728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

ৰাইদঙীয়াৰ ক’ৰচুঙত সোনাইপৰীয়া ৰঙালী বিহু উৎসৱৰ আয়োজন

ৰাইদঙীয়াৰ ক’ৰচুঙত সোনাইপৰীয়া ৰঙালী বিহু উৎসৱৰ আয়োজন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩০ এপ্ৰিলঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত ৰাইদঙীয়াৰ ক’ৰচুং সত্ৰ ৰাস মন্দিৰ প্ৰাংগণত বিগত বৰ্ষবোৰৰ দৰে এইবেলিও “বিহু বিনন্দীয়া” শীৰ্ষক সোনাইপৰীয়া ৰঙালী বিহু উৎসৱটি অহা ৪ আৰু ৫ মে’ত দুদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে উদযাপনৰ দিহা কৰা হৈছে ৷ এইবাৰ ১৭ তম্ বৰ্ষত পদাৰ্পণ কৰা এই উৎসৱটি সুচাৰুৰূপে উদযাপন কৰাৰ অৰ্থে প্ৰবীন হাজৰিকাক

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩০ এপ্ৰিলঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত ৰাইদঙীয়াৰ ক’ৰচুং সত্ৰ ৰাস মন্দিৰ প্ৰাংগণত বিগত বৰ্ষবোৰৰ দৰে এইবেলিও “বিহু বিনন্দীয়া” শীৰ্ষক সোনাইপৰীয়া ৰঙালী বিহু উৎসৱটি অহা ৪ আৰু ৫ মে’ত দুদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে উদযাপনৰ দিহা কৰা হৈছে ৷ এইবাৰ ১৭ তম্ বৰ্ষত পদাৰ্পণ কৰা এই উৎসৱটি সুচাৰুৰূপে উদযাপন কৰাৰ অৰ্থে প্ৰবীন হাজৰিকাক সভাপতি, দেৱানন্দ শৰ্মা আৰু বিচিত্ৰ কুমাৰ বৰাক কাৰ্যকৰী সভাপতি, ৰাজীৱ বৰাক সম্পাদক আৰু অনুপ বৰাক সাংস্কৃতিক সম্পাদক হিচাপে লৈ এখনি শক্তিশালী উদযাপন সমিতি গঠনেৰে প্ৰয়োজনীয় প্ৰস্তুতি চলাই থকা হৈছে ৷ প্ৰকাশিত কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱাৰ ভাগত পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনৰ অন্তত কবিতা আবৃত্তি আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ বিয়লি এক বজাৰ পৰা ভেশচন আৰু সাধুকোৱা প্ৰতিযোগিতাৰ পিছতে জিলা ভিত্তিক গুৰু দেৱ দাস সোঁৱৰণি জেং বিহু প্ৰতিযোগিতাৰ লগতে মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ সন্ধিয়া স্থানীয় আৰু আমন্ত্ৰিত শিল্পীসকলৰ দ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ দ্বিতীয় দিনা পুৱাৰ ভাগত ছাত্ৰ-ছাত্ৰী আৰু মহিলাৰ মাজত বিভিন্ন খেল-ধেমালী প্ৰতিযোগিতাৰ লগতে বিয়লি পিঠা-পনা, উৰুলি, বিয়ানাম আৰু জাতীয় সাজ-পাৰ পৰিধান প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ সন্ধিয়া বঁটা বিতৰণী অনুষ্ঠানৰ পিছতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ উক্ত অনুষ্ঠানত ৰহাৰ ৰূপজ্যোতি আঞ্চলিক বিহুদলে আকৰ্ষণীয় বিহুনৃত্য প্ৰদৰ্শন কৰাৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী অৰুন্ধতী ভানুপ্ৰিয়াই গীতৰ শৰাই আৰু বেহাৰবাৰী আউট প’ষ্টৰ “মুকুতা দা” খ্যাত অভিনেতাগৰাকীয়ে কৌতুকানুষ্ঠান পৰিবেশন কৰিব বুলি উদ্যোক্তাসকলৰ হৈ বিপুল বৰাই জানিবলৈ দিছে ৷

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!