নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২১ মে’: অধিক সময় পাঠ্যপুথিৰ মাজত ব্যস্ত থকা অসমীয়া শিশু সকল এটি সংস্কৃতিৱান মন বা প্ৰতিভাৰ অধিকাৰী ৷ সেই কথা সময়ে সময়ে প্ৰতিপন্ন কৰি আহিছে একাংশ নগঞা শিশুয়ে ৷ এইবাৰ এনে এক প্ৰতিভাৰ উমান পোৱা গ’ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মভূমি বটদ্ৰৱাৰ এটি শিশুৰ ক্ষেত্ৰত ৷ কিয়নো এই শিশুটিয়ে সুন্দৰকৈ পৰিবেশন
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২১ মে’: অধিক সময় পাঠ্যপুথিৰ মাজত ব্যস্ত থকা অসমীয়া শিশু সকল এটি সংস্কৃতিৱান মন বা প্ৰতিভাৰ অধিকাৰী ৷ সেই কথা সময়ে সময়ে প্ৰতিপন্ন কৰি আহিছে একাংশ নগঞা শিশুয়ে ৷ এইবাৰ এনে এক প্ৰতিভাৰ উমান পোৱা গ’ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মভূমি বটদ্ৰৱাৰ এটি শিশুৰ ক্ষেত্ৰত ৷ কিয়নো এই শিশুটিয়ে সুন্দৰকৈ পৰিবেশন কৰা দেখা গ’ল অসমীয়াৰ স্বভিমান বিহুৰ অন্যতম উপাদান ঢোল বাদন ৷ এই শিশুটি হৈছে বটদ্ৰৱাৰ সাংস্কৃতিৱান ব্যক্তি তথা অৱসৰী শিক্ষক তুৱাৰাম বৰুৱাৰ পুত্ৰ নিবিৰ নয়না বৰুৱা ৷ স্থানীয় দময়ন্তী বালা মেমৰিয়েল ইংলিছ একাডেমীৰ পঞ্চম শ্ৰেণীৰ কনমানী ছাত্ৰ নিবিৰে পঢ়া-শুনাৰ সমান্তৰালকৈ অব্যাহত ৰাখিছে ঢোল বাদনৰ সাধনা ৷ এই কনমানী শিশুটিয়ে শেহতীয়াকৈ নিজৰ অধ্যয়নৰত শিক্ষানুষ্ঠানখনত আয়োজিত বাৰ্ষিক দিৱসৰ সাংস্কৃতিক অনুষ্ঠানত সুন্দৰকৈ ঢোল বাদন কৰি উপস্থিত সকলোকে বেছ আপ্লুত কৰিবলৈ সক্ষম হয় ৷


















Leave a Comment
Your email address will not be published. Required fields are marked with *