728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

বিতৰ্কৰ আবৰ্তত কোচ ৰাজবংশী উন্নয়ন পৰিষদ, উপাধ্যক্ষ হেমকান্ত ডেকাৰ বিৰুদ্ধে গৰজি উঠিল নগাওঁ জিলা কোচ ৰাজবংশী সন্মিলনী

বিতৰ্কৰ আবৰ্তত কোচ ৰাজবংশী উন্নয়ন পৰিষদ, উপাধ্যক্ষ হেমকান্ত ডেকাৰ বিৰুদ্ধে গৰজি উঠিল নগাওঁ জিলা কোচ ৰাজবংশী সন্মিলনী

বটদ্ৰৱাত সংবাদমেল যোগে দিলে সকিয়নি নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৭ জুনঃ বিতৰ্কৰ আবৰ্তত কোচ ৰাজবংশী উন্নয়ন পৰিষদ ৷ উপাধ্যক্ষ হিচাপে হেমকান্ত ডেকাই নিযুক্তি পোৱাৰ পিছৰে পৰাই আভ্যন্তৰীণ কন্দলত জৰ্জৰিত হৈ পৰিছে পৰিষদখন । আনকি, অধ্যক্ষ আৰু উপাধ্যক্ষৰ বিৰুদ্ধে অভিযোগ প্ৰতি অভিযোগেৰে অচলাৱস্থাৰ সৃষ্টি হৈছে পৰিষদখনত । এইবাৰ পৰিষদখনৰ উপাধ্যক্ষ হেমকান্ত ডেকাৰ বিৰুদ্ধে সৰৱ হৈছে সদৌ

বটদ্ৰৱাত সংবাদমেল যোগে দিলে সকিয়নি

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৭ জুনঃ বিতৰ্কৰ আবৰ্তত কোচ ৰাজবংশী উন্নয়ন পৰিষদ ৷ উপাধ্যক্ষ হিচাপে হেমকান্ত ডেকাই নিযুক্তি পোৱাৰ পিছৰে পৰাই আভ্যন্তৰীণ কন্দলত জৰ্জৰিত হৈ পৰিছে পৰিষদখন । আনকি, অধ্যক্ষ আৰু উপাধ্যক্ষৰ বিৰুদ্ধে অভিযোগ প্ৰতি অভিযোগেৰে অচলাৱস্থাৰ সৃষ্টি হৈছে পৰিষদখনত । এইবাৰ পৰিষদখনৰ উপাধ্যক্ষ হেমকান্ত ডেকাৰ বিৰুদ্ধে সৰৱ হৈছে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ নগাঁও জিলা সমিতি । এই অনুসৰি বৃহস্পতিবাৰে বটদ্ৰৱাত এক সংবাদ মেল সম্বোধন কৰি সন্মিলনীৰ নগাওঁ জিলা সভাপতি প্ৰভাত বৰা আৰু কাৰ্যকৰী সভাপতি মনোজ কুমাৰ শইকীয়াই পৰিষদখনৰ উপাধ্যক্ষ হেমকান্ত ডেকাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে–ডেকাৰ লিগেচী পৰীক্ষা কৰা হওঁক । তেঁও তিৱা জনগোষ্ঠীৰ লোক হৈয়ো মিছা পৰিচয়েৰে উন্নয়ন পৰিষদৰ উপাধ্যক্ষ নিযুক্তি লৈ অধ্যক্ষৰ বিৰুদ্ধে মিছা অভিযোগ আনি ছয় জনগোষ্ঠীক আভ্যন্তৰীণ কন্দলৰ মাজত ঠেলি দি আন্দোলন দুৰ্বল কৰিব খুজিছে ৷ যি জন ব্যক্তি কোচ ৰাজবংশী জনগোষ্ঠীৰ হয় নে নহয় সেয়া সন্দেহৰ আবৰ্তত আছে, তথাপিও তেঁঁও আকৌ নিজকে নগাঁও জিলাৰ কোচ ৰাজবংশী সকলৰ অভিভাবক সজাব বিচাৰিছে । ইফালে, ডেকাই বিগত দিনত সংবাদমেল সম্বোধন কৰোতে এবাৰ তেওঁ জনজাতি বুলিও ভুলতে উচ্চাৰণ কৰাৰ কথা উল্লেখ কৰি সন্মিলনীৰ জিলা সমিতিৰ নেতাদ্বয়ে লগতে বক্ৰ পথেৰে কিদৰে অবিচিৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰিলে তাৰো পৰীক্ষা কৰি যাবতীয় ব্যবস্থা গ্ৰহণ কৰিবলৈ সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰক অনূৰোধ জনাই । ঠিক সেইদৰে ২০২০-২১ বৰ্ষৰ ২৫ কোটি টকাৰ মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰ দ্বাৰা ৰাজ্যৰ ১২ খন জিলাত আদৰ্শ চিলাৰায় ভৱন নিৰ্মাণ হৈ আছে । কিন্তু, হেমকান্ত ডেকাই আদৰ্শ চিলাৰায় ভৱন নিৰ্মাণ কতো হোৱা নাই, দেখা নাই, অনিয়ম হৈছে বুলি উত্থাপন কৰা মন্তব্যৰ বাবেও তেওঁক সকিয়াই দিয়ে সন্মিলনীৰ নেতাদ্বয়ে ৷ সন্মিলনীৰ নেতাদ্বয়ে লগতে নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীলৈ উন্নয়ন পৰিষদৰ পৰা এই বিত্তীয় বৰ্ষত চিলাৰায় ভবন নিৰ্মাণৰ নামত অৰ্থ যোগানৰ প্ৰাৰম্ভিক কাম-কাজ ইতিমধ্যে সম্পন্ন হৈছে যদিও বৰ্তমানেও নগাঁও জিলা সমিতিয়ে অৰ্থ লাভ কৰা নাই বুলি উল্লেখ কৰি অহা এক-ডেৰমাহৰ ভিতৰতে কিছু যাবতীয় কাম সম্পন্ন হোৱাৰ পিছতেই চিলাৰায় ভবন নিৰ্মাণৰ কাম আৰম্ভ হব বুলি প্ৰকাশ কৰে । সংবাদমেলখনত নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰভাত বৰা আৰু কাৰ্যকৰী সভাপতি মনোজ কুমাৰ শইকীয়াৰ লগতে উপ সভাপতি মুকুতা বৰা, তুৱাৰাম বৰুৱা, প্ৰধান সম্পাদক জয়ন্ত হাজৰিকা, কোষাধ্যক্ষ ৰন্টু কুমাৰ ভূঞা, সদস্য দীগেন বৰুৱা, কবীন্দ্ৰ ডেকাকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে ।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!