এটা বিশেষ সম্প্ৰদায়ৰ যুৱকে লক্ষ্য কৰি লৈছে খিলঞ্জীয়া অসমীয়া কিশোৰী-যুৱতীকমাজবাটৰ পিছত এইবাৰ শোণিতপুত ধাৰাবাহিক কিশোৰী নিৰ্যাতনৰ ঘটনাএই নাৰকীয় ঘটনাত জড়িত হৈ পৰিছে এটা বিশেষ সম্প্ৰদায়ৰ যুৱকসমান্তৰালকৈ ঢেকিয়াজুলিত সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা, লাভ জেহাদৰ বলী বড়ো সম্প্ৰদায়ৰ যুৱতীকাৰ সাহসত বলীয়ান হৈ এনে নাৰকীয় কাণ্ডত নামি পৰিছে এই বিশেষ সম্প্ৰদায়টো?ধুবুৰী আৰু নগাঁও লোকসভা সমষ্টি কংগ্ৰেছে দখল
এটা বিশেষ সম্প্ৰদায়ৰ যুৱকে লক্ষ্য কৰি লৈছে খিলঞ্জীয়া অসমীয়া কিশোৰী-যুৱতীক
মাজবাটৰ পিছত এইবাৰ শোণিতপুত ধাৰাবাহিক কিশোৰী নিৰ্যাতনৰ ঘটনা
এই নাৰকীয় ঘটনাত জড়িত হৈ পৰিছে এটা বিশেষ সম্প্ৰদায়ৰ যুৱক
সমান্তৰালকৈ ঢেকিয়াজুলিত সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা, লাভ জেহাদৰ বলী বড়ো সম্প্ৰদায়ৰ যুৱতী
কাৰ সাহসত বলীয়ান হৈ এনে নাৰকীয় কাণ্ডত নামি পৰিছে এই বিশেষ সম্প্ৰদায়টো?
ধুবুৰী আৰু নগাঁও লোকসভা সমষ্টি কংগ্ৰেছে দখল কৰাৰ পিছতে মূৰ দাঙি উঠিছে এই বিশেষ সম্প্ৰদায়টো!
মাজবাটৰ দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌ যাওঁতেই ঢেকীয়াজুলিত সংঘটিত হৈছে ইটোৰ পিছত সিটো যুৱতী-কিশোৰী নিৰ্যাতনৰ ঘটনা। এটা বিশেষ সম্প্ৰদায়ৰ যুৱকে লক্ষ্য কৰি লৈছে খিলঞ্জীয়া অসমীয়া কিশোৰী-যুৱতীক৷ শোণিতপুৰত সংঘটিত ধাৰাবাহিক যুৱতী-কিশোৰীৰ নিৰ্যাতনৰ ঘটনাই উদ্বিগ্ন কৰি তুলিছে দল-সংগঠনক৷ এনে ঘটনাৰ বিৰুদ্ধে মাৰ বান্ধি ৰাজপথলৈ ওলাই আহিছে দল-সংগঠন৷ ঘটনাৰ লগত জড়িত লোকক কঠোৰ শাস্তি প্ৰদানৰ দাবীত সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ৷ প্ৰথমতে জিলাখনৰ ঢেকীয়াজুলিৰ অৰুণ চাহ বাগিচাত সংঘটিত হয় ১৫ বছৰীয়া ছাত্ৰীৰ ধৰ্ষণ কাণ্ড। সেই ঘটনাৰ পিছত ঠেলামাৰা তেলীয়াগাঁৱত সংঘটিত হয় আন এগৰাকী যুৱতীক নিৰ্যাতনৰ ঘটনা। এই কাণ্ডসমূহে সমগ্ৰ ঢেকীয়াজুলি অঞ্চলত উত্তেজনা সৃষ্টি কৰাৰ মাজতে ঢেকীয়াজুলিৰ টিউলিপ চাহবাগিচাৰ এগৰাকী কলেজীয়া ছাত্ৰীক পুনৰ এই বিশেষ সম্প্ৰদায়ৰ যুৱকে বাটত আগভেটি ধৰি অশালীন ব্যবহাৰ কৰা এক ঘটনা পোহৰলৈ আহে। অভিযোগ মতে, টিউলিপ চাহ বাগিচাৰ ছাত্ৰী গৰাকীক পুৱাৰ ভাগত কলেজলৈ যোৱাৰ পথত যুৱকজনে অশালীন ব্যৱহাৰ কৰাৰ পাছত যুৱতী গৰাকীয়ে চিঞৰ বাখৰ কৰাত যুৱকজন সেই স্থানৰ পৰা পলায়ন কৰে৷ যোৱা শনিবাৰে সংঘটিত হয় এই ঘটনা৷ এই ঘটনাত ভীতিগ্ৰস্ত হৈ ছাত্ৰীগৰাকীয়ে কেইবাদিনো কলেজলৈ যোৱা নাছিল। পিছত শুকুৰবাৰে ছাত্ৰী গৰাকীৰ পিতৃয়ে ঢেকীয়াজুলি আৰক্ষী থানাত যুৱকজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে৷ এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে চাহ জনজাতি ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি লক্ষেশ্বৰ মিধ্যাই। ছাত্ৰ নেতাজনে ঘটনাৰ তদন্ত কৰি অতি শীঘ্ৰে যুৱকজনক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায়। তেওঁ কয় যে এই বিশেষ সম্প্ৰদায়টোৰ সন্ত্ৰাসত ঢেকিয়াজুলিৰ ২নং পলাশবস্তিৰ চাহ জনজাতীয় ৰাইজে এতিয়া নিজৰ কন্যা সন্তানক স্কুল-কলেজলৈ পঠিয়াবলৈকো ভয় কৰে। এই বিশেষ সম্প্ৰদায়টোৰ লোকে অসমত যি এক ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰিবলৈ গৈ আছে, ইয়াক শীঘ্ৰে নিৰ্মূল কৰিবলৈ তেওঁ চৰকাৰ প্ৰশাসনক দাবী জনায়৷ উল্লেখ্য যে এনে ঘটনাৰ পিছত জিলা প্ৰশাসনে এতিয়া গাঁওখনত মহিলাৰ সুৰক্ষাৰ বাবে নিয়োগ কৰিছে মহিলা কামাণ্ডো জোৱান।
ইপিনে, ঢেকিয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস কলেজৰ ছাত্ৰী নিৱাসত এজন যুৱকৰ প্ৰৱেশক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ জানিব পৰা মতে, পৰীক্ষা চলি থকাৰ মাজতে মুছমান সম্প্ৰদায়ৰ এজন যুৱকে একে সম্প্ৰদায়ৰে তেওঁৰ প্ৰেয়সীক লগ ধৰিবলৈ কলেজখনৰ ছোৱালী হোষ্টেলত প্ৰৱেশ কৰে৷ এই ঘটনাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হয়৷ পৰীক্ষা চলি থকাৰ মাজতে কলেজখনৰ ছোৱালী হোষ্টেলত কেনেকৈ এজন অচিনাক্ত যুৱকে প্ৰৱেশ কৰিবলৈ পালে, ছোৱালী হোষ্টেলৰ নিৰ্পাত্তাকলৈও প্ৰশ্নৰ উত্থাপন হয়৷ এই ঘটনা সন্দৰ্ভত ঢেকিয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস কলেজ কৰ্তৃপক্ষই ঢেকীয়াজুলি থানাত এখন এজাহাৰ দাখিল কৰে৷ আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত যুৱকজনক আটক কৰে যদিও পিছত এৰি দিয়ে৷
এতিয়া প্ৰশ্ন হয় যে কাৰ সাহসত বলীয়ান হৈ এনে নাৰকীয় কাণ্ডত নামি পৰিছে এই বিশেষ সম্প্ৰদায়টো? কোনে সাৰ-পানী যোগাইছে এই বিশেষ সম্প্ৰদায়টোৰ লোকক? একাংশই অভিযোগ কৰা মতে, ধুবুৰী আৰু নগাঁও লোকসভা সমষ্টি কংগ্ৰেছে দখল কৰাৰ পিছতে মূৰ দাঙি উঠিছে এই বিশেষ সম্প্ৰদায়টো৷ এই দুই সমষ্টি কংগ্ৰেছৰ দখলৈ যোৱাৰ পিছতে হেনো এই বিশেষ সম্প্ৰদায়টোৱে অসমত কংগ্ৰেছৰ চৰকাৰ ঘূৰি আহিব বুলি ভাবিবলৈ লৈছে৷ আনহাতে, কংগ্ৰেছৰ পৰোক্ষ উদগনিত এই বিশেষ সম্প্ৰদায়টোৰ লোকে অসমত এনেধৰণৰ নিকৃষ্ট ঘটনা সংঘটিত কৰিবলৈ সাহস পাইছে বুলিও একাংশই মন্তব্য কৰিছে৷
এই সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে এই ঘটনাটো অতি দুখ লগা ঘটনা৷ নাৰীক আমি শ্ৰদ্ধা কৰো৷ নাৰীক আমি দেৱী বুলি কওঁ৷ নাৰীক আমি পূজা কৰো৷ এই নাৰীক ধৰ্ষণ, সভ্য সমাজে এইটো কেতিয়াও মানি নলয়৷ আমি সকলোৱে একগোট হৈ এই অসভ্য সমাজৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিব লাগিব৷ তেওঁলোকৰ কাম-কাজৰ ওপৰত চকু ৰাখিব লাগিব৷
ইপিনে, কিশোৰী-যুৱতীৰ ওপৰত যৌন নিৰ্যাতনৰ ঘটনাৰ সমান্তৰালকৈ ঢেকিয়াজুলিত এই বিশেষ সম্প্ৰদায়টোৱে সংঘটিত কৰিছে লাভ জেহাদৰ ঘটনা৷ ঢেকিয়াজুলিত লাভ জেহাদৰ বলী হৈছে এগৰাকী বড়ো সম্প্ৰদায়ৰ যুৱতী। ঢেকিয়াজুলিৰ চিৰাজুলিৰ নাইচ আলী (২২) নামৰ এজন যুৱকে নিজকে হিন্দু বুলি পৰিচয় দি হুগ্ৰাজুলীৰ এগৰাকী বড়ো সম্প্ৰদায়ৰ যুৱতীক ঢেকিয়াজুলিৰ শ্বহীদ পাৰ্কলৈ মাতি নি অপকৰ্মত লিপ্ত হোৱাৰ চেষ্টা কৰে। এই ঘটনা দেখা পাই স্থানীয় ৰাইজে পাৰ্কত প্ৰৱেশ কৰি যুৱকজনক হাতেলোটে ধৰি উত্তম-মধ্যম শোধাই ঢেকিয়াজুলি আৰক্ষী থানাত গতাই দিয়ে৷ এই বিশেষ সম্প্ৰদায়টোৱে লাভ জেহাদৰ বলী কৰি যুৱতী-কিশোৰীৰ সৈতে অপকৰ্মত লিপ্ত হোৱা ঘটনাক কঠোৰ ভাষাৰে ধিক্কাৰ দিছে বিভিন্ন দল-সংগঠনে। সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ঢেকিয়াজুলিবাসী ৰাইজে।


















Leave a Comment
Your email address will not be published. Required fields are marked with *