চাপৰঃ পৰিয়াল পোহপাল দিয়াৰ উদ্দেশ্য আগত ৰাখি উপাৰ্জন কৰাৰ লক্ষ্যৰে কৰ্মসূত্ৰে বহিঃৰাজ্যলৈ ট্ৰাক চলাই যোৱা ধুবুৰী জিলাৰ চাপৰৰ খেৰডুবিৰ আসাদ আলী(৪২) আৰু ধীৰঘাটৰ শ্ৰীগ্ৰাম ষষ্ঠ খণ্ডৰ নুৰ ইছলা (৩২) নামৰ যুৱক দুজন পুনৰায় উভতি নাহিল নিজ ঘৰলৈ। যুৱক দুজনৰ বিপৰীতে আজি আহি পালে যুৱকদ্বয়ৰ নশ্বৰদেহ। ফলত সমগ্ৰ চাপৰতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।উল্লেখ্য যে যোৱা
চাপৰঃ পৰিয়াল পোহপাল দিয়াৰ উদ্দেশ্য আগত ৰাখি উপাৰ্জন কৰাৰ লক্ষ্যৰে কৰ্মসূত্ৰে বহিঃৰাজ্যলৈ ট্ৰাক চলাই যোৱা ধুবুৰী জিলাৰ চাপৰৰ খেৰডুবিৰ আসাদ আলী(৪২) আৰু ধীৰঘাটৰ শ্ৰীগ্ৰাম ষষ্ঠ খণ্ডৰ নুৰ ইছলা (৩২) নামৰ যুৱক দুজন পুনৰায় উভতি নাহিল নিজ ঘৰলৈ। যুৱক দুজনৰ বিপৰীতে আজি আহি পালে যুৱকদ্বয়ৰ নশ্বৰদেহ। ফলত সমগ্ৰ চাপৰতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।
উল্লেখ্য যে যোৱা ১৯ জুনত পুৱা প্ৰায় চাৰি মান বজাত বহিঃৰাজ্য অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকামকুলাৰ জিলাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। উক্ত পথ দুৰ্ঘটনাত ট্ৰাক চালক যুৱক দুজন থিতাতে নিহত হয়। প্ৰাপ্ত বাতৰি মতে AP-39 TC-2255 নম্বৰৰ মালবাহী ট্ৰাকখনে খুন্দিয়াই দিয়ে আন এখন ট্ৰাকক। ফলত থিতাতে নিহত হয় অসমৰ যুৱক দুজন। তিনিদিন পিছত মৃতদেহ ঘৰ পোৱাৰ লগে লগে কান্দোনত ভাঙি পৰে পৰিয়ালৰ লোক। এই ঘটনাই সমগ্ৰ অঞ্চল জুৰি শোঁকৰ ছাঁ পেলাইছে। মৃত আসাদ আলীয়ে পত্নীসহ দুই পুত্ৰ আৰু এটি কন্যা সন্তান আৰু নুৰ ইছলামে পত্নীসহ দুই কন্যা সন্তান আৰু এটি পুত্ৰ সন্তান এৰি থৈ যায়। অৱশেষত ধৰ্মীয় ৰীতি নীতিৰে দুয়োজনৰে জানাজা সম্পূৰ্ণ কৰে।
আনফালে পৰিয়াল দুটাৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল দুয়ো। অসম চৰকাৰ তথা অন্ধ্ৰ প্ৰদেশ চৰকাৰক পৰিয়াল দুটাৰ প্ৰতি সুদৃষ্টি দিবলৈ অনুৰোধ জনাযইছে স্থানীয় ৰাইজে।
Leave a Comment
Your email address will not be published. Required fields are marked with *