গুৱাহাটী, ১২ জুনঃ বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত’ত অসীম বৈশ্যৰ পৰিচালানৰে নির্মাণ হোৱা মুক্তিৰ ক্ষণ গণি থকা নতুন অসমীয়া চলচ্চিত্র ‘ইমন’ৰ ট্ৰেইলাৰ আৰু বাগুৰুম্বা শীৰ্ষক এটি গীত মুকলি কৰা হয়। ইমন ক্রিয়েচন’ৰ বেনাৰত প্ৰথমবাৰৰ বাবে নির্মাণ কৰা ছবিখনিৰ গীতটি আৰু ট্ৰেইলাৰটি মুকলি কৰে জনপ্ৰিয় শিল্পী শান্তা উজীৰ, মালবিকা বৰা, দিক্ষু শৰ্মা, ইবচন লাল বৰুৱা, প্ৰযোজক বিপুল
গুৱাহাটী, ১২ জুনঃ বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত’ত অসীম বৈশ্যৰ পৰিচালানৰে নির্মাণ হোৱা মুক্তিৰ ক্ষণ গণি থকা নতুন অসমীয়া চলচ্চিত্র ‘ইমন’ৰ ট্ৰেইলাৰ আৰু বাগুৰুম্বা শীৰ্ষক এটি গীত মুকলি কৰা হয়। ইমন ক্রিয়েচন’ৰ বেনাৰত প্ৰথমবাৰৰ বাবে নির্মাণ কৰা ছবিখনিৰ গীতটি আৰু ট্ৰেইলাৰটি মুকলি কৰে জনপ্ৰিয় শিল্পী শান্তা উজীৰ, মালবিকা বৰা, দিক্ষু শৰ্মা, ইবচন লাল বৰুৱা, প্ৰযোজক বিপুল চন্দ্ৰ দাস, সিদ্ধাৰ্থ শৰ্মা, ছবিখনিৰ চিত্ৰনাট্যকাৰ মৃদুল কুমাৰ বৰাৰ লগতে উপস্থিত ছবিখনিৰ কলা-কুশলীসকলে। মুকলি কৰা গীতটিত কণ্ঠদান কৰিছে নীল আকাশে। পূর্ণদৈর্ঘৰ অসমীয়া ছবিখনত অভিনয় কৰিছে ক্ৰমে – মাধুৰীমা চৌধুৰী, দেৱজিৎ মজুমদাৰ, মহেন্দ্র দাস, প্রতিভা চৌধুৰী, মুনমী ফুকন, সিদ্ধার্থ শর্মা, দ্বীপজ্যোতি কেওট, চিমি বায়ন, বিকি, ৰাজীৱ গোস্বামী, অর্ণৱ আয়ান, সিদ্ধান্ত কলিতা, ৰাজীৱ গোস্বামী, সাংবাদিক হেমন্ত শৰ্মা, আৰ জে মেঘা, স্বিগ্ধা গগৈ, চাজু, সমীৰ আদিকে ধৰি বহুকেইগৰাকী নবীন প্রবীণ শিল্পীয়ে। ইমন ফিল্মছ ক্ৰিয়েচনৰ বেনাৰত ছবিখনৰ প্রযোজনা বিপুল চন্দ্র দাস আৰু ইতি গগৈ দাসৰ। কাহিনী আৰু পৰিচালনা অসীম বৈশ্যৰ। চিত্রনাট্য-সংলাপ লিখিছে মৃদুল কুমাৰ বৰাই। ছবিখনৰ মুখ্য সহকাৰী পৰিচালক প্রশান্ত বৰা। সহকাৰী পৰিচালক উৎপল কুমাৰ বর্মন আৰু অংকুৰ ডেকা। ৰূপসজ্জা ভাস্কৰজ্যোতি দত্ত আৰু ভূমিকা তালুকদাৰ। সম্পাদনা অসীম শর্মাৰ। গুৱাহাটীৰ লগতে ৰাজ্যৰ ভিন্ন স্থানত ছবিখনিৰ দৃশ্যগ্ৰহণ কৰিছে চিন্ময় ৰাভাই। উল্লেখ্য যে অহা ৫ জুলাইত ছবিখনিয়ে মুক্তিলাভ কৰিব।
Leave a Comment
Your email address will not be published. Required fields are marked with *