দৰংঃ সম্প্ৰতি বজাৰত এখন ফুলাম গামোচাৰ দৰ কিমান হ’ব পাৰে? থলুৱা শিপিনীৰ দ্বাৰা বৈ দিয়া ফুলাম গামোচা ২ লাখ ৫ হেজাৰ টকাত বিক্ৰী হ’ব পাৰে নে? অবিশ্বাস্য যদিও সত্য! দৰঙৰ ডাঁহী অৰ্জুনতল শ্ৰীবিষ্ণু মন্দিৰত সোমবাৰে এখন ফুলাম থলুৱা গামোচা ২ লাখ ৫ হেজাৰ টকাত বিক্ৰী হয়। দেৱবস্ত্ৰ হিচাপে নামাংকৃত এই বিশেষ ফুলাম গামোচাখন স্থানীয় যুৱক
দৰংঃ সম্প্ৰতি বজাৰত এখন ফুলাম গামোচাৰ দৰ কিমান হ’ব পাৰে? থলুৱা শিপিনীৰ দ্বাৰা বৈ দিয়া ফুলাম গামোচা ২ লাখ ৫ হেজাৰ টকাত বিক্ৰী হ’ব পাৰে নে? অবিশ্বাস্য যদিও সত্য! দৰঙৰ ডাঁহী অৰ্জুনতল শ্ৰীবিষ্ণু মন্দিৰত সোমবাৰে এখন ফুলাম থলুৱা গামোচা ২ লাখ ৫ হেজাৰ টকাত বিক্ৰী হয়। দেৱবস্ত্ৰ হিচাপে নামাংকৃত এই বিশেষ ফুলাম গামোচাখন স্থানীয় যুৱক তথা অভিযন্তা ৰাকেশ শৰ্মাই অবিশ্বাস্য দৰত শৰ্মাৰ মাতৃ প্ৰয়াত মিনু দেৱীৰ নামত নিলামযোগে ক্ৰয় কৰে। ৰাকেশ শৰ্মা দৰঙৰ বিদ্যুৎ বিভাগৰ অৱসৰ কৰ্মচাৰী দিনেশ্বৰ শৰ্মাৰ পুত্ৰ আৰু সু-চিকিৎসক ডাঃ দুৰ্গা শৰ্মাৰ ভতিজা আৰু সম্প্ৰতি অভিযন্তা হিচাবে কৰ্মৰত। লক্ষণীয় যে, ডাঁহী অৰ্জুনতল বিষ্ণুমন্দিৰৰ বিষ্ণু হোম আৰু জেঠমহীয়া ৰাইজৰ সবাহকলৈ প্ৰতি বছৰে দেৱবস্ত্ৰ নিলাম অনুস্হিত কৰি আহিছে।
প্ৰকৃততে এখন ফুলাম গামোচা অধিবাসৰ দিনাৰে পৰা মন্দিৰত বিশেষ পূজা-অৰ্চনাৰে থাপনা থাপি দেৱবস্ত্ৰ হিচাপে ৰাইজৰ মাজত দ্বিতীয় দিনা নিলামত এৰি দিয়া হয়। এই বিশেষ গামোচাখনে মন্দিৰত পূজাৰ পাছত বিশেষ গুণ অৰ্জন কৰা বুলি স্থানীয় ৰাইজে বিশ্বাস কৰে আৰু নিলামত ক্ৰয় কৰিবলৈ হেতা-ওপৰা লগায়। বিগতবৰ্ষতো এনে দেৱবস্ত্ৰৰূপী ফুলাম গামোচা দুই লাখৰোধিক মূল্যত নিলাম হৈছিল। স্থানীয় ৰাইজে নিলামযোগে লাভ কৰা ধন মণিকূট নিৰ্মানত ব্যৱহাৰ কৰাৰ সংকল্প লৈ এই নিলামৰ আয়োজন কৰি আহিছে। দেৱবস্ত্ৰ নিলাম প্ৰক্ৰিয়া ২০১০/১১ চন মানৰে পৰা আৰম্ভ হৈছিল। ইতিপূৰ্বে এই নিলামৰ ধন ব্যৱহাৰ কৰি মন্দিৰৰ মূলচোৱা দুমহলীয়াকৈ নিৰ্মান কৰাৰ পাছত পুনৰ দুমহলীয়া মণিকূট নিৰ্মানাৰ্থে জমা কৰা হৈছে। এইবছৰ মঙলদৈ কলেজৰ অধ্যক্ষ কমলা কান্ত বৰাই মুকলি কৰা কাৰ্যসূচীত অৱসৰী অধ্যাপক পৰেশ শৰ্মাৰ সঞ্চালনা কৰাৰ লগতে দেৱবস্ত্ৰ নিলাম প্ৰক্ৰিয়াত মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক হিমাংশু ডেকা, সভাপতি হৰিদেৱ শৰ্মা, পূৰ্বৰ সভাপতি খীতেশ্বৰ শৰ্মাৰ লগতে খঙি ডেকা সহ ভিন্নজনে সহায় সহযোগ কৰে। কাৰ্যসূচীৰ আঁতধৰে যুৱ সমাজসেৱী হিৰণ্য ডেকাই।


















Leave a Comment
Your email address will not be published. Required fields are marked with *