নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ জুনঃ নগাঁও জিলাৰ খাগৰিজান শিক্ষা খণ্ডৰ অন্তৰ্গত চকলাঘাট জে বি স্কুল আৰু মৰিকলং উচ্চ মাধ্যমিক বিদ্যালয়ত শনিবাৰে এদিনীয়া বিশেষ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয় ৷ পৃথকে পৃথকে অনুষ্ঠিত হোৱা উক্ত প্ৰশিক্ষণ শিবিৰত বিশেষ প্ৰয়োজন সম্পন্ন চিনাক্ত কৰন আৰু শিক্ষাদানৰ ওপৰত শিক্ষক-শিক্ষয়িত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয় । এই প্ৰশিক্ষণ শিবিৰত খাগৰিজান
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ জুনঃ নগাঁও জিলাৰ খাগৰিজান শিক্ষা খণ্ডৰ অন্তৰ্গত চকলাঘাট জে বি স্কুল আৰু মৰিকলং উচ্চ মাধ্যমিক বিদ্যালয়ত শনিবাৰে এদিনীয়া বিশেষ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয় ৷ পৃথকে পৃথকে অনুষ্ঠিত হোৱা উক্ত প্ৰশিক্ষণ শিবিৰত বিশেষ প্ৰয়োজন সম্পন্ন চিনাক্ত কৰন আৰু শিক্ষাদানৰ ওপৰত শিক্ষক-শিক্ষয়িত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয় । এই প্ৰশিক্ষণ শিবিৰত খাগৰিজান শিক্ষা খণ্ডৰ শিক্ষা বিষয়া এইছ জ্ঞানন্দ সিং আৰু গাণনিক বিষয়া ননী দাস উপস্থিত থাকে । প্ৰশিক্ষণ প্ৰদান কৰে আই ই ড° সাগৰ খাকলাৰী আৰু ৰুমা মেধীয়ে । সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ প্ৰদানত সহযোগীতা আগবঢ়ায় চি আৰ চি পৱন জ্যোতি বৰা, নৰেন ডেকা, পবিত্ৰ শইকীয়া, গোবিন বৰা, উজ্বল বৰগোহাঁই, ৰমানন্দ গোস্বামী, চালেহ উদ্দিন আহমেদ, বেদান্ত চক্ৰবৰ্ত্তী, নৱজ্যোতি মহন্ত, আমিনুল ইছলাম, পাৰ্থজ্যোতি মুক্তিয়াৰ আৰু বুধিন বৰাই । এই প্ৰশিক্ষণত শিবিৰত খাগৰিজান শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালসমূহৰ মুঠ ১৯৬ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী অংশগ্ৰহণ কৰে বুলি জানিব পৰা গৈছে ৷


















Leave a Comment
Your email address will not be published. Required fields are marked with *