728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

এইবাৰ খোদ অসম আৰক্ষীকে মুকলি প্ৰত্যাহ্বান বিশেষ সম্প্ৰদায়ৰ লোকৰ

এইবাৰ খোদ অসম আৰক্ষীকে মুকলি প্ৰত্যাহ্বান বিশেষ সম্প্ৰদায়ৰ লোকৰ

🔹লখিমপুৰ থানা ঘেৰাও কৰাৰ মুকলি ভাবুকি বিশেষ সম্প্ৰদায়ৰ লোকৰ🔹৬ জুলাইৰ পৰা ১০ জুলাইলৈ লখিমপুৰ উত্তাল কৰাৰ মুকলি ভাবুকি🔹অসম আৰক্ষীক মুকলি প্ৰত্যাহ্বান জনোৱাৰ ক’ত সাহস পাইছে এই সম্প্ৰদায়টোৱে?🔹সামাজিক মাধ্যমযোগে ভিডিঅ’ শ্বেয়াৰ কৰি ‘আজি কোন দিশে অসম’ বুলি মন্ত্ৰী পীযুষ হাজৰীকাৰ প্ৰশ্ন!🔹কিমান সাহস হ’লে এইগৰাকী বিশেষ সম্প্ৰদায়ৰ লোকে এইদৰে কব পাৰে!- মন্ত্ৰী পীযুষ হাজৰীকা ‘খেল আৰম্ভ হৈ

🔹লখিমপুৰ থানা ঘেৰাও কৰাৰ মুকলি ভাবুকি বিশেষ সম্প্ৰদায়ৰ লোকৰ
🔹৬ জুলাইৰ পৰা ১০ জুলাইলৈ লখিমপুৰ উত্তাল কৰাৰ মুকলি ভাবুকি
🔹অসম আৰক্ষীক মুকলি প্ৰত্যাহ্বান জনোৱাৰ ক’ত সাহস পাইছে এই সম্প্ৰদায়টোৱে?
🔹সামাজিক মাধ্যমযোগে ভিডিঅ’ শ্বেয়াৰ কৰি ‘আজি কোন দিশে অসম’ বুলি মন্ত্ৰী পীযুষ হাজৰীকাৰ প্ৰশ্ন!
🔹কিমান সাহস হ’লে এইগৰাকী বিশেষ সম্প্ৰদায়ৰ লোকে এইদৰে কব পাৰে!- মন্ত্ৰী পীযুষ হাজৰীকা

‘খেল আৰম্ভ হৈ গৈছে ,এই খেল আমি শেষ কৰিম।’- এনেদৰে উষ্মা প্ৰকাশ কৰি এগৰাকী বিশেষ সম্প্ৰদায়ৰ লোকে একপ্ৰকাৰ লখিমপুৰৰ আৰক্ষী অধীক্ষক, অসমবাসীক প্ৰত্যহ্বান জনাই অহা ৬ জুলাইত লখিমপুৰ থানা ঘেৰাও কৰাৰ মুকলি ভাবুকি দিয়ে। অকল ইমানেই নহয় লগত আন বহু লোকক লগত লৈ সেই বিশেষ সম্প্ৰদায়ৰ লোকজনে অহা ৬ জুলাইৰ পৰা ১০ জুলাইলৈ লখিমপুৰ উত্তাল কৰাৰ মুকলি ভাবুকি প্ৰদান কৰিছে। লখিমপুৰৰ মুফতি মকিবুৰ ৰহমান নামৰ বিশেষ সম্প্ৰদায়ৰ এই লোকজনে সামাজিক মাধ্যমযোগে লাইভ ভিডিঅ’ কৰি এই ভাবুকি প্ৰদান কৰে। বঙালী ভাষাত লোকজনে আন বহুলোকক লাইভত সংগঠিত কৰি ৬ জুলাইৰ পৰা ১০ জুলাইলৈ লখিমপুৰ উত্তাল কৰাৰ মুকলি ভাবুকি প্ৰদান কৰে। মন্ত্ৰী পীযুষ হাজৰীকাই সামাজিক মাধ্যমযোগে এই ভিডিঅ’ সংলগ্ন কৰি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। কিমান সাহস হ’লে এইগৰাকী বিশেষ সম্প্ৰদায়ৰ লোকে এইদৰে ক’ব পাৰে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে। তেওঁ কয় যে লখিমপুৰৰ এজন সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তিয়ে অলপতে ঈদত গৰু কোৰবাণী নিদিবলৈ সামাজিক মাধ্যমযোগে আহ্বান জনাইছিল। সেই কথাটোতেই এইজন বিশেষ সম্প্ৰদায়ৰ লোকজন ইমানেই উগ্ৰ হৈ পৰিছে যে বিশাল অসম আৰক্ষীক মুকলি প্ৰত্যাহ্বান জনাই লখিমপুৰ উত্তপ্ত কৰাৰ ভাবুকি প্ৰদান কৰিছে। কল্পনা কৰক কোন দিশে আজি অসম!
লোকসভা নিৰ্বাচনৰ সময়ৰ পৰাই এই বিশেষ সম্প্ৰদায়ৰ লোকসকল কেনেদৰে অসমীয়া খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ, খিলঞ্জীয়া কিশোৰী-যুৱতীক ধৰ্ষণ, যৌন নিৰ্যাতন আদি বিভিন্ন নাৰকীয় কাণ্ড সংঘটিত কৰাত নামি পৰিছে এই সন্দৰ্ভত কেইদিনমানপূৰ্বে মন্ত্ৰী পীযুষ হাজৰীকাই নিজৰ ফেছবুক একাউণ্টযোগে এক তথ্যভিত্তিক লেখা প্ৰকাশ কৰিছিল। এই ঘটনাসমূহৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ এই বিশেষ সম্প্ৰদায়ৰ লোকে খোদ অসম আৰক্ষীক ভাবুকি প্ৰদান কৰা কাৰ্য ৰাজ্যখনৰ বাবে অশনি সংকেত বুলি সচেতন মহলে মন্তব্য কৰিছে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!