728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

নগাঁৱৰ হাতীচোং দীঘলীপাৰত ৰাভা দিৱসৰ আয়োজন

নগাঁৱৰ হাতীচোং দীঘলীপাৰত ৰাভা দিৱসৰ আয়োজন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৪ জুনঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত হাতীচোং দীঘলীপাৰত অহা ২০ জুনত দিনযোৰা বিস্তৃত কাৰ্যক্ৰমণিকাৰে নুপুৰ কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসটি উদযাপনৰ দিহা কৰা হৈছে ৷ স্থানীয় শ্বহীদ নৰেন্দ্ৰ নাথ স্মৃতি বিদ্যাপীঠ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই দিৱসটি সুচাৰুৰূপে পৰিচালনা কৰাৰ অৰ্থে সুনীল কুমাৰ কাকতিক সভাপতি, সৰ্ব্বানন্দ দেৱ নাথক

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৪ জুনঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত হাতীচোং দীঘলীপাৰত অহা ২০ জুনত দিনযোৰা বিস্তৃত কাৰ্যক্ৰমণিকাৰে নুপুৰ কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসটি উদযাপনৰ দিহা কৰা হৈছে ৷ স্থানীয় শ্বহীদ নৰেন্দ্ৰ নাথ স্মৃতি বিদ্যাপীঠ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই দিৱসটি সুচাৰুৰূপে পৰিচালনা কৰাৰ অৰ্থে সুনীল কুমাৰ কাকতিক সভাপতি, সৰ্ব্বানন্দ দেৱ নাথক কাৰ্যকৰী সভাপতি, মৃণাল কুমাৰ মহন্তক সম্পাদক আৰু হেমেন্দ্ৰ কুমাৰ নাথক সাংস্কৃতিক সম্পাদক হিচাপে লৈ এখনি উদযাপন সমিতি গঠনেৰে প্ৰস্তুতি চলাই থকা হৈছে ৷ প্ৰকাশিত কাৰ্যসূচী অনুসৰি উক্ত দিনা পুৱা ১১ বজাত চিত্ৰাংকন প্ৰতিযোগিতা, বিয়লি ২-৩০ বজাত কবিতা আবৃত্তি প্ৰতিযোগিতা, ৫ বজাত ৰাভা সংগীত প্ৰতিযোগিতা আৰু নিশা ৮-৩০ বজাৰ পৰা একক আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ ৰাভা সংগীত প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাপে ক্ৰমে নগদ ৩০০০ টকা, ২৫০০ টকা আৰু ১৭০০ টকাৰ লগতে মানপত্ৰ প্ৰদান কৰাৰ বিপৰীতে একক আধুনিক নৃত্য প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হোৱা প্ৰতিযোগীক নগদ ২০০১ টকা, ১৫০১ টকা আৰু ১০০১ টকাৰ লগতে মানপত্ৰৰে পুৰস্কৃত কৰা হ’ব ৷ তদুপৰি পঞ্চমৰ পৰা দশম মানৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হ’বলগীয়া চিত্ৰাংকন আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাপে নগদ ধনৰ লগতে মানপত্ৰ প্ৰদান কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে ৷

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!