728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

কামাখ্যাৰ অম্বুবাচী অতি সফলতাৰে সম্পন্ন হৈছে, এচামে কেৱল স্বাৰ্থজনিত কাৰণত অপপ্ৰচাৰত লিপ্ত হৈছেঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

কামাখ্যাৰ অম্বুবাচী অতি সফলতাৰে সম্পন্ন হৈছে, এচামে কেৱল স্বাৰ্থজনিত কাৰণত অপপ্ৰচাৰত লিপ্ত হৈছেঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

কামাখ্যাত‌ অম্বুবাচীৰ সময়ত ভক্তসকলে সন্মুখীন হোৱা অসুবিধা সন্দৰ্ভত সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ কামাখ্যাৰ অম্বুবাচী অতি সফলতাৰে সম্পন্ন হোৱা বুলি উল্লেখ কৰি, এচামে কেৱল স্বাৰ্থজনিত কাৰণত অপপ্ৰচাৰত লিপ্ত হোৱা বুলি অভিযোগ কৰে মন্ত্ৰীগৰাকীয়ে৷ আনহাতে, কামাখ্যাত সাধু-সন্তৰ প্ৰতিবাদ সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ VIP/VVIP পাছৰ কোনো ব্যৱস্থা নথকাৰ বাবেই বহুলোকে

কামাখ্যাত‌ অম্বুবাচীৰ সময়ত ভক্তসকলে সন্মুখীন হোৱা অসুবিধা সন্দৰ্ভত সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ কামাখ্যাৰ অম্বুবাচী অতি সফলতাৰে সম্পন্ন হোৱা বুলি উল্লেখ কৰি, এচামে কেৱল স্বাৰ্থজনিত কাৰণত অপপ্ৰচাৰত লিপ্ত হোৱা বুলি অভিযোগ কৰে মন্ত্ৰীগৰাকীয়ে৷ আনহাতে, কামাখ্যাত সাধু-সন্তৰ প্ৰতিবাদ সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ VIP/VVIP পাছৰ কোনো ব্যৱস্থা নথকাৰ বাবেই বহুলোকে বিতৰ্কৰ সূচনা কৰা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷ তেওঁ কয় যে এইবাৰ কোনো VIP/VVIP ৰ ব্যৱস্থা কৰা হোৱা নাই। ময়ো সাধাৰণ মানুহৰ দৰে দৰ্শন কৰিছো৷ আনকি মুখ্যমন্ত্ৰীয়ে আজি মন্দিৰ দৰ্শন কৰিছো। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এটা চামে অনাহকতে বিতৰ্ক কৰা বুলি মন্তব্য কৰি কয় যে কামাখ্যাত ভক্তৰ সা-সুবিধাবোৰ চৰকাৰে নহয়, দলৈ সমাজে চায়। প্ৰথম দিনাৰ সভাতে মোক তেওঁলোকে জনাইছে। দলৈ সমাজৰ পৰামৰ্শ অনুসৰিয়েই অম্বুবাচীৰ নীতি-নিৰ্দেশনাসমূহ জাৰি কৰা হৈছিল বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ পুনৰ কয় যে ইয়াত আমাৰ নিজস্ব একো সিদ্ধান্ত নাথাকে৷ মন্দিৰ পৰিচালনা কৰে দলৈ সমাজে৷ দলৈ সমাজৰ কথা আমি মানিব লাগিব৷ তেওঁলোকেই ক’লে যে জোতা-চেণ্ডেলবোৰ এইবাৰ তলতে ৰখা হওক, নহ’লে প্ৰতি বছৰে এক ট্ৰাক এক ট্ৰাক চেণ্ডেল আমি পেলাই দিব লাগে৷ ইমান দূৰলৈকেতো কাৰ্পেট পাৰি দিব নোৱাৰিব, তেতিয়া তেওঁলোকে ক’লে যে আমি পানী মাৰি দি থাকিব লাগিব৷ তেওঁলোকে কোৱাৰ দৰে তেনেকৈ ব্যৱস্থা গ্ৰহণ কৰা হ’ল৷ কিন্তু কথাটো এনেকুৱাকৈ ওলাইছে যেন এইবোৰ চৰকাৰে কৰিছে৷ চৰকাৰে ইয়াত একো নকৰে, চৰকাৰে দলৈ সমাজে যেকেকৈ কয় তেনেকৈ কৰে৷
আনহাতে, কামাখ্যাত সাধু-সন্তৰ প্ৰতিবাদ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে সাধু-সন্তই প্ৰতিবাদ কৰা সম্পৰ্কত যিধৰণে ডাঙৰ বাতৰি পৰিৱেশন কৰা হৈছে সেয়া একো ডাঙৰ কথা নহয়৷ ইয়াৰ দুবছৰ আগতেও সাধু-সন্তই প্ৰতিবাদ কৰিছিল৷ সাধু-সন্তই প্ৰতিবাৰে নিজৰ মাজতে প্ৰতিবাদ কৰে৷ মন্ত্ৰীগৰাকীয়ে কয় যে সাধাৰণতে সাধু-সন্তৰ ব্যৱস্থাটো আমি চৰকাৰে নাচাও৷ তাত এটা দস্তামি আখাৰা আছে৷ সেইটো তেওঁলোকে চলায়৷ তেওঁলোকক দলৈ সমাজে খোৱা-বোৱা আদিকে ধৰি কিছুমান ব্যৱস্থা কৰি দিয়ে৷ মই নাভাবো যে তাত আমাৰ মিছ মেনেজমেণ্ট হৈছে৷ কিয়নো দলৈ সমাজে যি কৈছে আমি সেইধৰণে কৰিছো৷ কামাখ্যাত সাধু-সন্তৰ সংখ্যা প্ৰতিবছৰে বৃদ্ধি পাই আহিছে৷ যিটো ঠাইত দস্তামি আখাৰা আছে, সেই ঠাইটো হ’ল কামাখ্যাৰ পৰিসৰৰ ভিতৰত৷ সেই পৰিসৰৰ ভিতৰত কেতিয়াও শৌচাগাৰ, স্নানাগাৰ আদি বনাবলৈ দিয়া নহয়৷ এয়া ধৰ্মীয় কথা৷ কাৰণ তাত এটা যোনী পীঠ আছে, তাত পানীৰ লিংগ আছে৷ গতিকে তাত থকা সাধু-সন্তসকলে বাহিৰলৈ যাব লাগে৷ তাত সাধু-সন্তৰ সংখ্যা আগতকৈ বহু বাঢ়ি গ’ল৷ আগতে ২০০-৩০০ আছিল, এতিয়া তাত যেতিয়া ৪, ৫ হাজাৰ মানুহ হ’ল, তেওঁলোক বাহিৰলৈ যাবলগীয়া হোৱাত তেওঁলোকে ভাবিবলৈ ল’লে যে তাত কিয় শৌচালয় নাই, এয়া অন্যায় হৈছে৷ এনেকুৱা কিছুমান কথাৰ কাৰণে সমাজলৈ এটা নেতিবাচক বাৰ্তা গৈছে৷ কিন্তু যিয়ে ইয়াৰ ভিতৰৰ কথাবোৰ জানে তেওঁলোকে কেতিয়াও এনেকৈ নাভাবে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে৷ উল্লেখ্য যে, এইবেলি ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হৈ যায় ২০২৪ বৰ্ষৰ অম্বুবাচী মেলা৷

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!