728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

জাজৰি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানাগাৰৰ আধাৰশিলা স্থাপন বিধায়িকা শিৱামনি বৰাৰ

জাজৰি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানাগাৰৰ আধাৰশিলা স্থাপন বিধায়িকা শিৱামনি বৰাৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ জুনঃ নগাঁও জিলাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান জাজৰি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানাগাৰৰ কোঠা নিৰ্মাণ কামৰ শুভাৰম্ভ কৰা হয় ৷ এই উদ্দেশ্য শনিবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক প্রভাত দাসৰ উপস্থিতিত উক্ত কামৰ আধাৰশিলা স্থাপন কৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামনি বৰাই ৷ আধাৰশিলা স্থাপন কৰি বিধায়িকা শিৱামনি বৰাই ঐতিহ্যমণ্ডিত

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ জুনঃ নগাঁও জিলাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান জাজৰি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানাগাৰৰ কোঠা নিৰ্মাণ কামৰ শুভাৰম্ভ কৰা হয় ৷ এই উদ্দেশ্য শনিবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক প্রভাত দাসৰ উপস্থিতিত উক্ত কামৰ আধাৰশিলা স্থাপন কৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামনি বৰাই ৷ আধাৰশিলা স্থাপন কৰি বিধায়িকা শিৱামনি বৰাই ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ ইতিহাস তথা স্মৃতি ৰোমণ্ঠন কৰি আৱেগিক হৈ পৰাৰ লগতে শিক্ষানুষ্ঠানখনৰ উত্তৰোত্তৰ কামনা কৰে ৷ তেওঁ ভাষণ প্ৰসংগত কয় যে-এই বিদ্যালয়খনৰ এটি বিজ্ঞানাগাৰৰ খুবেই প্ৰয়োজন আছিল ৷ এইটো সম্পূৰ্ণ হৈ উঠিলে বিদ্যালয়খনৰ পৰিবেশ আৰু অধিক উন্নত হৈ পৰিব ৷ এখন বিদ্যালয়ৰ সৰ্বাংগীণ উন্নয়ণ তথা মানদণ্ড উন্নত নহ’লে ছাত্ৰ-ছাত্ৰীয়ে মনত দুখ পায় ৷ ফলত পঢ়া-শুনাত কিছু হ’লেও ব্যাঘাট জন্মে ৷ অনুষ্ঠানত বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত শৈক্ষিক বিষয়া স্মৃতিৰেখা বৰা, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য আব্দুছ চাত্তাৰ, আমিনুৰ ৰহমান, নৰেল হাফিজ, সমাজকৰ্মী ধৰ্মেন্দ্ৰ বৰদলৈ, বক্তৰ হুছেইনৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে । উল্লেখ্য, সমগ্ৰ শিক্ষা, অসমৰ অধীনত মুঠ ১৪,৩২,৭০০ টকা ব্যয়েৰে নিৰ্মাণ হবলগীয়া এই বিজ্ঞানাগাৰ কোঠাটি অহা দুমাহৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিব বুলি বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিছে ৷

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!