728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

এটা বিশেষ সম্প্ৰদায়ৰ বাবেই বেয়া হৈছে অসমৰ পৰিস্থিতিঃ মন্ত্ৰী পীযুষ হাজৰীকা

এটা বিশেষ সম্প্ৰদায়ৰ বাবেই বেয়া হৈছে অসমৰ পৰিস্থিতিঃ মন্ত্ৰী পীযুষ হাজৰীকা

‘এই বিশেষ সম্প্ৰদায়ৰ লোকে অসমীয়া তথা খিলঞ্জীয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে’‘এয়া অত্যন্ত গৰ্হিত কাম, এয়া আমাৰ কাৰণে অশনি সংকেতঃ মন্ত্ৰী পীযুষ হাজৰীকা ধাৰাবাহিকভাৱে অসমীয়া মানুহৰ ওপৰত এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলে আক্ৰমণ কৰিছে বা অসমীয়া তথা খিলঞ্জীয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ভাৰতীয়ক আক্ৰণৰ লক্ষ্য কৰি লৈছে। এয়া আমাৰ কাৰণে অশনি সংকেত।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ।

‘এই বিশেষ সম্প্ৰদায়ৰ লোকে অসমীয়া তথা খিলঞ্জীয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে’
‘এয়া অত্যন্ত গৰ্হিত কাম, এয়া আমাৰ কাৰণে অশনি সংকেতঃ মন্ত্ৰী পীযুষ হাজৰীকা

ধাৰাবাহিকভাৱে অসমীয়া মানুহৰ ওপৰত এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলে আক্ৰমণ কৰিছে বা অসমীয়া তথা খিলঞ্জীয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ভাৰতীয়ক আক্ৰণৰ লক্ষ্য কৰি লৈছে। এয়া আমাৰ কাৰণে অশনি সংকেত।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। আজি নলবাৰীত আয়োজিত অসম কেবিনেট বৈঠকৰ পূর্বে সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে আৰু কয় যে আমাৰ চৰকাৰে এইবোৰক কঠোৰ হাতেৰে দমন কৰাৰ চেষ্টা চলাইছে যদিও কেতিয়াবা আইনৰ সুৰুঙা লৈ তেওঁলোক পলাবলৈ বা বাচিবলৈ সক্ষম হোৱা দেখা গৈছে। এয়া অত্যন্ত গৰ্হিত কথা হৈছে বুলি মই অনুভৱ কৰো। এইক্ষেত্ৰত আমাৰ চৰকাৰ তথা প্ৰশাসন নিশ্চয়কৈ কঠোৰ হ’ব। কিন্তু ৰাইজেও এইবিলাক কথা ভাবিব লাগে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
নিৰ্বাচনৰ পিছত এইবিলাক কাৰ্য বেছিকৈ হোৱা বুলি স্বীকাৰ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ যেতিয়া কোড অৱ কনডাক্ট চলি আছিল, তেতিয়া আমি কিছুমান কাম কৰিব পৰা নাছিলো। সেই সময়তে বৰপেটাত অসমীয়া গাঁৱত এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলৰ আক্ৰমণ ঘটনা হ’ল, ধুবুৰীত কোচ ৰাজবংশী লোকৰ ওপৰত সেই বিশেষ সম্প্ৰদায়টোৰ আক্ৰমণৰ ঘটনা সংঘটিত হ’ল। ইয়াৰ পিছত মাজবাটত গোৰ্খা সম্প্ৰদায়ৰ এগৰাকী কিশোৰীক সেই বিশেষ সম্প্ৰদায়টোৰ লোকে ধৰ্ষণ কৰিলে, একেই ঘটনাৰ পুনৰাবৃত্তি হ’ল ঢেকীয়াজুলিত। ঢেকীয়াজুলিত এগৰাকী বাগানৰ ছোৱালীক ধৰ্ষণ কৰিলে। লখিমপুৰৰ খেলমাটিত থানা আক্ৰণ কৰিলে। ধাৰাবাহিকভাৱে এনেধৰণৰ ঘটনা ঘটি থকাটো আমাৰ কাৰণে বেয়া লক্ষণ বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। আনহাতে মন্ত্ৰী হাজৰীকাই অসমত লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ বিশেষ একো ভাল হোৱা নাই বুলি কয়। তেওঁ কয় যে কংগ্ৰেছে সেই বিশেষ সম্প্ৰদায়টোৰ ভোট লাভ কৰিহে দুটা সমষ্টিত জয় লাভ কৰিছে। কিন্তু যোৰহাটত কাকতালীয়ভাৱে আমি পৰাজয় বৰণ কৰাৰ কাৰণে সেই বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলে ভাবে যে কংগ্ৰেছ আকৌ শাসনলৈ আহিব, আমি এতিয়াৰ পৰা অত্যাচাৰ কৰিম আৰু অসমীয়াক এতিয়াৰ পৰাই মষিমূৰ কৰিম। মন্ত্ৰী হাজৰীকাই কয় যে এয়া আৰু হ’বলৈ নিদিওঁ। তেওঁ সকলোকে এইক্ষেত্ৰত সজাগ হ’বলৈকে আহ্বান জনায়। তেওঁ আৰু কয় যে অসমত বেয়া পৰিৱেশ হৈছে, অসমখনত বেয়া পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰি আছে এই বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলে। আজি ড০ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হৈ নথকাহেঁতেন তেওঁলোকে অসমৰ পৰিৱেশ আৰু হয়তো বেয়া কৰিলেহেঁতেন। তেওঁ আৰু কয় যে আমি অসমৰ পৰিৱেশ ইয়াতকৈ আৰু বেয়া হ’বলৈ নিদিওঁ। চৰকাৰ এইক্ষেত্ৰত নিশ্চয়কৈ কঠোৰ হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে অসমৰ মানুহে অলপ বুজিব লাগে বুলি মন্তব্য কৰে। তদুপৰি কংগ্ৰেছৰ নেতা-কৰ্মীসকলে এই বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলক তুষ্টিকৰণ কৰে, তেওঁলোকক সহায় কৰে, তেওঁলোকে এই কামবিলাক কৰিলেও কংগ্ৰেছে তেওঁলোকক গৰিহণা নিদিয়ে বুলি তেওঁ মন্তব্য কৰে। বৰঞ্চ এই কামবিলাক কৰিবলৈকে তেওঁলোকক কংগ্ৰেছে পৰোক্ষভাৱে উদগনি যোগায় বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। এই বিশেষ সম্প্ৰদায়টোৱে অসমীয়াক ধাৰাবাহিকভাৱে আক্ৰমণ কৰিবলৈ বিচাৰিছে, খিলঞ্জীয়া তথা ভাৰতীয়ক আক্ৰমণ কৰিবলৈ বিচাৰিছে এয়া আমি আৰু হ’বলৈ নিদিওঁ। আমি ৰাইজক ইয়াৰ বিৰুদ্ধে সতৰ্ক হ’বলৈকো আহ্বান জনাইছো বুলি মন্ত্ৰী পীযুষ হাজৰীকাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
আনহাতে, এই সমগ্ৰ ঘটনা সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাই কালি ফেচবুকযোগে তথ্যভিত্তিক এক লেখা প্ৰকাশ কৰি ৰাইজক ইয়াৰ বিৰুদ্ধে সজাগ হ’বলৈ আহ্বান জনায়।
মন্ত্ৰীগৰাকীয়ে লেখাটোত প্ৰকাশ কৰে যে বিগত লোকসভা নির্বাচনৰ পাছৰেপৰা অসমত কেইবাটাও ধাৰাবাহিক বিক্ষিপ্ত ঘটনা ঘটিবলৈ আৰম্ভ কৰিছে আৰু কাকতালীয়ভাৱে (!) এই ঘটনাবোৰত সাঙোৰ খাইছে এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তিৰ নাম। বিগত মে’ মাহত অসমত নিৰ্বাচন হৈ যোৱাৰ পাছত বৰপেটা জিলাৰ কয়াকুছিৰ সমীপৰ বামুণবড়ি গাঁৱত দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণত কেইবাজনো খিলঞ্জীয়া ব্যক্তি গুৰুতৰভাৱে আহত হয়। পৰিকল্পিতভাৱে এখন খিলঞ্জীয়া অসমীয়া গাঁৱত এনেদৰে কৰা আক্ৰমণৰ এই ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মূল অভিযুক্ত কেইটাৰ নাম হৈছে ক্ৰমে জহুৰ খান (বয়স ৫৪ বছৰ), ববিদুল খান (১৮ বছৰ), চাহাব আলী (৪৮ বছৰ), আব্দুল মিয়া (৬০ বছৰ) আৰু নিৰাজুল মিয়া (১৮ বছৰ)। ঘটনাটোত অভিযুক্ত আনসকলৰ নাম হৈছে জাকিৰ খান (২৫ বছৰ), আটোৱাৰ আলী (২০ বছৰ), ইনজামানূল হক (২৩ বছৰ), জয়নাল আবেদিন (২৫ বছৰ) আৰু নূৰ মহম্মদ মিঞা (২১ বছৰ)।
মে’ মাহতে লখিমপুৰ জিলাৰ খেলমাটি আৰক্ষী চকীত মোবাইল চুৰিত জড়িত থকাৰ সন্দেহত আটক কৰা এজন ব্যক্তিৰ আৰক্ষীৰ জিম্মাত মৃত্যু হৈছিল। পৰৱৰ্তী সময়ৰ চিকিৎসকৰ প্ৰতিবেদন অনুসৰি ব্যক্তিজন পূৰ্বৰেপৰা হৃদৰোগত আক্ৰান্ত আছিল যাৰ ফলত তেওঁৰ মৃত্যু হৈছিল। কিন্তু ঘটনাৰ মূল কথাৰ সম্ভেদ নোলোৱাকৈয়ে এটা বিশেষ সম্প্ৰদায়ৰ বহুতো ব্যক্তিয়ে আৰক্ষী চকী আক্ৰমণ কৰি কৰ্তব্যৰত আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে। এই আক্ৰমণত আৰক্ষীৰ লোকৰ লগতে সংবাদকৰ্মীও আহত হৈছিল। পাছত আৰক্ষীয়ে এই পৰিকল্পিত আৰু দলবদ্ধ আক্ৰমণৰ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ২৬টা অভিযুক্তৰ মূল অভিযুক্তকেইটাৰ নাম আছিল জাহাংগীৰ আলী, ৰাজিবুল হুছেইন, আছাদুল হক, চাৰিফুল আলী, চাহজাহান আলী, মণিৰুল ইছলাম, পাপু খান, মজিবুৰ ৰহমান, চাহজাহান আলী, আজিজুৰ ৰহমান, মোবাৰক আলী, কাচেম আলী, আনাৰুল ইছলাম, বাহাৰুল ইছলাম, চনি আহমেদ, মালেক আলী, চৈয়দ মুজিবুৰ ৰহমান, ৱাচিনুৰ ৰহমান, ৰেজাউল ইছলাম, আমিৰ হামজা, চাইফুল ইছলাম, নাজিম আলী আৰু নুৰ হুছেইন আলী।
আন এক ঘটনাত যোৱা জুন মাহৰ ৭ তাৰিখে কোকৰাঝাৰ জিলাৰ চিথিলা অঞ্চলত দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণত মহিলাসহ কেইবাগৰাকীও কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোক গুৰুতৰভাৱে আহত হয়। পৰিকল্পিত এই ঘটনাৰ মূল অভিযুক্তকেইটাৰ নাম হৈছে মকবুল, চুৰমান আলী, নচাদ আলী, আজাদ, জামাদ আলী, ফাৰাজ, খাৰিজ, আৰিফ, অয়নাল আলী, হাফিজুল আৰু জুমুৰ।
যোৱা ২২ জুন তাৰিখে ওদালগুৰি জিলাৰ মাজবাটত এগৰাকী কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ এটা অতি জঘন্য ঘটনা সংঘটিত হয়। এই ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত কেইটাৰ নাম হৈছে আনচেন আহমেদ (বয়স ২৯ বছৰ), চাদ্দাম হুছেইন, মুস্তাক আহমেদ (২৯ বছৰ), মহিদুল ইছলাম (২৫ বছৰ) আৰু অভিজুল আলী (২৫ বছৰ)।
আনহাতে, ২৪ জুনত শোণিতপুৰৰ ঢেকিয়াজুলিত এগৰাকী কিশোৰী ছাত্ৰীক ধৰ্ষণৰ আন এক জঘন্য ঘটনাত চাইদুল আলী নামৰ এটা অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
এনেদৰে ঘটনাসমূহৰ বিবৰণ দাঙি ধৰি মন্ত্ৰী পীযুষ হাজৰীকাই হঠাৎ এই বিশেষ সম্প্ৰদায়ৰ নাম সাঙোৰ খোৱা এই ঘটনাবোৰে কি প্ৰতিফলিত কৰে বুলি প্ৰশ্ন উত্থাপন কৰে। শেহতীয়া নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী উজনি অসমৰ যোৰহাট সমষ্টিত হাৰিছিল। কিন্তু প্ৰশ্ন হ’ল হঠাৎ এই নিৰ্বাচনৰ পাছত আজি প্ৰায় তিনি বছৰে কোনো ধৰণৰ বিশেষ অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব নোৱৰা এক বিশেষ সম্প্ৰদায়ৰ দুৰ্বৃত্তবোৰ হঠাৎ সক্ৰিয় হৈ এটাৰ পাছত এটা দলবদ্ধ আক্ৰমণত লিপ্ত হৈছে কিয়? খিলঞ্জীয়া কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ দৰে মানৱ সভ্যতাক ভুলুণ্ঠিত কৰা ঘটনা কিয় সংঘটিত হৈছে? উল্লেখ্য যে বিগত নিৰ্বাচনত কংগ্ৰেছ দলে অসমত লাভ কৰা প্ৰায় ৭৫ লাখ ভোটৰ ৫৮ লাখ ভোটেই সংখ্যালঘু ভোট। নিৰ্বাচনত যোৰহাটত তেওঁলোক জিকিছে। কিন্তু এই জয় যেন এটা বিশেষ সম্প্ৰদায়ৰ দুৰ্বৃত্তৰ বাবে সাহস হৈ পৰিছে বুলি মন্ত্ৰীগৰাকীয়ে লেখাটোত উল্লেখ কৰে। আজি খিলঞ্জীয়া গাঁৱত কৰা আক্ৰমণ অথবা খিলঞ্জীয়া কিশোৰীক কৰা নিৰ্যাতনৰ বিৰুদ্ধে চৰকাৰে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল’বলৈ আগবঢ়াৰ কথাও তেওঁ লেখাটোত উল্লেখ কৰে। ৰাজ্যখনত হঠাতে এনেদৰে এটা সম্প্ৰদায়ৰ দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণৰ ঘটনাক সামাজিক প্ৰেক্ষাপটত সহজভাৱে ল’ব পৰা নাযায় বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। কাৰোবাৰ জয়ৰ সাহসত দুঃসাহসী হৈ এটা বিশেষ সম্প্ৰদায়ৰ দুৰ্বৃত্তই খিলঞ্জীয়া অসমীয়া আৰু ভাৰতীয়ৰ ওপৰত আক্ৰমণ আৰম্ভ কৰাত উদ্বিগ্নতা প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে চৰকাৰে এই সংগঠিত দুৰ্বৃত্তবোৰক কঠোৰ হাতেৰে নিৰ্মূল কৰিব বুলি মত প্ৰকাশ কৰে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!