱা আৰ টি আইৰ তথ্য মতে ২০২১-২২ চনত নগাঁও জিলা পৰিষদৰ তৰফৰ পৰা শান্তিজান অৰ্ধ সাপ্তাহিক বজাৰখন
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১ জুলাইঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত শান্তিজান বজাৰৰ বিগত বৰ্ষৰ মহলদাৰৰ আৰ্থিক অনিয়ম সন্দৰ্ভত এক গুৰুত্বৰ অভিযোগ পোৱা গৈছে ৷ আচলতে, মোহম্মদ মোস্তাফা কামাল নামৰ এজন ব্যক্তিৰ আবেদন অনুসৰি নগাঁও জিলা পৰিষদৰ কাৰ্যালয়ৰ পৰা পোৱা আৰ টি আইৰ তথ্য মতে ২০২১-২২ চনত নগাঁও জিলা পৰিষদৰ তৰফৰ পৰা শান্তিজান অৰ্ধ সাপ্তাহিক বজাৰখন জিয়াউৰ ৰহমান নামৰ এজন লোকক ১১ মাহ ৯ দিনৰ কাৰণে ৮৪,০০,৮৫৭ টকাত বন্দবস্ত কৰি দিয়া হৈছিল । পিছে আৰ টি আই তথ্য মতে বৰ্তমানলৈকে মহলদাৰ জিয়াউৰ ৰহমানৰ পৰা চৰকাৰী পক্ষক ৩৩,১৬,৩০৯ টকাহে জমা দিয়া হৈছে । কিন্ত আজিৰ তাৰিখলৈকে প্ৰায় তিনি বছৰ সম্পূৰ্ণ হ’বৰ সময়টো উক্ত মহলদাৰ জনৰ নামত মুঠ ১৪,৮৪,৫৪৮ টকা অনাদায় হৈ আছে । উক্ত জিয়াউৰ ৰহমান নামৰ মহলদাৰ জনৰ নিবিদাত আব্দুল হাসেম নামৰ লোকজন জামিনদাৰ হিচাপে আছিল । কিন্ত নগাঁও জিলা পৰিষদৰ ফালৰ পৰা আজিৰ তাৰিখলৈকে মহলদাৰ, জামিনদাৰ আৰু সেই সময়ৰ কাৰ্যবাহী বিষয়াৰ ওপৰত কোনো ধৰণৰ ব্যবস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । সেয়ে এই সমগ্ৰ ধন আত্মসাৎ তথা অনিয়ম সন্দৰ্ভত প্ৰশাসনৰ ফালৰ পৰা উচিত তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী তুলিছে দিব্যাংগ মঞ্চ অসমৰ লগতে বৃহত্তৰ বটদ্ৰৱা অঞ্চলৰ সচেতন ৰাইজে । ইফালে, বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত শান্তিজান বজাৰৰ এই সমগ্ৰ অনিয়ম আৰু ধন আত্মসাৎ বিষয়ত উচিত তদন্ত বিচাৰি দিব্যাংগ মঞ্চ অসমৰ সভাপতি নৱজিৎ বৰ্মন, কাৰ্যকৰী সভাপতি মোহম্মদ মোস্তাফা কামাল আৰু সম্পাদক ছেমিম আহমেদে যোৱা ২৬ জুনত নগাঁও জিলা আয়ুক্ত, এ পি আৰ ডি এছ গুৱাহাটীৰ অতিৰিক্ত উন্নয়ন আয়ুক্ত আৰু নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক আবেদন পত্ৰ প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে ।


















Leave a Comment
Your email address will not be published. Required fields are marked with *